Logo
image

কৃষক বিদ্ৰোহৰ বিৰুদ্ধে চাণক্য নীতি

আমাৰ অসম, ২৯ জানুৱাৰীঃ চাণক্যই তেওঁৰ আশ্ৰয়দাতা আৰু অন্নদাতা সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যক দেশ শাসনৰ বাবে সাম, দাম, দণ্ড, ভেদ– এই চাৰিটা নীতি শিকাই গৈছিল৷ ভৱিষ্যতৰ শাসকসকলৰ বাবে চাণক্যই তেওঁৰ অৰ্থশাস্ত্ৰত বৰ্ণনা কৰি গৈছিল এই নীতিৰ বিষয়ে৷ কিদৰে সাম অৰ্থাৎ স্তুতি বা চাতুৰিৰ জৰিয়তে শাসন কৰিব পাৰি, কিদৰে দাম অৰ্থাৎ মূল্যৰ জৰিয়তে, দণ্ড অৰ্থাৎ শাস্তিৰ জৰিয়তে আৰু ভেদ অৰ্থাৎ বিভাজনৰ জৰিয়তে শত্ৰুক বশ কৰি সুকলমে শাসন ব্যৱস্থা চলাই যাব পাৰি সেই বিষয়ে চাণক্যই বিশদ বৰ্ণনা কৰি গৈছিল৷ চাণক্যৰ এই নীতি আজিও বৰ্তমান, অন্ততঃ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে দুমাহ ধৰি চলি থকা কৃষক আন্দোলনৰ ক্ষেত্ৰত শাসকপক্ষই এই নীতিৰ সুপ্ৰয়োগ কৰা বুলিয়েই চৰ্চা হৈছে৷ আজি ৬৪ দিনত ভৰি দিয়া আন্দোলনটো যোৱা ২৫ জানুৱাৰীলৈকে অতি সুকলমে আৰু শান্তিপূৰ্ণভাৱে চলি আছিল৷ শক্তিশালী স্থিতিত আছিল আন্দোলনকাৰী কৃষক৷ কিন্তু ২৬ জানুৱাৰীত দেশৰ ৰাজধানী নতুন দিল্লীত একাংশ কৃষকে চলোৱা তাণ্ডৱ আৰু তেওঁলোকে লালকিল্লাত ভাৰতীয় পতাকাৰ মৰ্যাদা হানি কৰি ধৰ্মীয় আৰু আন্দোলনৰ পতাকা উত্তোলন কৰাৰ পাছত আজিৰ দিনটোত এই শক্তিশালী আন্দোলন দুৰ্বল, আন্দোলনকাৰী ভীতি-বিহ্বল৷ ইয়াৰ বিপৰীতে এই মুহূৰ্তত শাসকপক্ষ অৰ্থাৎ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ স্থিতি সবল আৰু শক্তিশালী৷ যোৱা দুমাহত কেন্দ্ৰীয় চৰকাৰে প্ৰয়োগ কৰা চাণক্য নীতিৰ পৰিণতিতে আজিৰ দিনটোত কৃষকৰ সু-সংগঠিত আন্দোলন প্ৰায় ছেদেলি-ভেদেলি হৈ পৰিছে৷ এক কৰুণ ব্যৰ্থ পৰিণতিৰ দিশে আগুৱাই গৈছে ৩ লাখৰো অধিক কৃষকে দুমাহৰো বেছিদিন ধৰি সু-পৰিকল্পনাৰে আগবঢ়াই নিয়া আন্দোলনটো৷ এই আন্দোলনটোত সূক্ষ্মভাৱে পৰ্যৱেক্ষণ কৰি থকা বিশেষজ্ঞ-সমালোচকৰ দাবী– শাসকপক্ষই এই আন্দোলন মষিমূৰ কৰিবলৈ সময় ল’লে সঁচা, কিন্তু চাণক্যৰ সাম, দাম, দণ্ড, ভেদ– আটাইকেইটা নীতি প্ৰয়োগ কৰি শাসনৰ কৃতকাৰ্যতাৰ দিশে আগবাঢ়িছে৷ 

