Logo
image

১ ফেব্ৰুৱাৰীৰ পৰা ৫০% তকৈ অধিক দৰ্শক চিনেমা হলত

আমাৰ অসম, ২৮ জানুৱাৰীঃ পহিলা ফেব্ৰুৱাৰীৰ পৰা চিনেমা হল আৰু থিয়েটাৰ হলসমূহত দৰ্শকৰ সংখ্যা বৃদ্ধি পাব৷ কেন্দ্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষৰ পৰামৰ্শৰ ভিত্তিত বুধবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এইমৰ্মে নিৰ্দেশ জাৰি কৰে৷ উল্লেখ্য, ক’ভিডকালীন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ২০২০ চনৰ ২৫ নৱেম্বৰত জাৰি কৰা নিৰ্দেশমৰ্মে চিনেমা হলসমূহত চৰ্তসাপেক্ষে ৫০ শতাংশ দৰ্শকৰ প্ৰৱেশৰ অনুমতি দিছিল৷ অৱশ্যে ইয়াৰ বিনিময়ত চিনেমা হল কতৃৰ্পক্ষ আৰু দৰ্শকসকলে ক’ভিড বিধি কঠোৰভাৱে পালন কৰিব লাগিব বুলিও চৰকাৰে স্পষ্ট কৰি দিছিল৷ এই নিৰ্দেশনা ৩১ ডিচেম্বৰলৈ বাহাল আছিল যদিও ২৮ ডিচেম্বৰত জাৰি কৰা এক নিৰ্দেশমৰ্মে কেন্দ্ৰীয় চৰকাৰে এই নিৰ্দেশনা ৩১ জানুৱাৰীপৰ্যন্ত বাহাল ৰখাৰ কথা ঘোষণা কৰে৷ শেহতীয়াকৈ কেন্দ্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষই কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক এইবুলি জনাই দিছে যে সকলো ঠিকে-ঠাকে থাকিলে পহিলা ফেব্ৰুৱাৰীৰ পৰা চিনেমা আৰু থিয়েটাৰ হলৰ দৰ্শকৰ সংখ্যা ৫০ শতাংশতকৈও বৃদ্ধি কৰিব পৰা যাব৷ অৱশ্যে দৰ্শকৰ সংখ্যা কিমান শতাংশলৈ বৃদ্ধি কৰা হ’ব, সেই বিষয়ে সিদ্ধান্ত লোৱাৰ পূৰ্বে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে ক’ভিডকেন্দ্ৰিক নতুন নিৰ্দেশনা জাৰি কৰিব লাগিব৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ সংশোধিত এছঅ’পি অনুসৰি চিনেমা আৰু থিয়েটাৰ হলসমূহৰ দৰ্শকৰ সংখ্যা নিৰ্ধাৰণ কৰা হ’ব৷