Logo
image

ঘূৰি আহিলে অঞ্জুৰ বিৰুদ্ধে গোচৰ তৰিব স্বামীয়ে

আলোৱাৰ, ২৯ জুলাইঃ স্বামী-সন্তানক এৰি বৈধ ভিছাৰে গোপনে পাকিস্তানৰ খাইবাৰ পখটুনখাৱাৰ ফেচবুক প্ৰেমিক নছৰুল্লাহৰ ওচৰলৈ যোৱা অঞ্জুক ইতিমধ্যে পৰিয়ালৰ লোকে মৃত ঘোষণা কৰে৷ আনহাতে ক্ষুব্ধ হৈ পৰিছে অঞ্জুৰ স্বামী আৰু সন্তানো৷ পাকিস্তানলৈ ট্যুৰিষ্ট ভিছাৰে যোৱা অঞ্জুৱে ইছলাম ধৰ্ম গ্ৰহণ কৰি ফাটিমা নাম লৈ নছৰুল্লাহৰ সৈতে  বিয়াত বহা বুলিও বাতৰি আহিছে৷  দুয়ো বিয়াত বহাৰ খবৰ পাকিস্তানৰ সংবাদ মাধ্যমৰ জৰিয়তে বিয়পি পৰাৰ পাছতে ভাৰতত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ তেনে সময়তে পাকিস্তানত অঞ্জুৱে দাবী কৰে যে তেওঁ আৰু ভাৰতীয় স্বামীৰ মাজত বিবাহ বিচ্ছেদৰ কেচ  চলি আছে৷ কিন্তু ৰাজস্থানৰ আলোৱাৰত থকা অঞ্জুৰ স্বামী অৰবিন্দই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে তেওঁলৈ বিবাহ বিচ্ছেদ সম্পৰ্কীয় কোনো জাননী আদালতৰ পৰা অহা নাই৷ ইয়াৰ মানে হ’ল অঞ্জুৱে সম্পূৰ্ণ মিছা মাতিছে৷ তিনি বছৰ পূৰ্বে যদি অঞ্জুৱে স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰি দিল্লীৰ আদালতত আৱেদন কৰিছিল, তেন্তে ইতিমধ্যে স্বামীয়ে আদালতৰ জাননী পাব লাগিছিল৷ কাগজে-পত্ৰই এতিয়াও অঞ্জু তেওঁৰ পত্নী৷ গতিকে অঞ্জুৱে বিদেশলৈ গৈ কোনো লোকক বিয়া পাতিব নোৱাৰে৷ স্বামী অৰবিন্দই ভাৰত চৰকাৰক অনুৰোধ কৰিছে অঞ্জুৰ পাৰপত্ৰ আৰু ভিছা পৰীক্ষা কৰিবলৈ৷ ইমানবোৰ হৈ যোৱাৰ পাছত দুই সন্তানে অঞ্জুক মাতৃ হিচাপে গ্ৰহণ নকৰাৰো সিদ্ধান্ত লৈছে৷ আনহাতে অঞ্জুৱে ভাৰতলৈ ঘূৰি আহিলেই তেওঁৰ বিৰুদ্ধে গোচৰ তৰা হ’ব বুলি স্বামীয়ে স্পষ্ট কৰে৷