Logo
image

কাজিৰঙাৰ পথত বানেখেদা গঁড

‘আমাৰ অসম’ৰ কাজিৰঙাৰ প্ৰতিবেদক, ২১ জুলাইঃ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্লাৱিত কৰাত এতিয়া গঁড়, হাতী, পহুকে ধৰি বন্যপ্ৰাণীবোৰৰ খাদ্য আৰু বিচৰণৰ বাবে কিছু সমস্যা হৈ পৰিছে৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীবোৰে আশ্ৰয় বিচাৰি ওখ ঠাইলৈ ঢাপলি মেলিছে৷ আজি বানপানীৰ পৰা ৰক্ষা পাবলৈ ওখ ঠাই বিচাৰি অহা এটা প্ৰকাণ্ড গঁড়ে দিনৰ ভাগত এক কথাত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ  অধীনত হালধিবাৰী এনিমেল কৰিডৰত অৰ্থাৎ ৩৭ ৰাষ্ট্ৰীয় ঘাইপথত এটা গঁড়ে কিছুসময় বিচৰণ কৰাত পথচাৰীক শংকিত কৰি তোলে৷ ৰাষ্ট্ৰীয় পথত উজনি- নামনিলৈ চলাচল কৰা যান-বাহন কিছুসময় ৰখাই দিবলৈ বাধ্য হয়৷ ফলত ৰাষ্ট্ৰীয় পথত যাতায়াত কিছু সময়ৰ কাৰণে স্তব্ধ হৈ পৰিছিল৷ উল্লেখ্য ৰাষ্ট্ৰীয় উদ্যানখন প্লাৱিত হোৱাৰ বাবে গঁড়টোৱে খাদ্য আৰু নিৰাপদ আশ্ৰয় স্থল বিচাৰি আহিছিল৷ কহঁৰা বনাঞ্চলৰ অধীনত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰধান হালধিবাৰী এনিমেল কৰিডৰেদি পথ অতিক্ৰম কৰাৰ চেষ্টা কৰোঁতে এই পৰিস্থিতিৰ সৃষ্টি হৈছিল৷  গঁড়টো ৰাষ্ট্ৰীয় পথৰ কাষত থকা¸ ঝাৰণিত সোমাই পৰাত বনকৰ্মীয়ে পুনৰ পথ মুকলি কৰি দিয়ে৷ ৰাষ্ট্ৰীয় পথ কিছু সময়ৰ বাবে বন্ধ হৈ পৰাত উজনি-নামনিলৈ চলাচল কৰা শ শ যান-বাহন আৱদ্ধ হৈ পৰিছিল৷ বৰ্তমান গঁড়টো ৰাষ্ট্ৰীয় পথৰ কাষতেই অৱস্থান গ্ৰহণ কৰি আছে যদিও পুনৰ ৰাষ্ট্ৰীয় পথলৈ অহাৰ সম্ভাৱনা আছে৷ বন বিভাগৰ লোকে গঁড়টোৰ গতিবিধি পৰ্যবেক্ষণ কৰি আছে৷ উল্লেখ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হালধিবাৰী এনিমেল কৰিডৰ অতি স্পৰ্শকাতৰ ঠাই হিচাপে পৰিগণিত হৈ পৰিছে৷ এই এনিমেল কৰিডৰত গঁড়, হাতী, বাঘ আদি বন্যপ্ৰাণীয়ে পথচাৰীৰ লগতে যান- বাহনক আক্ৰমণ কৰাৰ ঘটনা সঘনাই হব ধৰিলে৷ ৰাষ্ট্ৰীয় পথত চলাচল কৰা যান-বাহন তথা পথচাৰীৰ নিৰাপত্তা নোহোৱা হৈ পৰাৰ অভিযোগ উঠিছে৷ কাৰণ বন বিভাগৰ যিমান সংখ্যক লোক উক্ত গুৰুত্বপূৰ্ণ এনিমেল কৰিডৰটোত থকাৰ প্ৰয়োজন সেই অনুপাতে মাত্ৰ দুজন বনকৰ্মীয়ে কৰ্তব্য কৰি থকাত ৰাইজ শংকিত হৈ পৰিছে৷ উল্লেখ্য হালধিবাৰী