Logo
image

মণিপুৰত পুনৰ অস্ত্ৰ লুট সান্ধ্যআইন শিথিল প্ৰত্যাহাৰ

ইম্ফল, ৪ আগষ্টঃ মণিপুৰত পুনৰ আৰম্ভ হৈছে হিংসা৷ বৃহস্পতিবাৰে পুৱাৰে পৰা সংঘৰ্ষজৰ্জৰ ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাত এইবাৰ নিৰাপত্তাবাহিনীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় মেইটেই সম্প্ৰদায়ৰ কেইবাশ মহিলা৷ এই ঘটনাত ১৭ জন লোক গুৰুতৰভাৱে আহত হৈছে৷ আনহাতে একেটা দিনতে বিষ্ণুপুৰৰ ২ নং আই আৰ বিৰ এটা শিবিৰৰ পৰা অস্ত্ৰ লুটৰ ঘটনা সংঘটিত হয়৷ ইম্ফলতো এদল দুষ্কৃতিকাৰীয়ে নিৰাপত্তাবাহিনীৰ শিবিৰৰ পৰা অস্ত্ৰ-শস্ত্ৰ   লুটৰ চেষ্টা চলায় যদিও এই চেষ্টা ব্যৰ্থ হয়৷ উল্লেখ্য যে বিষ্ণুপুৰ জিলাত বৃহস্পতিবাৰে পুৱা মেইটেই সম্প্ৰদায়ৰ কেইবাশ মহিলাই জিলাখনত সেনা বাহিনীৰ তহল বন্ধ কৰাৰ বাবে ওলাই আহে৷ এনে অৱস্থাত প্ৰতিবাদী মহিলাসকলক নিৰাপত্তা বাহিনীয়ে বাধা দিয়াৰ চেষ্টা চলায়৷ এটা সময়ত মহিলাসকলে নিৰাপত্তা বাহিনীৰ বেৰিকেড পাৰ হৈ কৰ্তব্যৰত জোৱানসকলৰ ওপৰত শিলাবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে৷ এনে অৱস্থাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ আৰু শূন্যলৈ গুলিচালনা কৰিবলৈ বাধ্য হয়৷ ইয়াৰ পাছতো মেইটেই সম্প্ৰদায়ৰ মহিলাসকলে নিৰাপত্তা বাহিনীৰ সৈতে হতাহতিত লিপ্ত হয়৷ পৰিণতিত নিৰাপত্তা বাহিনীয়ে লাঠী চালনা কৰে৷ ফলত আহত হয় ১৭জন লোক৷ ইপিনে, আন এক ঘটনাত এদল দুষ্কৃতিকাৰীয়ে বিষ্ণুপুৰত থকা এটা নিৰাপত্তাবাহিনীৰ শিবিৰৰ পৰা ভালে সংখ্যক অস্ত্ৰ-শস্ত্ৰ লুট কৰি নিয়ে৷ ইম্ফলতো পুৱাৰে পৰা অব্যাহত থকা উত্তেজনাৰ মাজতে আন এদল দুষ্কৃতিকাৰীয়ে অস্ত্ৰ লুটৰ চেষ্টা চলায়৷ এই ঘটনাত নিৰাপত্তা বাহিনীয়ে দুষ্কৃতিকাৰীসকলৰ অপচেষ্টা ৰোধ কৰিবলৈ সক্ষম হয়৷ পুৱাৰে পৰা অব্যাহত থকা উত্তেজনাময় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিষ্ণুপুৰ, পূব ইম্ফল আৰু পশ্চিম ইম্ফলত পূৰ্বে শিথিল কৰা সান্ধ্য আইন পুনৰ বলবৎ কৰিবলৈ বাধ্য হয়৷ বিষ্ণুপুৰৰ কানভি আৰু ফুগাচাও অঞ্চলতো আৰক্ষীয়ে এদল দুষ্কৃতিকাৰীক চত্ৰভংগ দিয়াবলৈ শূন্যলৈ গুলি চলায়৷ ইপিনে বৃহস্পতিবাৰে মণিপুৰৰ চুৰাচান্দপুৰ জিলাত গোষ্ঠী সংঘৰ্ষৰ ফলত প্ৰাণ হেৰুৱা ৩৫জন কুকি লোকৰ সমূহীয়া সৎকাৰৰ ব্যৱস্থা কৰা হৈছিল যদিও ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুৰোধ ক্ৰমে সৎকাৰ অনুষ্ঠান স্থগিত ৰখা হয়৷ উল্লেখ্য যে মণিপুৰত ৩ মে’ৰ পৰা কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত চলা সংঘাতক কেন্দ্ৰ কৰি অব্যাহত আছে হিংসা৷ এই পৰ্যন্ত ৰাজ্যখনৰ গোষ্ঠীগত হিংসাত ১৬০ জনতকৈ অধিক লোকৰ মৃত্যু ঘটাৰ লগতে আন কেইবাশ লোক আহত হৈছে৷ কেইবা হাজাৰ লোক গৃহহাৰা হৈ শৰণাৰ্থী শিবিৰত আশ্ৰয় গ্ৰহণ কৰিবলগা হৈছে৷ হিংসা কিছুদিনলৈ শাম কাটিছিল যদিও কেইদিনমান পূৰ্বে দুগৰাকী মহিলাক নগ্ন কৰি সমদল কৰা এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে পৰিস্থিতিয়ে পুনৰ জটিল ৰূপ লয়৷ যাৰ ফলত দৈনিক ৰাজ্যখনৰ বিভিন্ন জিলাত সংঘটিত হ’বলৈ ধৰে ইটোৰ পিছত সিটো হিংসাত্মক ঘটনা৷

