Logo
image

গুৱাহাটীৰ ২ ব্যৱসায়ী ভ্ৰাতৃক গ্ৰেপ্তাৰ চিবিআইৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৯ জুলাইঃ সুদীৰ্ঘ তিনিদিন ধৰি চলোৱা জেৰাৰ অন্তত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআই-এ শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে গুৱাহাটীৰ বিতৰ্কিত ৰে’লৱে ঠিকাদাৰ ভাৰাতীয়া ভাতৃক৷ ৰে’ললাইন নিৰ্মাণৰ ঠিকাৰ বিল আদায়ৰ নামত ৰে’লৱে বিষয়াক ৬০ কোটি টকা উৎকোচ দিয়া গোচৰত শুকুৰবাৰে চিবিআইৰ দলে ঠিকাদাৰ ভাৰাতীয়া ভাতৃ অবিনাশ ভাৰাতীয়া আৰু পৱন কুমাৰ ভাৰাতীয়াক গ্ৰেপ্তাৰ কৰে৷ অভিযোগ অনুসৰি ধৃত দুই ভাতৃ গুৱাহাটীস্থ ভাৰাতীয়া ইনফ্ৰা প্ৰজেক্ট লিমিটেড নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ সঞ্চালক পদত আছে৷ ৰে’ললাইন নিৰ্মাণৰ ঠিকাৰ বিল আদায়ৰ নামত উত্তৰ-পূব সীমান্ত ৰে’লৱে শিলচৰত কৰ্মৰত ছিনিয়ৰ ছেকশ্বন ইঞ্জিনিয়াৰ সন্তোষ কুমাৰক কোটি কোটি টকাৰ উৎকোচ দিয়াৰ অভিযোগত বুধবাৰে পুৱাৰ পৰা চিবিআইৰ এটা দলে ভাৰাতীয়া পৰিয়ালৰ গুৱাহাটীৰ উলুবাৰীস্থিত ৰয়েল আৰ্কেডত থকা ভাৰাতীয়া ইনফ্ৰা প্ৰজেক্ট লিমিটেডৰ কাৰ্যালয়ত তালাচী চলোৱাৰ লগতে কোম্পানীটোৰ অন্যতম সঞ্চালক ৰাম  অৱতাৰ ভাৰাতীয়াৰ লগতে তেওঁৰ পুত্ৰ অবিনাশ ভাৰাতীয়া, পৱন কুমাৰ ভাৰাতীয়া আৰু শংকৰ প্ৰসাদ ম’ৰক জেৰা কৰাৰ উপৰি মুঠ সাতটা স্থানত অভিযান চলায়৷ চিবিআইৰ সূত্ৰই সদৰি কৰা অনুসৰি ২০১৬ চনৰ পৰা বৰ্তমানলৈ ভাৰাতীয়া ভাতৃয়ে ঠিকাৰ বিল আদায়ৰ নামত ৰে’লৱেৰ বিভিন্ন বিষয়াক প্ৰায় ৬০ কোটি টকা উৎকোচ দিছে৷ ভাৰাতীয়া ইনফ্ৰা প্ৰজেক্ট লিমিটেডে ২০১০ চনৰ পৰা বৰ্তমানলৈ ৰে’লৱে ১০৬ টা ঠিকা লাভ কৰিছে৷ এনে ঠিকা বিল আদায়ৰ বাবে ভাৰাতীয়া ভাতৃয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱে শিলচৰৰ ছিনিয়ৰ ছেকশ্বন ইঞ্জিনিয়াৰ সন্তোষ কুমাৰৰ পিতৃ অম্বিকা শ্ব’ আৰু পত্নী পুষ্পা কুমাৰীৰ বেংক একাউণ্টত ২০১৯ চনৰ পৰা ২০২২ চনৰ ভিতৰত প্ৰায় ৭৫ লাখ টকা আদায় দিছিল৷ এই কেলেংকাৰিৰ গোচৰটোত ৰে’ল অভিযন্তা সন্তোষ কুমাৰক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে যদিও এই পৰ্যন্ত তেওঁক গ্ৰেপ্তাৰ কৰা নাই৷ লক্ষণীয়ভাৱে চিবিআই এই গোচৰটোত ৰাম অৱতাৰ ভাৰাতীয়া আৰু শংকৰ প্ৰসাদ ম’ৰ নামৰ লোক দুজনকো সোধা-পোছা কৰা বুলি চিবিআইৰ সূত্ৰই জানিবলৈ দিছে৷ শুকুৰবাৰে চি বি আয়ে পৱন কুমাৰ ভাৰাতীয়াক আৰু অবিনাশ ভাৰাতীয়াক চিবিআইৰ বিশেষ আদালতত হাজিৰ কৰোৱাই ১০ দিনৰ জিম্মাত বিচাৰে যদিও আদালতে দুয়োজন অভিযুক্ত ৪ দিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰে৷ আদালতত এই গোচৰটোত অভিযুক্ত ভাৰাতীয়া ভাতৃৰ হৈ যুক্তি দাঙি ধৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰে৷ চিবিআই গোচৰটোত ৰে’লৱে অভিযন্তা সন্তোষ কুমাৰ আৰু তেওঁৰ পিতৃ অম্বিকা শ্ব’ৰ লগতে পত্নী পুষ্পা কুমাৰীকো অভিযুক্ত কৰিছে৷