Logo
image

‘ছোৱালীজনীৰ চৰিত্ৰৰ দোষৰ বাবেই এনে হ’ল’

আমাৰ অসম, ২৮ জানুৱাৰীঃ ন্যায়াধীশৰ ৰূপত অৱতীৰ্ণ হৈছে এগৰাকী আৰক্ষী বিষয়া৷ তেওঁৰ নাম সৌৰভ শইকীয়া৷ সম্প্ৰতি বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰূপে কৰ্মৰত সৌৰভ শইকীয়াই আদালতৰ বিচাৰাধীন এটা গোচৰত মৌখিকভাৱে ‘ৰায়দান’ কৰা ঘটনাই বিশ্বনাথ জিলাৰ গহপুৰ অঞ্চলত তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ঘটনাটো এনেধৰণৰ– বিশ্বনাথ জিলাৰ গহপুৰত ২০২০ চনৰ ২৮ ফেব্ৰুৱাৰীত ৯টা পাষণ্ডই দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰিছিল এগৰাকী ১২ বছৰীয়া কিশোৰীক৷ এই ৯টা ধৰ্ষণকাৰীক লৈ বিগত দহমাহে গহপুৰ আৰক্ষীয়ে লুকা-ভাকু খেলিছে৷ সেই সময়ত ৰাজ্যত ‘কা’বিৰোধী আন্দোলনৰ ভৰপক৷ গহপুৰ থানাৰ অন্তৰ্গত ৰজাবাৰীৰ ১নং চকলা গাঁৱৰ ৯জন ছাত্ৰই মেট্ৰিক পৰীক্ষা শেষ কৰি নিশা সমনীয়াৰে ভোজ খাইছিল৷ কিশোৰীগৰাকীক নিমখ খোজাৰ অজুহাতত মাতি আনি ৯টা পাষণ্ডই ধৰ্ষণ কৰিছিল৷ পাছত কেউজনে হত্যা কৰি প্ৰায় ৩০ ফুট উচ্ছতাত ওলোমাই ৰাখিছিল কিশোৰীগৰাকীৰ নিঠৰ দেহ– আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল৷ প্ৰথম দিনাই আৰক্ষীয়ে গা এৰা দিবলৈ চেষ্টা কৰিছিল যদিও গহপুৰৰ ৰাইজ আৰু বিভিন্ন দল-সংগঠনৰ হেঁচাত তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ ভাৰতীয় দণ্ডবিধিৰ ৩৬৬ [ক], ৩৭৬ [ঘ], ৩০২,৩৪ আৰু পক্‌ছ’ আইনৰ ৪ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হয়– ভাস্কৰ মেধি, প্ৰাণজ্যোতি বৰুৱা, উমেশ পাটিৰি, অজিত পেগু, বিকাশ পেগু, অংকুজ মেধি, মিলনজ্যোতি দলে, লুহিত দলে আৰু নয়নজ্যোতি কুটুমৰ বিৰুদ্ধে৷ ৯জনীয়া অভিযুক্ত দলটোত প্ৰাপ্তবয়স্কৰ সংখ্যা ৪, নাবালক অপৰাধী ৫৷ লক্ষণীয়ভাৱে আৰক্ষীয়ে অভিযোগনামা দাখিল কৰাৰ পূৰ্বেই কেউজন অভিযুক্তই জামিনত মুক্তি লাভ কৰে৷ আৰক্ষী তথা চৰকাৰী পক্ষৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিলে অভিযুক্ত পক্ষৰ অধিবক্তাই৷ আচম্বিতে গোচৰটোৰ দায়িত্বত থকা আৰক্ষী বিষয়াজনক ৰহস্যজনকভাৱে বদলি কৰা হ’ল৷ ইফালে, জামিন লাভ কৰাৰ পাছত ধৰ্ষণকাৰীকেইটাই নিৰ্যাতিতৰ পৰিয়ালক ভাবুকি দিবলৈ ধৰে৷ নিৰ্যাতিতৰ পৰিয়ালে পুনৰ এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে লেহেমীয়া গতিৰে কেইটামানক গ্ৰেপ্তাৰ কৰে যদিও কেইটামানক ‘বিচাৰিয়েই