মণিপুৰৰ পাছত হাৰিয়নাৰ হিংসাক লৈ উদ্বেগ প্ৰকাশ আমেৰিকাৰ

নতুন দিল্লীঃ হাৰিয়ানাৰ নুহ অঞ্চলৰ পৰা গুৰুগ্ৰাম তথা দিল্লীৰ বিভিন্ন অঞ্চললৈ সম্প্ৰসাৰণ ঘটা সাম্প্ৰদায়িক সংঘৰ্ষক লৈ আমেৰিকাই উদ্বেগ প্ৰকাশ কৰিছে৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বৈদেশিক দপ্তৰৰ মুখপাত্ৰ মেথিউ মিলাৰে এই সন্দৰ্ভত সকলো পক্ষকে শান্ত হ’বলৈ আহ৩ান জনাইছে৷ তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে যিসকলে সাম্প্ৰদায়িকতাৰ দৰে বিষবাষ্প বিয়পোৱা কাৰ্যত লিপ্ত হৈছে তেওঁলোকে সাধাৰণ লোকৰ নিৰাপত্তাৰ স্বাৰ্থতে শান্ত হোৱা উচিত৷ উল্লেখ্য যে সোমবাৰে হাৰিয়ানাৰ নুহ জিলাত একাংশ লোকে উলিওৱা এক ধৰ্মীয় সমদলৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হয়৷ ইয়াৰ পাছতে পৰিস্থিতিয়ে ভয়ানক ৰূপ ধাৰণ কৰে৷ মুহূৰ্তৰ ভিতৰতে এই হিংসাই সাম্প্ৰদায়িক ৰূপ লোৱাৰ লগতে একাংশই এফালৰ পৰা যান-বাহন তথা ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নি সংযোগ কৰিবলৈ আৰম্ভ কৰে৷ আৰম্ভ হয় দুয়োপক্ষৰ মাজত শিলাবৰ্ষণ আৰু মাৰপিট৷ পৰিণতিত তিনিজন গৃহৰক্ষী জোৱান নিহত হোৱাৰ লগতে আন কেইবাজনো লোক আহত হয়৷ সোমবাৰে পুৱতি নিশা এই হিংসা দিল্লীৰ গুৰুগ্ৰামলৈ সম্প্ৰসাৰণ ঘটে৷ এইবাৰ একাংশ লোকে গুৰুগ্ৰামৰ এটা বিশেষ সম্প্ৰদায়ৰ ব্যৱসায়িক প্ৰতিষ্ঠান বিশেষকৈ মাংসৰ দোকানত আক্ৰমণ চলাবলৈ আৰম্ভ কৰে৷ ঠায়ে ঠায়ে আক্ৰমণ চলে ধৰ্মীয় প্ৰতিষ্ঠানত৷ ইয়াৰ মাজতে এদল লোকে এটা মছজিদৰ ইমামক আক্ৰমণ কৰি হত্যা কৰে৷ আক্ৰমণৰ বলি হয় এগৰাকী মহিলা ন্যায়িক দণ্ডাধীশ তথা তেওঁৰ শিশু সন্তানো৷ মহিলা দণ্ডাধীশগৰাকীয়ে শিশু সন্তানটিক লগত লৈ নিজৰ গাড়ীৰে গুৰুগ্ৰাম অভিমুখে আহি থাকোতে এদল লোকে তেওঁৰ গাড়ীখন আগভেটি ধৰে আৰু ইটা দলিয়াবলৈ আৰম্ভ কৰে৷ এনে অৱস্থাত মহিলা দণ্ডাধীশগৰাকীয়ে কথমপি শিশু সন্তানটিক গাড়ীৰ পৰা উলিয়াই দৌৰি গৈ নিজৰ প্ৰাণ ৰক্ষা কৰে৷ কিন্তু ইতিমধ্যে উন্মক্ত লোকসকলে তেওঁৰ গাড়ীখন জ্বলাই দিয়ে৷ দণ্ডাধীশগৰাকীৰ চকুৰ সন্মুখতে হিংস্ৰ হৈ অহা লোকৰ দলটোৱে এফালৰ পৰা জ্বলাবলৈ আৰম্ভ কৰে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ৷ মঙলবাৰে নিশাও হাৰিয়ানা-দিল্লী সীমান্তত অব্যাহত থাকে হিংসা৷ ইপিনে, হিংসাত্মক ঘটনাৱলী তথা পৰিস্থিতিলৈ চাই দিল্লী চৰকাৰে অহা প্ত আগষ্টলৈ সমগ্ৰ অঞ্চলটোত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে৷ এই ঘটনাৱলীক কেন্দ্ৰ কৰি উদ্বেগ প্ৰকাশ কৰিছে আমেৰিকাই৷