২৬ জানুৱাৰীত দিল্লীত একাংশ আন্দোলনকাৰী কৃষকে সংঘটিত কৰা হিংসাত্মক কাৰ্যকলাপ আৰু লালকিল্লাত ধৰ্মীয় আৰু আন্দোলনৰ পতাকা উত্তোলন কৰাৰ ঘটনাৰ পৰা সেই আন্দোলনৰ নেতৃবৰ্গই নিজকে যিমানেই নিলগাই ৰাখিবলৈ চেষ্টা নকৰক কিয়, চৰকাৰে তেওঁলোকক আন্দোলনটোৰ নীতি-নিৰ্ধাৰণ কৰা নেতা হোৱাৰ বাবেই এজন এজনকৈ গ্ৰেপ্তাৰ কৰিবলৈ সাজু হৈছে৷ দিল্লী আৰক্ষীয়ে ইতিমধ্যে আন্দোলনৰ অন্যতম শীৰ্ষ নেতা ভাৰতীয় কিষাণ ইউনিয়নৰ মুখপাত্ৰ ৰাকেশ টিকাইক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাইছে৷ তেওঁ আৰক্ষীৰ এই আহ্বান উপেক্ষা কৰি আজিৰ পৰা আন্দোলনস্থলীতে অনশনত বহিছে৷ গুলী বুকুপাতি ল’বলৈ সাজু থকা বুলি ৰাকেশ টিকাইতে দাবী কৰিলেও দুই-এদিনৰ ভিতৰতে আৰক্ষীয়ে বলপূৰ্বকভাৱে তেওঁক গ্ৰেপ্তাৰ কৰাটো নিশ্চিত৷ মুঠতে ৩৭ জন কৃষক নেতাৰ বিৰুদ্ধে হত্যাৰ প্ৰচেষ্টা, ৰাষ্ট্ৰৰ বিৰুদ্ধে সংঘৰ্ষ, ৰাষ্ট্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগকে ধৰি অতি কঠোৰ আইনৰ আধাৰত ইতিমধ্যে দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে৷ ইপিনে, লালকিল্লাৰ ঘটনাৰ বাবে প্ৰৰোচিত কৰা অভিযুক্ত পাঞ্জাবী গায়ক-অভিনেতা দীপ সিদ্ধুলৈ আৰক্ষীয়ে জাননী প্ৰেৰণ কৰিছে আৰু তাৰ পাছতে তেওঁ আত্মগোপন কৰিছে৷ ঘটনাৰ ৪৮ ঘণ্টা উকলি যোৱাৰ পাছত আৰক্ষীয়ে কৃষক নেতাক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত আগ-পাছ গুণি আছে আৰু পৰিস্থিতি পৰ্যৱেক্ষণ কৰি আছে৷ পৰিস্থিতি শাসকপক্ষৰ দিশে অনুকূল বুলি নিশ্চিত হ’লেই এজন এজনকৈ সকলো নেতাকে গ্ৰেপ্তাৰ কৰিব দিল্লী আৰক্ষীয়ে৷ সেয়া মাথোঁ এই মুহূৰ্তত সময়ৰ অপেক্ষা৷ 

ইপিনে গাজিপুৰ সীমান্তত উত্তৰপ্ৰদেশৰ প্ৰশাসন আৰু আৰক্ষীয়ে আন্দোলনকাৰীক আজি নিশাৰ ভিতৰতে স্থান খালী কৰি দিবলৈ নিৰ্দেশ জাৰি কৰিছে৷ শেহতীয়া খবৰ অনুসৰি নিশা ৮ বজাৰ পাছত গাজিপুৰত যোগী আদিত্যনাথ চৰকাৰৰ বিশাল আৰক্ষী বাহিনী আহি উপস্থিত হৈ মুহূৰ্তৰ ভিতৰতে কৃষক আন্দোলনকাৰীক তেওঁলোকে অৱস্থান গ্ৰহণ কৰি থকা ৰাজহুৱা স্থান খালী কৰি দিবলৈ নিৰ্দেশ দিছে৷ আৰক্ষীয়ে কৃষকসকললৈ ইমান দিনে সদয় হৈ স্থানীয় লোকে যোগান ধৰি থকা বিদ্যুতৰ সংযোগ কৰ্তন কৰি দিছে৷ নিশাই কৰ্তন কৰি দিছে পানীৰ সংযোগো৷ বলপূৰ্বকভাৱে আৰক্ষীয়ে আন্দোলনকাৰীক স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে৷ ইপিনে গাজিপুৰ সীমান্ততে স্থানীয় শতাধিক লোকে বৃহস্পতিবাৰে দিনৰ পৰাই আন্দোলনকাৰীৰ সৈতে সংঘাতত জড়িত হৈ পৰি সেই স্থান ত্যাগ কৰিবলৈ ভাবুকি প্ৰদান কৰিছে৷ নিশাও আৰক্ষীৰ বেষ্টনীৰ মাজেৰেই ১০০ ৰো অধিক স্থানীয় লোক আগবাঢ়ি আহি আন্দোলনকাৰীৰ মুখামুখি হৈ একেই দাবীৰ পুনৰাবৃত্তি ঘটাইছে৷ 

