Logo
image

১৪% পৰ্যন্ত বাঢ়িল যান-বাহনৰ পঞ্জীয়ন মাচুল

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২১ জুলাইঃ অসম চৰকাৰে কোনো ধৰণৰ আগজাননী নিদিয়াকৈ ১৯ জুলাইত হঠাতে অসম ৰাজপত্ৰ যোগে ৰাজ্যপাল প্ৰদত্ত এক আদেশ অনুসৰি অধ্যাদেশ জাৰি কৰি যানবাহনৰ পঞ্জীয়ন মাচুল একেকোবে কেবাগুণ বৃদ্ধি কৰাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিশেষকৈ কভিড কেন্দ্ৰীক পৰিস্থিতিত মাধমাৰ খোৱা ৰাজ্যৰ পৰিবহণ খণ্ডটোৱে এই পঞ্জীয়ন মাচুল বৃদ্ধিৰ পাছত   একেবাৰে মাধমাৰ খাই ধবংসমুখী যাত্ৰা কৰাটো প্ৰায় নিশ্চিত হৈ পৰিল৷  ইফালে হঠাতে অধ্যাদেশ জাৰি কৰি যানবাহনৰ পঞ্জীয়ন কৰ বৃদ্ধি কৰা বিষয়টোক লৈ পৰিবহণ উদ্যোগটোত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কিয়নো পূৰ্বতে পঞ্জীয়ন কৰ বৃদ্ধি কৰিলে কেবিনেটত অনুমোদন কৰা হৈছিল বা বিধানসভাৰ অধিবেশনত বিষয়টো উত্থাপন কৰা হৈছিল৷ প্ৰথম বাৰৰবাবে এইবেলি যানবাহনৰ পঞ্জীয়ন মাচুল বৃদ্ধি কৰাৰ সময়ত দুয়োটাৰ এটাও কৰা নহল৷ ইয়াৰ বিপৰীতে অধ্যাদেশ জাৰি কৰি কোনো ধৰণৰ আগজাননী নিদিয়াকৈ হঠাতে কেবাগুণ বৃদ্ধি কৰা হল পঞ্জীয়ন মাচুল৷  কিন্তু যিটো হাৰত পঞ্জীয়ন মাচুল বৃদ্ধি কৰা হল সিয়ে পূৰ্বৰ বৃদ্ধিৰ সকলো অভিলেখ ভংগ কৰে৷ ৰাজ্যপাল প্ৰদত্ত আদেশ অনুসৰি অসম মটৰ বাহন কৰ [সংশোধিত] অধ্যাদেশ, ২০২৩ অনুসৰি এতিয়াৰ পৰা নতুন গাড়ী ক্ৰয় কৰাৰ সময়ত গ্ৰাহকে পূৰ্বতকৈ কেবাগুনো অধিক পঞ্জীয়ন মাচুল ভৰিব লাগিব৷ পূৰ্বে বাহনৰ দাম ভেদে সাতটা পৰ্যায়ত গ্ৰাহকে পঞ্জীয়ন কৰ আদায় দিব লাগিছিল৷ কিন্তু সংশোধিত অধ্যাদেশ অনুসৰি এতিয়াৰে পৰা গ্ৰাহকে বাহনৰ দাম ভেদে চাৰিটা পৰ্যায়ত কৰ দিব লাগিব৷ অধ্যাদেশৰ জৰিয়তে ধাৰ্য কৰা নতুন নিৰিখ অনুসৰি ৩ লাখ টকা মূল্য পৰ্যন্ত নতুন চাৰিচকীয়া বাহন পঞ্জীয়নৰ ক্ষেত্ৰত ৪.