Logo
image

মিলন মালয়েছিয়াৰ পৰা উভতিলেই আৰক্ষীৰ জালত?

‘আমাৰ অসম’ৰ ডিফুৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ জুলাইঃ যোৰহাট লোকসভা সমষ্টিত ২০২৪ চনত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দাবীদাৰ সদ্য-অপসাৰিত বিজেপি নেতা লাচিত গগৈ আৰু সদ্য-অপসাৰিত সদৌ অসম তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁইৰ ৫ দিন পূৰ্বে ভাইৰেল হোৱা কথোপকথনৰ অডিঅ’ই আজিও ৰাজ্যৰ ৰাজনীতিৰ বতাহ গৰম কৰি ৰাখিছে৷ সেই বাৰ্তালাপত দুয়োজন নেতাই কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াক ১২ লাখ ৫০ হাজাৰ টকা দিয়া,  ভৱেশ দাৰ পি এক প্ৰায়ে বহু টকা দিয়া, টকা লোৱাৰ কথাটো পীয়ুষ দাক কৈ দিব আদি স্পষ্ট হৈছিল৷ সেই অডিঅ’ বাৰ্তালাপে শাসক বিজেপি দলৰ লোকসকল যে চুপাৰি ছিণ্ডিকেটৰ লগত জড়িত সেইটো স্পষ্ট কৰিছিল৷ এই অডিঅ’ ভাইৰেল হোৱাৰ পাছতে ২১ জুলাইৰ সন্ধিয়া কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ডিফু থানাত এক গোচৰ ৰুজু কৰে৷ এই গোচৰৰ পাছতে ডিফু সদৰ থানাৰ এটা দলে নিশাই চৰাইদেউৰ পৰা বিজেপি নেতা লাচিত গগৈক গ্ৰেপ্তাৰ কৰে৷ দুদিন আৰক্ষীৰ জিম্মাত থকাৰ পাছত কালি অৰ্থাৎ ২৫ জুলাইত আদালতে লাচিত গগৈক জে’ললৈ প্ৰেৰণ কৰে৷ ইফালে, সদ্য-অপসাৰিত আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁই বৰ্তমান মালয়েছিয়াত থকাৰ বাবে গ্ৰেপ্তাৰ হোৱা নাই৷ মালয়েছিয়াৰ পৰা আহিলেই ডিফু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে৷ আনহাতে, কাৰ্বি আংলং জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নয়ন মণি বৰ্মনৰ মাৰাথন জেৰাত লাচিত গগৈয়ে ধনৰ লেনদেন কৰা বহুতৰ নাম স্বীকাৰোক্তিত লিপিবদ্ধ হৈছে৷ অডিঅ’টো কোনে কি উদ্দেশ্যত ভাইৰেল কৰিলে সেই সন্দৰ্ভত জানিবলৈ ২৫ জুলাইত ভাৰপ্ৰাপ্ত আটাছুৰ সভাপতি বসন্ত গগৈক ডিফু আৰক্ষীয়ে পুৱাৰে পৰা নিশালৈ জেৰা কৰি তেওঁক যাবলৈ দিয়ে৷ বসন্ত গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে মিলন বুঢ়াগোহাঁই চুপাৰি ছিণ্ডিকেটৰ লগত জড়িত বুলি তেওঁলোকে গম পোৱা নাছিল৷ এই তথ্য সংবাদ মাধ্যমে ফাদিল কৰাৰ পাছতে তেওঁক সংগঠনৰ পৰা অব্যাহতি দিয়া হয়৷ আটাছুৰ যি সংগ্ৰামী সত্বা সেয়া সদায় অক্ষুণ্ণ থাকিব৷ ব্যক্তি বিশেষৰ কাৰ্যক লৈ সংগঠনক ভুল নুবুজিবলৈ তেওঁ ৰাইজক আহ৩ান জনায়৷ লগতে ডিফু আৰক্ষীক ভৱিষ্যতেও সহযোগ কৰি যাব বুলি কয়৷ আৰক্ষীয়ে তেওঁক মিলনৰ ইমান সম্পত্তিৰ উৎস কি সোধে যদিও ব্যক্তিগত কথা তেওঁ নাজানে বুলি ব্যক্ত কৰে৷ ইফালে লাচিত গগৈ শাসক বিজেপি দলৰ নেতা হিচাপে শিৱসাগৰৰ সকলোৱে চিনি পাই বুলিও তেওঁ আৰক্ষী আৰু সংবাদ মাধ্যমৰ আগত কয়৷ লাচিত গগৈৰ স্বীকাৰোক্তি আৰু অডিঅ’ বাৰ্তালাপৰ ভিত্তিত ডিফু আৰক্ষীয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ব্যক্তিগত সহায়ক যাৰ লগতে লাচিতে বহুটকাৰ লেনদেন কৰাৰ কথা কৈছিল সেই জিতু দাসক গ্ৰেপ্তাৰৰ বাবে ডিফু আৰক্ষীৰ দল যাব বুলি গম পাই তেওঁ পুৱাতে ডিফু থানাত হাজিৰ হয়৷ ইফালে, মঙলবাৰৰ পৰা ডিফু থানালৈ বিজেপিৰ কেইবাজনো নেতা আহি বিজেপি নেতা জিতু দাসক গোচৰটোৰ পৰা ৰেহাই দিব পৰা হয় নেকি তাৰ চৰ্চা কৰে৷ কিন্তু, আৰক্ষীৰ কঠোৰ স্থিতিত সেয়া সম্ভৱ নহ’ল৷ আজিও কেইবাজনো বিজেপি নেতাক দেখা গ’ল ডিফু থানাত৷ ইফালে, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই তেওঁৰ কোনো ব্যক্তিগত সহায়ক নাই বুলি সংবদ মাধ্যমৰ আগত গুৱাহাটীত ব্যক্ত কৰাৰ লগতে সংবাদ পৰিৱেশন কৰাৰ আগত তেওঁৰ মতামত লোৱা উচিত আছিল বুলি কয়৷ উল্লেখ্য, ছদিনপূৰ্বে ভাইৰেল হোৱা অডিঅ’টোত ভৱেশ দাৰ পি এ, পীয়ূষ দা আদি উল্লেখ থকাৰ পাছতো কিন্তু তেওঁলোকে কোনো প্ৰতিক্ৰিয়া দিয়া নাছিল৷ যেতিয়া সংবাদ মাধ্যমত সবিস্তাৰে সকলো প্ৰকাশ পালে তেতিয়াহে বিজেপিৰ ৰাজ্যিক সভাপতিয়ে সাৰ পালে৷ তেওঁ কয় যে জিতু দাস কোচ-ৰাজবংশী সন্মিলনৰ উপাধ্যক্ষ৷ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য৷ কিন্তু ব্যক্তিগত সচিব নহয়৷ লক্ষ্যণীয় কথাটো হ’ল যে চৰকাৰীভাৱে ভৱেশ কলিতাৰ পি এ নহয় জিতু দাস৷ কিন্তু ব্যক্তিগত কামসমূহ তেওঁ কৰে বুলি লাচিত গগৈয়ে স্বীকাৰোক্তি দিয়া বুলি আৰক্ষী সূত্ৰত প্ৰকাশ৷ তদুপৰি, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগত ছাঁটোৰ দৰে থাকে জিতু দাস৷ জিতু দাসেও আজি ডিফু থানাত তেওঁ ভৱেশ কলিতাৰ পি এ নহয় বুলি কয়৷ দলীয় নেতা হোৱাৰ সুবাদতে ভৱেশ কলিতাৰ ঘনিষ্ঠ বুলি তেওঁ কয়৷ ইফালে, আৰক্ষীয়ে তলব কৰা চুপাৰি ছিণ্ডিকেটৰ মেনেজ মাষ্টাৰ বোকাজানৰ সাংবাদিক কল্যাণ বৰবৰুৱা আৰু সীমান্ত লাহন বৰ্তমান পলাতক৷ এই চুপাৰি ছিণ্ডিকেটৰ ধন প্ৰতিমাহে তেওঁলোকে গুৱাহাটীৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকলৈ পঠাই বুলি আৰক্ষীৰ তদন্তত ধৰা পৰিছে৷ এতিয়া সেই মেৰপাকত তেওঁলোকো সোমাব পাৰে বুলি বিজেপিৰ ডাঙৰ নেতাৰ ফোন আহিছে উচ্ছপদস্থ বিষয়ালৈ৷ ডাঙৰ নেতাৰ অনুৰোধ তেওঁলোকক গোচৰটোলৈ নাটানিব৷ আনহাতে, এই বাতৰি প্ৰস্তুত কৰাৰ সময়লৈকে জিতু দাসক কাৰ্বি আংলং আৰক্ষীৰ দুই অতিৰিক্ত আৰক্ষী অধীক্ষকে মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষী সূত্ৰে প্ৰকাশ পোৱা অনুসৰি জিতু দাসৰ গ্ৰেপ্তাৰৰ সম্ভাৱনাই প্ৰবল৷