Logo
image

চিকিৎসক দম্পতীৰ শিশু নিৰ্যাতনৰ ভয়ংকৰ তথ্য

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২৭ জুলাইঃ শিশু নিৰ্যাতনৰ গোচৰত অভিযুক্ত চিকিৎসক ডাঃ সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে আৰক্ষীয়ে কালি গুৱাহাটীৰ পক্‌ছ’ আদালতত দ্বিতীয়খন অভিযোগনামা দাখিল কৰে৷ অভিযোগনামাত আৰক্ষীয়ে চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে বিস্ফোৰক তথ্য সন্নিৱিষ্ট কৰিছে৷ অভিযোগনামাত উল্লেখ কৰা অনুসৰি চিকিৎসক ৱালিউল ইছলামে শিশু দুটিৰ গুহ্যদ্বাৰত আঘাত কৰিছিল বুলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকৰ দলে সদৰী কৰিছে৷ এই মাৰাত্মক অপৰাধৰ পৰা সাৰি যাবলৈ প্ৰধান অভিযুক্ত সংগীতা দত্ত আৰু ৱালিউল ইছলামে গোচৰটোৰ অন্যতম অভিযুক্ত লক্ষী ৰায়ৰ ওপৰত সকলো দোষ জাপি দিব বিচাৰিছে৷ আৰক্ষীয়ে আদালতত হাজিৰ কৰালেই চিকিৎসক দম্পতীয়ে এই কথা ন্যায়াধীশৰ আগত বাৰে বাৰে কয়৷ যিকোনো প্ৰকাৰে দুই শিশু নিৰ্যাতনকাৰী চিকিৎসকে লক্ষী ৰায়ক দোষী বুলি প্ৰমাণ কৰিব বিচাৰিছে৷ অভিযোগনামাত আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি শিশু দুটিৰ টিফিন পৰ্যন্ত বিদ্যালয়লৈ পঠিওৱা নাছিল বুলি বিদ্যালয় কতৃৰ্পক্ষই আৰক্ষীৰ আগত সদৰী কৰিছে৷ পল্টন বজাৰ থানাৰ ২৩১/২৩ নম্বৰৰ গোচৰ সন্দৰ্ভত দাখিল কৰা দ্বিতীয়খন অভিযোগনামাত ডাঃ ৱালিউল ইছলামৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১০টা ধাৰাৰ লগতে জুভেইনাইল জাষ্টিচ এক্ট আৰু পক্‌ছ’ৰ ধাৰা আৰোপ কৰা হৈছে৷ অন্যতম অভিযুক্ত লক্ষী ৰায়ৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৫টা ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে৷ ধৃত লক্ষী ৰায়ে আদালতত ডাঃ সংগীতা দত্ত আৰু ৱালিউল ইছলামে শিশু দুটিক অকথ্য নিৰ্যাতন কৰাৰ সাক্ষ্য দিলে চিকিৎসক দম্পতী কোনো কাৰণতে সাৰি যাব নোৱাৰে বুলি চৰকাৰী অধিবক্তাই সদৰী কৰিছে৷ উল্লেখ্য, অলপতে পল্টন বজাৰ আৰক্ষীয়ে ডাঃ সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে প্ৰথমখন অভিযোগনামা দাখিল কৰিছিল৷ উল্লেখ্য, তুলি লোৱা দুই সন্তানক নিজৰ বাসগৃহত চিকিৎসক দম্পতীয়ে অকথ্য নিৰ্যাতন চলোৱাৰ তথ্য পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ এটি শিশুসন্তানক প্ৰখৰ ৰ’দত ঘৰৰ ছাদৰ এটা খুঁটাত বান্ধি থোৱা চুবুৰীয়াই প্ৰত্যক্ষ কৰাৰ পাছতে পল্টন বজাৰ আৰক্ষীয়ে শিশুটিক উদ্ধাৰ কৰে৷ ইয়াৰ পাছতে শিশু দুটিক চিকিৎসক দম্পতীয়ে চলাই অহা অকথ্য নিৰ্যাতনৰ তথ্য পোহৰলৈ আহে৷ দেৱশিশু দুটিৰ স্বাস্থ্য পৰীক্ষা কৰি দাখিল কৰা প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছিল৷ গৰম পানী ঢালি দিয়াৰ পৰা আৰম্ভ কৰি শিশু দুটিৰ গাত গৰম ইস্ত্ৰি লগাই দিয়াৰ দৰে অকথ্য নিৰ্যাতন চলাই অহা চিকিৎসক দম্পতীয়ে যৌন নিৰ্যাতন কৰাৰো অভিযোগ উত্থাপন হৈছে৷ ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ লগতে পক্‌ছ’ আইনৰ ধাৰাৰ অধীনত ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল৷ গোচৰ ৰুজু হোৱাৰ ৫৮ দিনত পল্টন বজাৰ আৰক্ষীয়ে চাৰ্জশ্বীট দাখিল কৰে৷ ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ প্ৰতিবেদন লাভ কৰাৰ পাছতেই আজি এই গোচৰৰ দ্বিতীয়খন চাৰ্জশ্বীট দাখিল কৰে আৰক্ষীয়ে৷