Logo
image

SCERT কেলেংকাৰীৰ মূল অভিযুক্ত শেৱালী দেৱীক পুনৰ গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ SCERTৰ ১০৫ কোটি টকাৰ কেলেংকাৰীৰ মূল অভিযুক্ত শেৱালী দেৱীক বৃহস্পতিবাৰে কাৰাগাৰতে পুনৰ মুখ্যমন্ত্ৰী তদাৰকী কোষে গ্ৰেপ্তাৰ কৰে। আয়বৰ্হিভূত সম্পত্তি গঢ়াৰ অভিযোগত শেৱালী দেৱীক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁক কামৰূপ জিলাৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয়। আদালতে দুয়োপক্ষৰ অধিবক্তা যুক্তি-তৰ্ক শুনি শেৱালী দেৱীক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । 

উল্লেখ্য যে ডিএলএড পাঠ্যক্রমৰ দূৰৱর্তী আৰু মুক্ত শিক্ষাৰ প্রশিক্ষণৰ নামত অসম ৰাজ্যিক শিক্ষা, গৱেষণা আৰু প্রশিক্ষণ পৰিষদ চমুকৈ SCERTত সংঘটিত ১০৫ কোটি টকীয়া কেলেংকাৰী সন্দর্ভত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে তদানীন্তন কার্যবাহী অধ্যক্ষ তথা সঞ্চালক আইএএছ বিষয়া শেৱালি দেৱী শর্মা, সাংবাদিক আৰু আৰ টি আই কৰ্মীক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছিল। এই বিয়াগোম পুঁজি বিষয়া শর্মাই সকলো চৰকাৰী নীতি-নিয়ম জলাঞ্জলি দি কোনোধৰণৰ চৰকাৰী অনুমোদন নোহোৱাকৈ জধেমধে ভুৱা বিলেৰে বিভিন্ন পক্ষক আদায় দিয়া বুলি দেখুওৱাৰ লগতে বুজন পৰিমাণৰ টকা আত্মসাৎ কৰিছিল৷ ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তসকলৰ বিৰুদ্ধে আদালতত অভিযোগনামা দাখিল কৰিছে।