এনিমেল কৰিডৰ তথা হাতীখুলি চাহ বাগিচাত বৰ্তমান কেইবাটাও গঁড়, গাহৰি, পহু আদি জন্তুৱে আশ্ৰয় লৈ আছে৷ হাতীখুলি চাহ বাগিচাত গঁড়, ম’হ, গাহৰি আদি বন্যপ্ৰাণী বিচৰণ কৰি থকাৰ বাবে চাহ বাগিচাৰ শ্ৰমিকে কৰ্তব্য কৰাত ভীষণ সমস্যাৰ সৃষ্টি হৈছে৷ বাগিচা কতৃৰ্পক্ষই বানপানীৰ সময়ত বন্যপ্ৰাণীবোৰে বাগিচা এলেকাত আশ্ৰয় লৈ থাকাৰ বাবে উক্ত এলেকাত কৰ্তব্য বন্ধ কৰিবলৈ বাধ্য হৈছে৷ কাৰণ ইয়াৰ পূৰ্বে বিশেষকৈ গঁড়ৰ আক্ৰমণত চাহ বাগিচাখনৰ শ্ৰমিক মৃত্যুৰ মুখত পৰিব লগা হৈছিল৷

কাজিৰঙাত বানপানী, গঁড়ৰ মৃতদেহ উদ্ধাৰ 

‘আমাৰ অসম’ৰ কাজিৰঙাৰ প্ৰতিবেদকঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমান্বয়ে বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বৰ্তমান ৪০ শতাংশ বনাঞ্চল এতিয়াও পানীৰ তলত বুৰ গৈ আছে৷ ফলত বন্যপ্ৰাণীবোৰৰ কিছু সমস্যাৰ সৃষ্টি হৈছে৷ বিভাগীয় তথ্যৰ পৰা জানিব পৰা মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ নিৰাপত্তাৰ খাতিৰত মুঠ ২২৩টা বন শিবিৰ আছে৷ ইয়াৰে ৩২টা বন শিবিৰ বৰ্তমান পানীৰ তলত আছে৷ অগৰাতলি বনাঞ্চলৰ অধীনত ৬টা, কহঁৰা বনাঞ্চলত ১৪, বাগৰিত ১১ আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ অধীনত ৰটা বন শিবিৰৰ তলেদি পানী বৈ আছে৷ এতিয়াও ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বনকৰ্মীয়ে টহল দিয়া বাট- পথৰ বহু অংশ পানীৰ তলত বুৰ গৈ থকাৰ বাবে বনকৰ্মীয়ে কাঠৰ হাত নাৱেৰে নিৰাপত্তাৰ দিশত কাম কৰি আছে৷ উদ্যান কতৃৰ্পক্ষই উদ্যানৰ ভিতৰত থকা সকলো বন শিবিৰত খাদ্যৰ যোগান ধৰাৰ ব্যৱস্থা কৰি আছে যাতে বানপানীৰ সময়ত কোনো সুৰক্ষাকৰ্মীৰ খাদ্যৰ নাটনি নহয়৷ ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানী সম্পূৰ্ণৰূপে শুকাবলৈ যথেষ্ট দিন লাগিব বুলি উদ্যান কতৃৰ্পক্ষই জানিবলৈ দিয়ে৷ ৰাষ্ট্ৰীয় উদ্যানখনত পানী শুকাই অহাৰ লগে লগে প্ৰতিদিেন বন্যপ্ৰাণীৰ মৃতদেহ উদ্ধাৰ হৈ আছে৷ বিভাগীয় তথ্যৰ পৰা জানিব পৰা মতে আজি এটা প্ৰাপ্তবয়স্ক মতা গঁড়ৰ মৃতদেহ বনকৰ্মীয়ে উদ্ধাৰ কৰিছে৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংমণ্ডল বিষয়া অৰুণ বিগণেশে জানিবলৈ দিয়া মতে এই গঁড়টো কহঁৰা