Logo
image

অভিলেখ সৃষ্টি কৰি ব্ৰহ্মপুত্ৰৰে অনা হ’ল বৃহৎ যন্ত্ৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ জুলাইঃ নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণৰ বাবে আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে নদীপথৰে কঢ়িয়াই আনিছে বৃহৎ আকৃত্তিৰ যন্ত্ৰাংশ৷ ইয়াৰে এটা যন্ত্ৰাংশৰ ওজন ১.২৮৬ মেট্ৰিক টন, আন দুটা যন্ত্ৰাংশৰ ওজন ক্ৰমে ১.২৪৮ মেট্ৰিক টন আৰু ৭৪১.১২ মেট্ৰিক টন৷ উল্লেখ্য যে এই বৃহৎ আকাৰৰ যন্ত্ৰাংশ কলকাতাৰ ডায়মণ্ড হাৰ্বাৰৰ পৰা ভাৰত-বাংলাদেশ প্ৰটকল ৰুট হৈ ব্ৰহ্মপুত্ৰ আৰু ধনশিৰিৰ বুকুৰে নুমলীগড়লৈ আনি থকা হৈছে৷ সম্প্ৰতি এই যন্ত্ৰাংশ কঢ়িয়াই অনা বিশাল কাৰ্গো জাহাজ কেইখনে পাণ্ডু বন্দৰত প্ৰৱেশ কৰিছে৷ স্মৰ্তব্য যে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিৱহণ, জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ২০২১ চনত স্বাক্ষৰিত হোৱা বুজাবুজি চুক্তি অনুসৰি ভাৰতীয় আভ্যন্তৰীণ জল পৰিবহণ প্ৰাধিকৰণে নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণৰ বাবে কঢ়িয়াই আইনছে এই যন্ত্ৰাংশসমূহ৷ মুঠ ২৪টা বৃহৎ আকৃতিৰ যন্ত্ৰাংশ নিৰ্ধাৰিত সময়ৰ ভিতৰত নুমলীগড়লৈ কঢ়িয়াই নিয়া লক্ষ্য নিৰ্ধাৰণ কৰিছে আভ্যন্তৰীণ জল পৰিবহণ প্ৰাধিকৰণে৷ এই বিশাল আকৃতিৰ যন্ত্ৰাংশসমূহ জলপথেৰে কঢ়িয়াই অনা এই ঘটনা ঐত্যিহাসিক বুলি আখ্যা দিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