Logo
image

বাতৰিকাকত ব্যৱসায়ৰ অগ্ৰণী মুকুট ভূঞাৰ এন্‌কেফেলাইটিছত মৃত্যু

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ,৪ আগষ্টঃ  জীৱন নাট সামৰিলে সমাজপ্ৰেমী, সংস্কৃতিবান, বাতৰিকাকতৰ অকুণ্ঠ প্ৰেমী মানুহজনে৷ এখন আধুনিক চহৰৰ হৃদপিণ্ডত বাস কৰি, এটা ঐতিহ্যমণ্ডিত স্বাধীনতা সংগ্ৰামী  পৰিয়ালৰ উত্তৰসুৰী হৈয়ো সহজ-সৰলভাৱে জীৱন অতিবাহিত কৰা লোকসেৱক হলধৰ ভূঞাৰ পুত্ৰ মুকুট চন্দ্ৰ ভূঞাৰ আজি দেহাৱসান ঘটে৷ নগাঁও চহৰৰ নতুন বজাৰ নিৱাসী চিৰকুমাৰ মুকুট চন্দ্ৰ ভূঞাৰ আজি দুপৰীয়া চিকিৎসাধীন অৱস্থাত নগাঁও চহৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৪ বছৰ৷ যোৱা ২৮ জুলাইৰ সন্ধিয়া আকস্মিকভাৱে অসুস্থ হৈ পৰা মুকুট চন্দ্ৰ ভূঞাক তেওঁৰ কেইজনমান ঘনিষ্ঠ শুভাকাংক্ষীয়ে প্ৰথম অৱস্থাত নগাঁও চহৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও পৰৱৰ্তী সময়ত কিছু উন্নত চিকিৎসাৰ বাবে তেওঁক চহৰখনৰে আন এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰে৷ পাছত তেওঁৰ দেহত জাপানিজ এনকেফেলাইটিছ ৰোগ ধৰা পৰে৷ আজি দুপৰীয়া চিকিৎসাধীন অৱস্থাত বিশিষ্ট সমাজকৰ্মীজনে শেষ নিশ্বাস ত্যাগ কৰে৷ মুকুট চন্দ্ৰ ভূঞাই নগাঁৱৰ উপৰি শ্বিলঙৰ চেইণ্ট এডমানছ কলেজত কলেজীয়া শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত ১৯৬৫ চনত পুনে ফিল্ম ইনষ্টিটিউটৰ পৰা চলচ্ছিত্ৰ সম্পাদনাৰ শিক্ষা গ্ৰহণ কৰি পুনৰ অসমলৈ উভতি আহে৷ পুণে ফিল্ম ইনষ্টিটিউটত অধ্যয়ন কৰি থকাৰ সময়ত প্ৰখ্যাত চলচ্ছিত্ৰ নিৰ্মাতা-পৰিচালক আদূৰ গোপাল কৃষ্ণণ, সুভাষ ঘাই, মণি কৌল, আভিনেতা আচৰাণিৰ দৰে ভাৰতীয় চলচ্ছিত্ৰ জগতৰ বিশিষ্ট ব্যক্তিসকল মুকুট চন্দ্ৰ ভূঞাৰ সহপাঠী আছিল৷ ভূঞা নগাঁৱত সাধু কোৱা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাটকটীয়া আছিল৷ নগাঁৱলৈ উভতি অহাৰে পৰা তেওঁ বাতৰিকাকত-আলোচনীৰ পৰিৱেশকৰ দায়িত্ব পালন কৰি আহিছে৷ বাতৰিকাকতৰ পৰিৱেশকৰ দায়িত্ব পালনত তেওঁ ইমানেই সচেতন আছিল যে কেতিয়াবা তেওঁ নিজেও বাতৰিকাকত বিতৰণ কৰিছিল৷ এজন সমাজহিতৈষী ব্যক্তি হিচাপে নগাঁৱৰ সমাজ জীৱনত বিশেষভাৱে পৰিচিত মুকুট চন্দ্ৰ ভূঞাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে নগাঁও চহৰৰ বাসিন্দাসকল শোকস্তব্ধ হৈ পৰে৷ আজি বিয়লি মুকুট চন্দ্ৰ ভূঞাৰ নশ্বৰ দেহ নতুন বজাৰৰ বাসগৃহ আহি পোৱাৰ পাছত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি,  