Logo
image

লাহোৱালত কামৰূপ এক্সপ্ৰেছৰ খুন্দাত এজনৰ মৃত্যু

ডিজিটেল সংবাদ, ডিকমৰ প্ৰতিবেদকঃ সোমবাৰে সন্ধিয়া লাহোৱাল থানাৰ অন্তৰ্গত বকুল ৰে’ল গেটত কামৰূপ এক্সপ্ৰেছৰ খুন্দাত এজন লোকৰ মৃত্যু হয়৷ লাহোৱালৰ বকুল তিনিআলিৰ সমীপৰ ৰে’লগেট বন্ধ হৈ থকা স্বত্বেও ৰে’লপথ পাৰ হ’ব খোজোতেই ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখী কামৰূপ এক্সপ্ৰেছ ৰে’লখনে মহটিয়াই নিয়ে লোকজনক৷ মৃত লোকজনৰ পৰিচয় এতিয়াও জানিব পৰা নাই৷ ঘটনাস্থলীত লাহোৱাল আৰক্ষীৰ লগতে ৰে’ল আৰক্ষী উপস্থিত হৈ ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ কৰিছে৷ বাতৰি লিখা পৰলৈকে লোকজনক চিনাক্ত কৰিব নাই যদিও চাহ বাগিচাৰ শ্ৰমিক বুলি সন্দেহ প্ৰকাশ কৰা হৈছে৷