Logo
image

পৰিবহণ কৰৰ নিৰ্দেশনা বাতিলৰ দাবী কংগ্ৰেছৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনৰ আর্থিক অৱস্থা ইমানেই সংকটজনক যে তেওঁলোকে আগন্তুক বিধানসভাৰ অধিৱেশনলৈকো অপেক্ষা কৰাৰ ধৈৰ্য ধৰিব নোৱাৰি অধ্যাদেশ জাৰি কৰি ব্যাপক হাৰত পৰিবহণ কৰ বৃদ্ধি কৰি সৰ্বসাধাৰণ ৰাইজক অধিক আর্থিক সংকটৰ মাজলৈ ঠেলি দিবলৈ কুন্ঠাবোধ কৰা নাই। এটা বিবৃতিত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ, বিধায়ক ভৰত চন্দ্ৰ নৰহে কয় যি হেতুকে অধ্যাদেশ যোগে জাৰি কৰা নতুন গাড়ীৰ পঞ্জীয়নৰ মাচুল বিশেষকৈ ২০ লাখ টকাতকৈ অধিক মূল্যৰ বাহনত ১৪% শতাংশ কৰ বৃদ্ধিৰ ফলত বাহনসমূহৰ মূল্য অত্যধিক বৃদ্ধি হব। ফলস্বৰূপে বাছ, ট্ৰাক আদি গাৰীৰ দাম বঢ়াৰ লগে লগে ভাড়াও বৃদ্ধি পাব। ট্রাক যোগে বহন কৰা নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্য আকাশলংঘী হব। সৰ্বসাধাৰণ ৰাইজৰ ক্ৰয় ক্ষমতাৰ ঊৰ্ধত মূল্যবৃদ্ধি হোৱাৰ পূৰা মাত্ৰাই সম্ভাৱনা আছে। পূৰ্বতে ৩০ লাখ টকাতকৈ অধিক মূল্যৰ বাহনতহে ১৪ শতাংশ কৰ আছিল। এনেদৰে চৰকাৰখনে এফালে উন্নয়নৰ কথা কৈ আনফালে অপৰিকল্পিত ভাৱে নানান বিষয়ত সময়ে অসময়ে কৰ বৃদ্ধি কৰি সৰ্বসাধাৰণৰ ওপৰত মাধমাৰ সোধাই ৰাইজৰ ওপৰত যি চৰকাৰী শোষণ আৰম্ভ কৰিছে তাক আমি বিৰোধ কৰিছো আৰু এনেদৰে ৰাইজক মাধমাৰ সোধাই কৰা বৃদ্ধি কৰাৰ চৰকাৰী নিৰ্দেশনাক বাতিল কৰিবলৈ দাবী জনাইছো।