Logo
image

জ্যেষ্ঠ সাংবাদিক সৌন্দৰ্য্য ঠাকুৰীয়াৰ দেহাৱসান

‘আমাৰ অসম’ৰ দক্ষিণ কামৰূপৰ প্ৰতিনিধি, ৩০ জুলাইঃ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ সমীপৰ খাৰাভাঙ্গাৰ বাসিন্দা তথা জ্যেষ্ঠ  সাংবাদিক সৌন্দৰ্য্য ঠাকুৰীয়াৰ যোৱা নিশা দেহাৱসান ঘটে৷ দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল সাংবাদিকগৰাকী৷ যোৱা নিশা প্ৰায় ১২ বজাত মহানগৰীৰ হায়াত হাস্পতালত ৫৬ বছৰ বয়সত তেওঁৰ দেহাৱসান ঘটে৷ একমাত্ৰ জীয়ৰী আৰু পত্নীক এৰি থৈ যায়৷ প্ৰয়াত ঠাকুৰীয়াই ‘আমাৰ অসম’ কাকতত দীৰ্ঘদিন ধৰি উপ-সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে মৃত্যু আগমুহূৰ্তলৈ ‘নিয়মীয়া বাৰ্তা’ কাকতত উপ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ বিশিষ্ট সাংবাদিক গৰাকীৰ শোক সন্তপ্ত পৰিয়াল-বৰ্গলৈ ছয়গাঁও প্ৰেছ ক্লাবৰ হৈ প্ৰেছ ক্লাবৰ সভাপতি বিপুল দাস আৰু সম্পাদক সঞ্জয় কলিতাই গভীৰ সমবেদনা যাচিছে৷ লগতে ছয়গাঁও সাহিত্য সভা, বাৰ্তালোচনী ‘জনসেৱা’ পৰিয়ালেও শোক প্ৰকাশ কৰিছে৷