আনহাতে আন্দোলনকাৰীয়ে অৱস্থান গ্ৰহণ কৰি থকা টিক্ৰি, সিংঘু আৰু চিল্লা বৰ্ডাৰত বিশাল আৰক্ষী বাহিনীয়ে আন্দোলনকাৰীক নিশা ঘেৰি ধৰিছে৷ আৰক্ষীয়ে নিশা ৯ বজা পৰ্যন্ত এই তিনি সীমান্তত আন্দোলনকাৰীক কোনো নিৰ্দেশ জাৰি কৰা নাই৷ কিন্তু আশংকা কৰা হৈছে, নিশা গভীৰ হৈ অহাৰ লগে লগে আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু হোৱা কৃষক নেতাসকলক গ্ৰেপ্তাৰ কৰিব৷ ইমান দিনে দিল্লীৰ সীমাৰ এই প্ৰৱেশদ্বাৰ টিক্ৰি, সিংঘু, গাজিপুৰ,  চিল্লাত আৰক্ষী বাহিনীয়ে দূৰৰ পৰাই আন্দোলনকাৰীক পৰ্যৱেক্ষণ কৰি আছিল৷ আজি পিছে সশস্ত্ৰ আৰু বিশাল আৰক্ষী বাহিনীয়ে আন্দোলনকাৰীক বেৰি ধৰা তথা এস্কেভেটৰ লৈ আন্দোলনকাৰীয়ে অৱস্থান কৰি থকা স্থানৰ চৌপাশে পথ খান্দি পেলাইছে৷ 

বিতত আন্দোলনকাৰীয়ে ইতিমধ্যে অহা ৰ ফেব্ৰুৱাৰী সংসদ অভিযান কাৰ্যসূচী বাতিল কৰিছে৷ আগবাঢ়ি অহা আৰক্ষীবাহিনীৰ মূৰ্তি দেখি আন্দোলনকাৰীয়ে কেইদিনমান পূৰ্বে উচ্ছতম ন্যায়ালয়ে কৃষকসকলৰ আন্দোলনৰ অধিকাৰ থকা বুলি কোৱা নিৰ্দেশৰ বিষয়ে উল্লেখ কৰিছে৷ যোৱা চ্ছ জানুৱাৰীৰ ট্ৰেক্টৰ ৰেলীত ভয়ংকৰ ঘটনাৰ আশংকা থকা সত্ত্বেও আৰক্ষীৰ বাহিৰে এজনো অদ্ধৰ্বাহিনী নিয়োগ নকৰা চৰকাৰ আৰু প্ৰশাসনে আজি আন্দোলনস্থলীত বিশাল আৰক্ষী বাহিনীকে নহয় ৰেপিড একশ্বন ফ’ৰ্চকো মোতায়েন কৰিছে৷ এই পৰিস্থিতিত এতিয়া আন্দোলনকাৰী নেতৃবৰ্গই গ্ৰেপ্তাৰৰ পৰা ৰক্ষা পৰিবৰ বাবে আত্মগোপন কৰিলেও আন্দোলন শেষ আৰু আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ বৰণ কৰি জে’লত সোমাই থাকিলেও আন্দোলন শেষ৷ সেয়া হ’ব শাসকৰ চাণক্য নীতিৰ বিজয়৷