Logo
image

অষ্ট্ৰেলিয়াৰ ‘অন্নদা গোহাঁই থিয়েটাৰ’ত দুই গৌৰৱান্বিত পুত্ৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ জুলাইঃ দেশে স্বাধীনতা লাভ কৰাৰ আঠ বছৰৰ পাছত অৰ্থাৎ ১৯৫৫ চনত সাগৰীয় পথেৰে অষ্ট্ৰেলিয়ালৈ গৈ ছিড্‌নীস্থিত বিশ্ববিখ্যাত নিউ ছাউথ ৱেল্‌ছ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা অসমৰ বিদূষী মহিলা প্ৰয়াত অন্নদা গোহাঁই সমগ্ৰ অসমবাসীৰ বাবেই গৌৰৱ৷ কাৰণ চলিত বৰ্ষৰ এপ্ৰিল মাহত এইগৰাকী বিদূষী মহিলাৰ নামেৰেই অষ্ট্ৰেলিয়াৰ নিউ ছাউথ ৱেল্‌ছ বিশ্ববিদ্যালয়ৰ এটা প্ৰেক্ষাগৃহৰ নামকৰণ কৰা হয়৷ বিশ্ববিদ্যালয়খনৰ কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ ‘জি৬০’ লেকচাৰ থিয়েটাৰক ‘অন্নদা গোহাঁই     থিয়েটাৰ’ নাম দিয়া হয়৷ এই খবৰে সমগ্ৰ অসমবাসীকে গৌৰৱান্বিত কৰি তোলে৷ এনে বিৰল  সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলা হিচাপে পৰিগণিত প্ৰয়াত অন্নদা গোহাঁইৰ দুই পুত্ৰ উৎপল গোহাঁই আৰু মৃণাল গোহাঁয়ে অৱশেষত মাতৃয়ে অধ্যয়ন কৰা বিশ্ববিখ্যাত বিশ্ববিদ্যালয়খনত উপস্থিত হৈ প্ৰয়াত মাতৃলৈ শ্ৰদ্ধা জ্ঞাপন কৰে৷ মাতৃয়ে অধ্যয়ন কৰা বিখ্যাত বিশ্ববিদ্যালয়খনত বুধবাৰে পুৱা দহ বজাত উপস্থিত হৈ তেওঁলোক আৱেগিক হৈ পৰে৷ চকুৰ আগত ভাঁহি উঠে প্ৰয়াত মাতৃৰ মুখ৷ ১৯৫৫ চনত সাগৰীয় পথেৰে জাহাজেৰে অষ্ট্ৰেলিয়ালৈ কৰা মাতৃৰ কেইবাদিনীয়া যাত্ৰাৰ কথাও তেওঁলোকৰ মনলৈ আহে সেই আৱেগিক মুহূৰ্তত৷ উল্লেখ্য, অন্নদা গোহাঁয়ে বিশ্ববিদ্যালয়খনৰ ‘স্কুল অৱ কেমিকেল ইঞ্জিনিয়াৰিং’ত ফুড টেকন’লজী বিষয়ত অধ্যয়ন কৰিছিল আৰু ১৯৫৯ চনত ইয়াৰ পৰা  ‘মাষ্টাৰ্ছ অৱ ছায়েন্স’ ডিগ্ৰী লাভ কৰিছিল৷ এই বিভাগৰ পৰা এই ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা হোৱাৰ কৃতিত্বও অৰ্জন কৰিছিল তেওঁ৷ ‘অন্নদা গোহাঁই থিয়েটাৰ’ৰ বিৱৰণত এই কথাখিনি সুন্দৰকৈ উল্লেখ কৰি থোৱা আছে৷ সেয়া পঢ়ি দুই পুত্ৰৰ বুকু গৌৰৱত ফুলি উঠে৷ অন্নদা গোহাঁয়ে সেই সময়ত বিশ্ববিদ্যালয়ত কৰা গৱেষণাৰ বিষয় আছিল– Production of High Quality Orange Juice Concentrate. বুধবাৰে পুৱা দহ বজাত বিশ্ববিদ্যালয়ৰ কেমিকেল ইঞ্জিনিয়াৰিং বিভাগত উপস্থিত হোৱা উৎপল গোহাঁই, ভাতৃ মৃণাল গোহাঁই, মৃণাল গোহাঁইৰ পত্নীয়ে বিভাগৰ কেইবাজনো অধ্যাপক আৰু ভাৰতৰ পৰা পিএইচডি কৰিবলৈ যোৱা এজন ছাত্ৰক লগ ধৰি মত-বিনিময় কৰে৷ তেওঁলাকৰ সৈতে দুয়ো ভাতৃয়ে প্ৰয়াত মাতৃৰ বিষয়ে আলোচনা কৰে আৰু বিভাগৰ অধ্যাপকসকলে প্ৰয়াত অন্নদা গোহাঁইৰ সন্দৰ্ভত শ্ৰদ্ধাপূৰ্ণ আৰু উচ্ছসিত মন্তব্য কৰে৷ ভাতৃদ্বয়ে লগ পোৱা অধ্যাপকসকল হ’ল ক্ৰমে– প্ৰফেছৰ ৰ’জ আমাল, প্ৰফেছৰ গুৱাংঝাও মাও, কেইট পেঞ্চেল, ভাৰতীয় গৱেষক ছাত্ৰ ঋষি নায়ক৷ লগতে আছিল বিশ্ববিদ্যালয়খনৰ আৰ্কাইভিষ্ট কেইট বাৰ্ড৷ উল্লেখ্য, এইগৰাকী কেইটেই অসমৰ গোহাঁই উপাধিৰ শ শ লোকলৈ ই-মেইল প্ৰেৰণ কৰি প্ৰয়াত অন্নদা গোহাঁইৰ পৰিয়ালৰ সৈতে যোগাযোগৰ চেষ্টা চলাইছিল৷ তেনেদৰেই প্ৰয়াত অন্নদা গোহাঁইৰ পুত্ৰ মৃণাল গোহাঁয়ে এনে ই-মেইল লাভ কৰিছিল আৰু কেইটৰ সৈতে যোগাযোগ কৰিছিল৷ তেতিয়াহে এই বিৰল সন্মানৰ কথা সমগ্ৰ অসমৰ ৰাইজে জানিব পাৰিছিল৷ দুই পুত্ৰই মাতৃয়ে লিখা ফল-মূল আৰু শাক-পাচলি সংৰক্ষণ শীৰ্ষক এখন গ্ৰন্থ বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰৰ বাবে উপহাৰ দিয়ে৷ বিভাগৰ ফালৰ পৰাও দুই ভাতৃক দিয়া হয়উপহাৰ৷ উল্লেখ্য, অষ্ট্ৰেলিয়াত অধ্যয়ন সামৰি অসমলৈ ঘূৰি অহাৰ পাছত অন্নদা গোহাঁয়ে অসম চৰকাৰৰ কৃষি বিভাগত চাকৰিত যোগ দিছিল আৰু ১৯৮৭ চনত অসম চৰকাৰৰ কৃষি বিভাগৰ অতিৰিক্ত সঞ্চালক হিচাপে অৱসৰ লৈছিল৷ ২০১১ চনত তেওঁৰ মৃত্যু হৈছিল৷