Logo
image

ডাঃ সংগীতাৰ আচৰণত হতভম্ব ন্যায়াধীশ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২১ জুলাইঃ শিশু নিৰ্যাতনৰ অভিযুক্ত চিকিৎসক ডাঃ সংগীতা দত্ত আৰু তেওঁৰ স্বামী ৱালিউল ইছলামক কালি আৰক্ষীয়ে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা গুৱাহাটীৰ পক্‌ছ’ আদালতত হাজিৰ কৰায়৷ গুৱাহাটীৰ পক্‌ছ’ আদালতৰ ভিতৰত উপস্থিত হৈ চিকিৎসক সংগীতা দত্তই বিকট চিঞৰ বাখৰ কৰি এক অবাঞ্চিত    পৰিস্থিতিৰ সৃষ্টি কৰে৷ পক্‌ছ’ আদালতৰ ভিতৰত সংগীতা দত্তই চিঞৰি চিঞৰি কান্দি আদালতৰ পৰিবেশ বিনষ্ট কৰে৷ স্বামী ৱালিউল ইছলামক জামিন নিদিলে সংগীতাকো জামিন নালাগে বুলি চিঞৰি চিঞৰি কৈ সংগীতা দত্তই কয় যে যদি ৱালিউলক জানিম দিয়ে তেন্তে মোকো জামিন দিব লাগিব৷ আদালতৰ ভিতৰত মানসিক চিকিৎসক ডাঃ সংগীতাৰ আচৰণ দেখি হতবাক হৈ পৰে আৰক্ষী, ন্যায়াধীশ-অধিবক্তা সকলে৷ আদালতৰ পৰা ওলাই আহি সংগীতা দত্তই সংবাদ মাধ্যমৰ আগত কয় যে মই জেলৰ পৰা ওলাই আহি ৰাইজক পুনৰ চিকিৎসা সেৱা কৰিম৷ জেলত মোক বহুত ৰোগীয়ে সাক্ষাৎ কৰিব আহে বুলি উল্লেখ কৰি সংগীতা দত্তই কয়— মই নিজেও জে’লত চিকিৎসা লৈ আছো, দীপিকা পাদুকণ, অনুস্কা শৰ্মা, বিৰাট কোহলীয়েও মনোৰোগ চিকিৎসা গ্ৰহণ কৰি আছে৷ মোৰ সন্তান দুটিলৈ বহু মনত পৰিছে৷ সংবাদ মাধ্যমত দেখিছোঁ আম্মা আৰু আব্বা বুলি কৈছে৷ কণমানি দুটালৈ মোৰ বহুত মনত পৰিছে৷ আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে৷ সময়ত সকলো কথা স্পষ্ট হব৷ ভগৱানৰ ওপৰত আমাৰ বিশ্বাস আছে৷ এইদৰে কয় সংগীতা দত্তই৷ ইপিনে, শিশু নিৰ্যাতনৰ অন্যতম অভিযুক্ত উৎপলা বসুৰ জামিন বিচাৰি আজি পৰিয়ালৰ লোকে পক্‌ছ’ আদালতত আবেদন জনায়৷ উৎপলা বসুৰ আবেদনৰ বিৰুদ্ধে অভিযোগকৰ্তাই আদালতত আপত্তি দৰ্শায়৷ অহা এক আগষ্ট আদালতে পৰৱৰ্তী শুনানিৰ তাৰিখ ধাৰ্য্য কৰিছে৷ উল্লেখ্য যে, জে’ললৈ প্ৰেৰণ কৰা হৈছিল শিশু নিৰ্যাতনৰ অভিযোগত অভিযুক্ত চিকিৎসক ডাঃ সংগীতা দত্ত আৰু তেওঁৰ স্বামীক৷ তোলনীয়া সন্তানক নিৰ্যাতন চলোৱা গুৱাহাটীৰ বিখ্যাত চিকিৎসক দম্পতী ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তক প্ৰথমে আটক কৰিছিল পল্টনবজাৰ আৰক্ষীয়ে৷ স্থানীয় লোকে তোলনীয়া সন্তানক ঘৰৰ ছাঁদত প্ৰখৰ ৰ’দত বান্ধি থোৱাৰ দৃশ্য কেমেৰাত বন্দী কৰি সমগ্ৰ বিষয়টো আৰক্ষীৰ দৃষ্টিগোচৰ কৰিছিল৷ ইয়াৰ পাছতে চাইল্ড লাইনৰ সহযোগত পল্টনবজাৰ আৰক্ষীয়ে প্ৰথমে ৱালিউল ইছলাম আৰু তাৰ পাছত সংগীতা দত্তক আটক কৰিছিল৷ ইয়াৰ পাছতে ৰাজ্যত শিশু সৰবৰাহৰ এক ভয়ংকৰ চক্ৰৰ বিষয়ে পোহৰলৈ আহিছিল৷ শিশু সৰবৰাহৰ সৈতে জড়িত কেইবাজনো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ সুদীৰ্ঘ দিন আৰক্ষী জিম্মাত থকাৰ পাছত সংগীতা দত্তক পুনৰ পকছ’ আদালতত হাজিৰ কৰোৱা হয়৷ আদালতে সংগীতা দত্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে ন্যায়ালয়ে সংগীতা দত্তৰ স্বামী তথা চিকিৎসক, শিশু নিৰ্যাতনকাৰী ৱালিউল ইছলামকো জে’ললৈ প্ৰেৰণ কৰিছিল৷