Logo
image

ফলকোডিনযুক্ত কফ্‌ ছীৰাপ নিষিদ্ধ, দেশত সতৰ্কতা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ জুলাইঃ ফলকোডিন উপাদানযুক্ত কফ ছীৰাপক লৈ দেশজুৰি সতৰ্কতা জাৰি কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে৷ মন্ত্ৰণালয়ৰ ঔষধ সম্বন্ধীয় শীৰ্ষ নীতি নিৰ্ধাৰক সংস্থা চেণ্ট্ৰেল ড্ৰাগ্‌ছ কণ্ট্ৰোল অৰ্গানাইজেশ্বনে এই সতৰ্কতা জাৰি কৰিছে৷ চিকিৎসক আৰু ৰোগী দুয়োপক্ষকে ফলকোডিন [এক প্ৰকাৰৰ আফিং] যুক্ত কাহৰ ছিৰাপ ব্যৱহাৰ কৰাৰ  পৰা বিৰত থাকিবলৈ কোৱা হৈছে৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই এই উপাদান যুক্ত কাহ ছিৰাপক লৈ উদ্বেগ প্ৰকাশ কৰিছে৷ উল্লেখ্য যে যিসকল ৰোগীয়ে অস্ত্ৰোপচাৰৰ এবছৰ পূৰ্বে এই উপাদান যুক্ত কাহৰ ছিৰাপ খাইছিল তেওঁলোক সংকটজনক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ ঘটনা সংঘটিত হৈছে৷ অস্ত্ৰোপচাৰৰ পূৰ্বে মাংসপেশী শিথিল কৰাৰ বাবে ফলকোডিনযুক্ত কাহৰ ছিৰাপ ব্যৱহাৰ কৰিলে শৰীৰত বিক্ৰিয়া কৰি সংকটজনক পৰিস্থিতিৰ সৃষ্টি কৰে৷ ইয়াৰ পিছতে ফলকোডিন যুক্ত কাহৰ ছিৰাপ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হয়৷