বনাঞ্চলৰ ঢেকীয়াখোৱা বন শিবিৰ এলেকাত বনকৰ্মীয়ে উদ্ধাৰ কৰে৷ প্ৰাপ্তবয়স্ক মতা গঁড়টো বৃদ্ধ হৈ অৰ্থাৎ স্বাভাৱিক কাৰণত মৃত্যু হৈছে বুলি উদ্যান কতৃৰ্পক্ষই প্ৰকাশ কৰিছে৷ এতিয়ালৈকে ৰাষ্ট্ৰীয় উদ্যানখনত মুঠ সাতটা বন্যপ্ৰাণীৰ মৃত্যু হৈছে৷ ইয়াৰে পানীত ডুবি এট বনৰীয়া ম’হ আৰু পহু মৃত্যুৰ মুখত পৰিছে৷ গাড়ীৰ চেপাত এটা পহুৰ মৃত্যু হৈছে৷ অন্যহাতে খাদ্য আৰু দিশহাৰা হৈ বানপানীৰ পৰা ৰক্ষা পাবলৈ ওলাই অহা কেইবাটাও পহু উদ্ধাৰ কৰা হৈছিল যদিও ইয়াৰে দুটা পহু কাজিৰঙাৰ পানবাৰীত অৱস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত চিকিৎসা কৰি থকা অৱস্থাত মৃত্যু হয়৷ উদ্যান কতৃৰ্পক্ষৰ মতে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে পূৰ্বৰ তুলনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানে ত্ৰাসৰ সৃষ্টি কৰা নাই৷ ৰাষ্ট্ৰীয় উদ্যানখনত এনেধৰণৰ বানপানীৰ প্ৰয়োজন আছে৷ আন বছৰৰ তুলনাত এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ পৰা বন্যপ্ৰাণী আন ঠাইলৈ ঢাপলি মেলাৰ সংখ্যা কম৷ উল্লেখ্য বিগত বৰ্ষবোৰত বানপানীৰ সময়ত বন্যপ্ৰাণী প্ৰধানকৈ যথেষ্ট সংখ্যক পহু উদ্ধাৰ কৰা হৈছিল৷ এইবাৰ কিন্তু তেনে ধৰণে কৰিবলগীয়া হোৱা নাই৷ কাৰণ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া ৰাইজ বন্যপ্ৰাণীৰ প্ৰতি যথেষ্ট সজাগ হৈ উঠাত এনে পৰিস্থিতি সৃষ্টি হৈছে৷ এইটো ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাৰ কাৰণে এটা ভাল লক্ষণ বুলিও বন্যপ্ৰাণী বিজ্ঞানীয়ে মত প্ৰকাশ কৰে৷ কাৰণ বানপানীৰ সময়ত আশ্ৰয় ল’বলৈ অহা পহুক উদ্ধাৰ কৰি বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত জমা দিয়া হয় যদিও কেপচাৰ মায়পেথি নামৰ এটা ৰোগত আক্ৰান্ত হৈ ৰাইজে উদ্ধাৰ কৰা অধিক সংখ্যক পহু মৃত্যুৰ মুখত পৰে৷ বানপানীৰ সময়ত আশ্ৰয় ল’বলৈ অহা পহুকে ধৰি বন্যপ্ৰাণী কাষৰীয়া অঞ্চলত থাকে৷ বানপানী হ্ৰাস পালে পুনৰ নিজৰ ঠাইলৈ উভতি যায়৷ স্থানীয় ৰাইজে বন্যপ্ৰাণীয়ে আশ্ৰয় লৈ থকোতে চোৰাং চিকাৰী, দুষ্কৃতিকাৰী বা ভতুৱা কুকুৰৰ দ্বাৰা যাতে আক্ৰান্ত নহয় তাৰ প্ৰতি নজৰ দিয়াটো অতি প্ৰয়োজন বুলিও উদ্যান কতৃৰ্পক্ষই মত প্ৰকাশ কৰে৷