৫শতাংশ কৰ, ৩ লাখ টকাৰ পৰা ১০ লাখ টকা মূল্যৰ বাহনৰ ক্ষেত্ৰত ৭ শতাংশ, ১০ লাখ টকাৰ পৰা ২০ লাখ টকা মূল্যৰ বাহনৰ ক্ষেত্ৰত ১০ শতাংশ আৰু ২০ লাখ টকাতকৈ অধিক মূল্যৰ বাহনৰ ক্ষেত্ৰত ১৪ শতাংশ পঞ্জীয়ন মাচুল বা কৰ আদায় দিব লাগিব৷ আনহাতে দুচকীয়া বাহন বা মটৰ চাইকেল ক্ৰয়ৰ ক্ষেত্ৰতো পঞ্জীয়ন মাচুল বৃদ্ধি কৰা হৈছে৷ ধাৰ্য কৰা নিৰিখ অনুসৰি এক লাখ টকা পৰ্যন্ত মটৰ চাইকেলত ৬ শতাংশ, এক লাখৰ পৰা ৩ লাখ টকা মূল্যৰ মটৰ চাইকেলত ৮ শতাংশ আৰু ৩ লাখতকৈ অধিক মূল্যৰ মটৰ চাইকেলৰ ক্ষেত্ৰত ৯ শতাংশ পৰ্যন্ত পঞ্জীয়ন মাচুল বা কৰ আদায় দিব লাগিব৷ ইয়াৰ পূৰ্বে ৪ লাখ টকা পৰ্যন্ত মূল্যৰ বাহনতহে গ্ৰাহকে কৰ দিব লগা হৈছিল ৫ শতাংশ৷ কিন্তু নতুন নিৰিখ অনুসৰি তিনি লাখতকৈ অধিক মূল্যৰ বাহন হ’লেই গ্ৰাহকে ৭ শতাংশ কৰ দিব লাগিব৷ একেদৰে পূৰ্বতে ১২ লাখ টকা পৰ্যন্ত বাহনৰ ক্ষেত্ৰত কৰৰ পৰিমাণ আছিল ৭ শতাংশ৷ কিন্তু নতুন নিৰিখ অনুসৰি ১০ লাখ টকাৰ ওপৰৰ বাহনতে গ্ৰাহকে কৰ দিব লাগিব ১০ শতাংশ৷ অনুৰূপ ধৰণে পূৰ্বতে ২০ লাখ টকা মূল্য পৰ্যন্ত বাহনত কৰ নিৰ্ধাৰণ কৰা হৈছিল ৯ শতাংশ৷ নতুন নিৰিখ অনুসৰি ২০ লাখ টকা পৰ্যন্ত বাহনত গ্ৰাহকে কৰ দিব লাগিব ১০ শতাংশ৷ আগতে ২০ লাখ টকাতকৈ অধিক মূল্যৰ গাড়ীৰ পঞ্জীয়নৰ ক্ষেত্ৰত কৰ দিব লগা হৈছিল ১২ শতাংশ৷ কিন্তু অধ্যাদেশৰ জৰিয়তে এতিয়া ২০ লাখ টকাতকৈ অধিক মূল্যৰ বাহনৰ ক্ষেত্ৰত ১৪ শতাংশ কৰ নিৰ্ধাৰণ কৰা হৈছে৷ পূৰ্বতে ৩০ লাখ টকাতকৈ অধিক মূল্যৰ বাহনৰ ক্ষেত্ৰতহে ১৪ শতাংশ কৰ নিৰ্ধাৰণ কৰা হৈছিল৷ নতুন বাহনৰ পঞ্জীয়নৰ ক্ষেত্ৰত কৰৰ পৰিমাণ বৃদ্ধিয়ে নতুনকৈ যিসকল লোকে বাহন ক্ৰয় কৰিব তেওঁলোকক মাধমাৰ শোধোৱাৰ বাট প্ৰশস্ত কৰি তুলিছে৷ কিয়নো পঞ্জীয়ন মাচুলৰ সমান্তৰালভাৱে গ্ৰাহকে বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত জি এছ টিকে ধৰি অন্যান্য মাচুল আদায় দিব লাগিব৷ অৱশ্যে এই পৰ্যন্ত পৰিবহণ খণ্ডৰ সৈতে জড়িত সংস্থা সমূহে যানবাহনৰ পঞ্জীয়ন মাচুল বৃদ্ধি কৰা সন্দৰ্ভত কোনো ধৰণৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷ কিন্তু ইয়াৰ ফলত পুনৰ যানবাহনৰ ভাড়া বৃদ্ধি পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিল৷ আনহাতে পূৰ্বতে অসম চৰকাৰে চুবুৰীয়া ৰাজ্য সমূহৰ সৈতে প্ৰতিযোগিতা কৰি ব্যক্তিগত খণ্ডৰ যানবাহনৰ পঞ্জীয়ন কৰ ১৫ বছৰৰ পৰা ৫ বছৰলৈ হ্ৰাস কৰিছিল৷  কিন্তু নতুন অধ্যাদেশখনত পুনৰ আগৰ দৰে ইয়াক ১৫ বছৰলৈ উন্নীত কৰা হৈছে৷ ফলত বিলাসী বাহন ক্ৰয় কৰা একাংশ গ্ৰাহকে আগৰ দৰে মেঘালয়, নাগালেণ্ডকে ধৰি চুবুৰীয়া ৰাজ্যত বাহন পঞ্জীয়ন কৰিব আৰু অসম চৰকাৰে এক বুজন পৰিমাণৰ পৰিবহণ ৰাজহৰ পৰা বঞ্চিত হব বুলি আশংকা কৰা হৈছে৷

পৰিবহণ কৰৰ নিৰ্দেশনা শীঘ্ৰেই বাতিল কৰিবলৈ কংগ্ৰেছৰ দাবী

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদকঃ বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনৰ আৰ্থিক অৱস্থা ইমানেই সংকটজনক যে তেওঁলোকে আগন্তুক বিধানসভাৰ অধিৱেশনলৈকো অপেক্ষা কৰাৰ ধৈৰ্য্য ধৰিব নোৱাৰি অধ্যাদেশ জাৰি কৰি ব্যাপক হাৰত পৰিবহণ কৰ বৃদ্ধি কৰি সৰ্বসাধাৰণ ৰাইজক অধিক আৰ্থিক সংকটৰ মাজলৈ ঠেলি দিবলৈ কুণ্ঠাবোধ কৰা নাই৷ এটা বিবৃতিত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ, বিধায়ক ভৰত চন্দ্ৰ নৰহে কয় যি হেতুকে অধ্যাদেশ যোগে জাৰি কৰা নতুন গাড়ীৰ পঞ্জীয়নৰ মাচুল বিশেষকৈ ২০ লাখ টকাতকৈ অধিক মূল্যৰ বাহনত ১৪ শতাংশ কৰ বৃদ্ধিৰ ফলত বাহন সমূহৰ মূল্য অত্যধিক বৃদ্ধি হব৷ ফলস্বৰূপে বাছ, ট্ৰাক আদি গাৰীৰ দাম বঢ়াৰ লগে লগে ভাড়াও বৃদ্ধি পাব৷ ট্ৰাক যোগে বহন কৰা নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্য আকাশলঙঘী হব৷ সৰ্বসাধাৰণ ৰাইজৰ ক্ৰয় ক্ষমতাৰ উৰ্ধত মূল্য বৃদ্ধি হোৱাৰ পূৰা মাত্ৰাই সম্ভাৱনা আছে৷ পূৰ্বতে ৩০ লাখ টকাতকৈ অধিক মূল্যৰ বাহনতহে ১৪ শতাংশ কৰ আছিল৷ এনেদৰে চৰকাৰখনে এফালে উন্নয়নৰ কথা কৈ আনফালে অপৰিকল্পিত ভাৱে নানান বিষয়ত সময়ে অসময়ে কৰ বৃদ্ধি কৰি সৰ্বসাধাৰণৰ ওপৰত মাধমাৰ সোধাই ৰাইজৰ ওপৰত যি চৰকাৰী শোষণ আৰম্ভ কৰিছে তাক আমি বিৰোধ কৰিছো আৰু এনেদৰে ৰাইজক মাধমাৰ সোধাই কৰা বৃদ্ধি কৰাৰ চৰকাৰী নিৰ্দেশনাক বাতিল কৰিবলৈ দাবী জনাইছো৷