নাপালে’৷ ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পাছত আৰক্ষীয়ে  অনিচ্ছা সত্ত্বেও কেউটাকে গ্ৰেপ্তাৰ কৰে৷ বোকাখাতৰ এখন বিদ্যালয়ত নাম লগাবলৈ যাওঁতে স্থানীয় ৰাইজে ধৰি আনি আৰক্ষীক গতাই দিলে অভিযুক্তক৷ দ্বিতীয়বাৰ গ্ৰেপ্তাৰ কৰাৰ পাছতো কেউটা অভিযুক্তই জামিন পালে৷ এইবাৰো চৰকাৰী পক্ষ তথা আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ ল’লে অভিযুক্ত পক্ষই৷ সকলো অভিযুক্ত এতিয়া মুকলি আকাশৰ তলত৷ ইফালে দুৰ্ভগীয়া কিশোৰীগৰাকীৰ পৰিয়ালৰ ওপৰত অহৰহ হেঁচা-ভাবুকি অব্যাহত আছে৷ এই সন্দৰ্ভত সংবাদ মাধ্যমত বিশেষকৈ ‘আমাৰ অসম’ত প্ৰকাশিত বাতৰিৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ কিশোৰীগৰাকীৰ পৰিয়ালৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়৷ অলপতে পৰিয়ালটোৰ সুৰক্ষা সম্পৰ্কে আলোচনা কৰিবলৈ কিশোৰীগৰাকীৰ ঘৰলৈ গৈছিল বিশ্বনাথ জিলাৰ এ এছ পি সৌৰভ শইকীয়া আৰু গহপুৰৰ মহকুমা আৰক্ষী বিষয়া শুভলক্ষী দত্ত৷ আশ্চৰ্যজনকভাৱে সেই সময়তে  ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা কিশোৰীগৰাকীৰ বিষয়ে এ এছ পি সৌৰভ শইকীয়াই অসহায় পৰিয়াল সন্মুখতে কৰিলে কেতবোৰ আশ্চৰ্যজনক আৰু অবাঞ্ছিত মন্তব্য৷ এ এছ পি সৌৰভ শইকীয়াৰ মতে– এয়া কিশোৰীগৰাকীৰ চৰিত্ৰগত দোষৰ পৰিণতি৷ কিশোৰীগৰাকীক ধৰ্ষণ কৰা হোৱা নাছিল, তেওঁক হত্যা কৰা হোৱা নাছিল, তেওঁ আত্মহত্যাহে কৰিছিল–  এই ‘দাবী’ এ এছ পি সৌৰভ শইকীয়াৰ৷ কিশোৰীগৰাকীক ৯টাকৈ নৰপিশাচে ধৰ্ষণ কৰি হত্যা কৰা বুলি আৰক্ষীৰ অভিযোগনামাত উল্লেখ কৰাৰ পাছতো ধৰ্ষণকাৰীৰ পক্ষ লৈ স্বয়ং জ্যেষ্ঠ আৰক্ষী বিষয়াই মহামান্য ন্যায়ালয়ক  ভ্ৰূকূটি কৰি  কৰা এনে অবাঞ্ছিত মন্তব্য স্বাভাৱিকতে ৰহস্যজনক আৰু গৰিহণাৰ যোগ্য৷ ইয়াৰ জৰিয়তে আৰক্ষীৰ একাংশৰ সৈতে অভিযুক্তৰ শঠা মিতিৰালিৰ ছবিখন স্পষ্ট হৈ পৰে৷ ন্যায়াধীশৰ ভূমিকাত অৱতীৰ্ণ হোৱা এ এছ পি সৌৰভ শইকীয়াৰ আইনবিৰোধী আৰু অপমানজনক কথা শুনাৰ পাছতেই কিশোৰীগৰাকীৰ মাতৃ অচেতন হৈ পৰে৷ পৰিয়ালৰ লোক আৰু ৰাইজে আৰক্ষী বিষয়াগৰাকীক উভতি ধৰাত এইবাৰ ধৰ্ষণকাৰীক ৰক্ষণাবেক্ষণ দিয়া আৰক্ষী বিষয়াজনক ৰক্ষণাবেক্ষণ দিয়ে গহপুৰৰ এছ ডি পি অ’ শুভলক্ষী দত্তই৷ দত্তই কিশোৰীগৰাকীৰ পৰিয়ালক ভাবুকি দিয়ে৷ এই ভয়ংকৰ ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে বিশ্বনাথ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে৷ অভিযোগ পত্ৰত এইদৰে উল্লেখ কৰা হৈছে– ‘চৰিত্ৰহনন নাৰী নিৰ্যাতনৰ এক পুৰণি অস্ত্ৰ আৰু ইয়াক আমি কেতিয়াও মানি নলওঁ৷ বিষয়াকেইজনে নাজানে যে ধৰ্ষণ কামনাৰ সুখ নহয়৷ বৰঞ্চ ই ক্ষমতাৰ শক্তি প্ৰদৰ্শন৷’ লক্ষণীয়ভাৱে এই দুৰ্ভাগ্যজনক ঘটনাটোৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা আৰম্ভণিৰে পৰা সন্তোষজনক নহয়৷ এগৰাকী কিশোৰীক ৯টাকৈ পাষণ্ডই ধৰ্ষণ কৰি হত্যা কৰা ঘটনাটো সাধাৰণ ঘটনাৰ দৰে গ্ৰহণ কৰিলে গহপুৰ আৰক্ষীয়ে৷ গোচৰটোৰ তদন্তৰ দায়িত্ব দিয়া হ’ল প্ৰবেশ্বনত থকা শ্যামল নেওগ নামৰ এজন বিষয়াক৷ তুলনামূলকভাৱে অনভিজ্ঞ এগৰাকী বিষয়াক এনে গুৰুত্বপূৰ্ণ ঘটনাৰ তদন্তৰ দায়িত্ব দিয়াটোৰ আঁৰত ৰহস্যৰ গোন্ধ পাইছে ৰাইজে৷ আন এজন তদন্তকাৰী বিষয়া দণ্ডিৰাম বৰুৱাই আকৌ আদালতত বেলেগ বেলেগ কথা কয়৷ প্ৰথমবাৰ অভিযুক্তৰ জামিন আৱেদনৰ শুনানিত বৰুৱাই ক’লে– ‘তদন্ত ইতিমধ্যে শেষ হৈছে– কেৱল ফৰেনচিক পৰীক্ষাৰ প্ৰতিবেদন আহিবলৈহে বাকী আছে৷’ দ্বিতীয়বাৰ আকৌ একেজন বিষয়াই ক’লে–‘তদন্ত সম্পূৰ্ণ হ’বলৈ এতিয়াও বাকী আছে৷’ এনে এটা গুৰুত্বপূৰ্ণ বিষয়ত আৰক্ষীৰ এই ল’ৰা-ধেমালিঅসহনীয়৷ এয়া আৰক্ষী আৰু অপৰাধীৰ গোপন বুজাবুজিৰ ফল বুলি ৰাইজে অভিযোগ কৰিছে৷ আশ্চৰ্যজনকভাৱে এই গুৰুত্বপূৰ্ণ গোচৰটোৰ ক্ষেত্ৰত অভিযুক্তৰ স্বীকাৰোক্তিয়েই লোৱা নহ’ল৷ অতি সৰু ঘটনাতো অভিযুক্তৰ জবানবন্দী লোৱা হয়৷ কিন্তু এই গুৰুত্বপূৰ্ণ গোচৰটোত তেনে কৰা নহ’ল৷ কিয়?? ফৰেনচিক পৰীক্ষাগাৰত ডি এন এ পৰীক্ষা সম্পূৰ্ণ নহ’ল৷ কাৰণ আৰক্ষীয়ে সকলো প্ৰয়োজনীয় তথ্য-প্ৰমাণ আৰু সামগ্ৰী সময়মতে প্ৰেৰণ কৰাত গাফিলতি কৰিলে৷ গহপুৰৰ এই ঘটনাটোত আৰক্ষীয়ে যে অভিযুক্ত ধৰ্ষণকাৰীৰ পক্ষ লৈছে সেয়া ক্ৰমাৎ অধিক পোহৰলৈ আহিছে৷ ৰাইজৰ প্ৰশ্ন– মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ‘দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা’ৰ চানেকি এয়াই নেকি? মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ অন্যতম অসম’ৰ চেহেৰা এনেকুৱাই নেকি? আৰক্ষী  সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ ‘স্মাৰ্ট পুলিচ’ৰ স্বৰূপ এনেধৰণৰ নেকি? এইবোৰ কোটিটকীয়া প্ৰশ্ন এতিয়া ৰাইজৰ মুখে মুখে৷ ইতিমধ্যে ধৰ্ষণকাৰীৰ ফাঁচিৰ দাবীত গহপুৰত কেইবাবাৰো বিক্ষোভ প্ৰদৰ্শন কৰিছে বিভিন্ন দল-সংগঠন আৰু ৰাইজে৷ তিনিজনী ছোৱালীৰে গহপুৰৰ সেই জনজাতীয় পৰিয়ালটো এতিয়া দিশহাৰা, সন্ত্ৰস্ত৷ স্থানীয় বিধায়ক উৎপল বৰা আৰু প্ৰাক্তন বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এই এঘাৰমাহে সেই দুৰ্ভগীয়া পৰিয়ালটিৰ খবৰ ল’বলৈ আহৰি উলিয়াব নোৱাৰিলে৷ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দুৰ্ভগীয়া পৰিয়ালটোৰ খা-খবৰ লৈ থকাৰ লগতে এই ঘটনাৰ উচিত বিচাৰ কৰি দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে৷ ৰাইজৰ বিক্ষোভ-সমদলত ভাগ লোৱাৰ উপৰি দৰিদ্ৰ পৰিয়ালটোক ব্যক্তিগতভাৱে ২০ হাজাৰ টকা প্ৰদান কৰিছে৷ এই অমানৱীয় আৰু ভয়ংকৰ ঘটনাটোৰ বিষয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেইবাবাৰো জনোৱা হৈছিল৷ কিন্তু সকলো ফুটুকাৰ ফেন৷ ডিজিপিকে ধৰি আৰক্ষীৰ শীৰ্ষ বিষয়াক বহুবাৰ জনোৱা হৈছিল৷ একো কামত নাহিল৷ ইফালে, আদালতলৈ তাঁতি-বাতি কাঢ়ি হায়ৰান হৈ পৰিছে পৰিয়ালটো৷ যেন সেই পৰিয়ালটোৱেহে অপৰাধ কৰিছিল৷ অভিযুক্তৰ নেপথ্যত আছে বহু চহকী আৰু প্ৰভাৱশালী লোক৷ দুৰ্ভগীয়া পৰিয়ালটোৰ লগত কোনো নাই৷ আৰক্ষী, প্ৰশাসন, জনপ্ৰতিনিধি, নাৰীবাদী সংগঠন, এন জি অ’, জাতীয়-জনগোষ্ঠীয় দল-সংগঠন, জনজাতীয় সংগঠন, সংবাদ মাধ্যম– সকলোৱে লাহে লাহে গা এৰা দিলে৷ দুখীয়া পৰিয়ালটোৰ উপাৰ্জনৰ একমাত্ৰ পথ গৰুকেইজনীও বিক্ৰী কৰিবলগীয়া হ’ল পৰিয়ালটোৱে৷ নিৰ্ভয়া-কাণ্ড, হাথৰস-কাণ্ডত ৰাজপথ কঁপোৱা, ইৰানত মহিলাক ধৰ্ষণ কৰিলে গুৱাহাটীত জোঁৰ সমদল উলিওৱা বহুতেই গহপুৰৰ সেই দুৰ্ভগীয়া জনজাতীয় কিশোৰীগৰাকীৰ কথা ভবাৰ প্ৰয়োজনবোধ নকৰিলে৷ কিশোৰীগৰাকীৰ গোচৰটো ফাষ্টট্ৰেক আদালতত বিচাৰ কৰিবৰ বাবে ৰাইজে দাবী জনাইছে৷ এজন বিশেষ চৰকাৰী অধিবক্তাক নিযুক্তি দিয়াৰো দাবী তুলিছে৷ অসহায় পৰিয়ালটিক যথোপযুক্ত নিৰাপত্তা দিয়াৰ লগতে তেওঁলোকক বৃহৎ অংকৰ ক্ষতিপূৰণ দিবলৈ ৰাইজে দাবী জনাইছে– যদিওবা কোনো ধন বা সাহায্যই তেওঁলোকৰ দুখ কমাব নোৱাৰে৷ ৰাইজে দিয়া ধনেৰে তেওঁলোকে আইনী যুদ্ধ চলাইছে৷ এতিয়া তেওঁলোক ভাগৰুৱা হৈ পৰিছে৷ সকলোৰে ওপৰত আস্থা হেৰুৱাই পেলাইছে৷ গহপুৰৰ জনজাতীয় কিশোৰীগৰাকীয়ে ন্যায় পাবনে? এই অমানুষিক ঘটনাৰ তদন্তৰ ক্ষেত্ৰত গহপুৰ আৰক্ষীৰ ভূমিকাৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষী দায়বদ্ধতা আয়োগত অভিযোগ দাখিল কৰা হৈছে৷