Logo
image

লুডু খেলৰ জৰিয়তে জুৱাঃ ইছব আলীৰ প্ৰহাৰত নিহত ছাহজাদা আলম

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰত আৰক্ষীয়ে গিজগিজাই থকা সময়তে বৰঘূলীত সংঘটিত হোৱা মাৰপিটৰ ঘটনাত এজন লোক নিহত হয়। নিহত জন ছাহজাদা আলম বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে লুডু খেলৰ জৰিয়তে চলি থকা জুৱা খেলেই কাল হ'ল কলিয়াবৰৰ বৰঘূলিত। সোমবাৰে নিশা সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, কলিয়াবৰৰ ৩ নম্বৰ বৰঘুলিত নিশা লুডু খেলৰ দ্বাৰা চলি থকা জুৱা খেলৰ মাজতে দুজন লোকৰ মাজত সংঘটিত হয় তীব্ৰ মাৰপিটৰ ঘটনা। সেইখন গাঁৱৰে ছাহজাদা আলমক ইছব আলীয়ে বেয়াকৈ প্ৰহাৰ কৰে। পৰৱৰ্তী সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাহজাদা আলমক চুলুং আৰক্ষীয়ে চিকিৎসালয়লৈ নিয়াৰ পথত আদবাটতে মৃত্যু হয়৷

ঘটনাৰ পাছত নিশাই চুলুং আৰক্ষীয়ে অভিযুক্ত ইছব আলীক নিজা ঘৰৰ পৰা আটক কৰে৷ মঙলবাৰে অভিযুক্ত ইছব আলীক জে'ললৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।