Logo
image

প্ৰতিবাদৰ মাজতে সুখবৰ, বন্ধ নহয় সাৰ কাৰখানা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ জুলাইঃ নামৰূপ সাৰ কাৰখানাৰ অনিশ্চিত ভৱিষ্যতক লৈ ৰাজ্যত উত্তাল প্ৰতিবাদ  অব্যাহত থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ পৰা আহিল সেই বিশেষ খবৰটো– বন্ধ নহয় নামৰূপৰ সাৰ কাৰখানা, বৰং সাৰ কাৰখানাটোৰ আধুনিকীকৰণহে কৰা হ’ব৷ উল্লেখ্য, মঙলবাৰে কেন্দ্ৰীয় কেবিনেট বৈঠকৰ অন্তত নামৰূপ সাৰ কাৰখানা সন্দৰ্ভত কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী মনসুখ মাণ্ডৱিয়াৰ সৈতে নতুন দিল্লীত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল এখন বৈঠকত মিলিত হয়৷ বৈঠকত সাৰ কাৰখানাটোৰ গুৰুত্ব সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে দুয়োজন কেন্দ্ৰীয় মন্ত্ৰীয়ে৷ আলোচনাৰ অন্তত মাণ্ডৱিয়াই স্পষ্ট কৰি দিয়ে যে নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেড প্ৰকল্পটো কোনোপধ্যেই বন্ধ কৰা নহয়, বৰং এই প্ৰকল্পটো আধুনিকীকৰণহে কৰা হ’ব৷ ইয়াৰ উপৰি এটা নেন’ ইউৰিয়া প্ৰকল্পও স্থাপন কৰা হ’ব, য’ত মূলতঃ স্থানীয় লোকসকলে নিযুক্তি লাভ কৰিব৷ তাৰপৰা উৎপাদিত ইউৰিয়া আৰু নেন’ ইউৰিয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চল আৰু পশ্চিম বংগৰ কৃষকসকলৰ বাবে শস্য উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হঅব৷ উল্লেখ্য যে, নামৰূপ সাৰকাৰখানাৰ তৃতীয়টো গোট কাৰ্যক্ষম কৰা আৰু চতুৰ্থটো গোট স্থাপন সন্দৰ্ভত সাৰ আৰু ৰাসায়নিক দপ্তৰৰ মন্ত্ৰীক সাংসদ গৌৰৱ গগৈয়ে লোকসভাত সোধা প্ৰশ্ন উত্তৰত মন্ত্ৰীজনে জনাইছিল যে, নীতি আয়োগৰ অধ্যক্ষতাত মুখ্য কাৰ্যবাহী বিষয়াসহ গ্ৰুপ অব অফিচাৰ্চৰ বৈঠকে সাৰ কাৰখানাটো বন্ধ কৰাৰ পৰামৰ্শ আগবঢ়াইছে৷ সাংসদ গৌৰৱ গগৈয়ে অভিযোগ কৰি কৈছিল যে, বিজেপি চৰকাৰৰ অদূৰদৰ্শীতাত জাগীৰোড কাগজ কলৰ দৰেই বন্ধ হ’বলৈ আগবাঢ়িছে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ সাৰকাৰখানা নামৰূপ সাৰ কাৰখানা৷ সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কংগ্ৰেছকে আদি কৰি ৰাজ্যৰ বিভিন্ন দল-সংগঠনে সাৰ কাৰখানাটো বন্ধ কৰাৰ বিৰুদ্ধে তীব্ৰ ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে৷ নামৰূপৰ সমান্তৰালভাৱে ৰাজ্যৰ অন্য স্থানতো মোদী চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে দল-সংগঠনসমূহে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে৷ নামৰূপ সাৰ কাৰখানাৰ সন্মুখত বুধবাৰে অসম জাতীয় পৰিষদে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে৷ উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত অৱগত কৰাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী মাওৱিয়াই উল্লেখ কৰিছিল যে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মায়ো তেওঁৰ সৈতে টেলিফোনযোগে সাৰ কাৰখানাটো সন্দৰ্ভত কথা পাতিছে৷