কবি প্ৰয়াগ শইকীয়া, চিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱা,  শ্ৰীমন্ত শংকৰ মিছন সমিতি, কল্লোল সাংস্কৃতিক গোষ্ঠী, কিশলয়, নগাঁও পৌৰসভা, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা, শিল্পী কানন, অসম প্ৰমুখ্যে ভালেসংখ্যক ব্যক্তি আৰু সংগঠনৰ প্ৰতিনিধিয়ে ভূঞাৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷  মুকুট চন্দ্ৰ ভূঞাৰ জীৱনৰ আধাৰত বিশিষ্ট তথ্যচিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাই ‘কিয়ৰস্কুৰ’ নামৰ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল৷ নগাঁৱৰ বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানেৰে জড়িত মুকুট চন্দ্ৰ ভূঞা এজন সমাজ সচেতন ব্যক্তি হিচাপে নগাঁৱৰ সমাজ জীৱনত জড়িত হৈ আছিল৷ মুকুট চন্দ্ৰ ভূঞাৰ মৃত্যুত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁৱৰ সাংসদ প্ৰদ্য়ুৎ বৰদলৈ, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা,  প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, নগাঁও জিলা সাহিত্য সভা, নগাঁও প্ৰেছ ক্লাব, , কলংপাৰ কাকত গোষ্ঠী,  ‘আমাৰ অদিতি’ বাতৰিকাকত গোষ্ঠী, বাৰ্তাজীৱি সংঘৰ নগাঁও জিলা সমিতি, সাংবাদিক পৰিষদ অসমৰ নগাঁও জিলা সমিতি, সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতি, সদৌ নগাঁও ৰঙালী বিহু উৎসৱ সমিতি, নগাঁও নাট্য সমিতি, শ্ৰীমন্ত শংকৰ মিছন, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা, ৰূমী-ৰূপক এণ্টাৰপ্ৰাইজ, সুৰৰ পানচৈ শিল্পী সমাজ, গণনাট্য সংঘ, চিপিআই, জ্যেষ্ঠ নাগৰিক সন্মিলনী, সমলয় সাংস্কৃতিক গোষ্ঠীকে ধৰি ভালেসংখ্যক ব্যক্তি আৰু অনুষ্ঠানে শোক প্ৰকাশ কৰে৷ আনহাতে, মুকুট চন্দ্ৰ ভূঞাৰ মৃত্যুত শোক প্ৰকাশ কৰি আজি বিয়লি নতুন বজাৰ অঞ্চলৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰখা হয়৷ আজি সন্ধিয়া ভালেসংখ্যক লোকৰ উপস্থিতিত আমোলাপট্টি সাৰ্ব্বজনীন শ্মশানত মুকুট চন্দ্ৰ ভূঞাৰ নশ্বৰ দেহৰ শেষকৃত্য সম্পন্ন কৰা হয়৷

এনকেফেলাইটিছসদৃশ ৰোগত কামৰূপত ৫জনৰ মৃত্যু

‘আমাৰ অসম’ৰ শুৱালকুছিৰ প্ৰতিবেদকঃ কামৰূপ জিলাত জাপানিজ এনকেফেলাইটিছসদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে৷ বৰ্তমানলৈ জিলাখনত ৩৩জন লোক এনকেফেলাইটিছসদৃশ ৰোগত আক্ৰান্ত হোৱাৰ তথ্য কামৰূপ জিলা স্বাস্থ্য বিভাগে সদৰি কৰিছে৷ শেহতীয়াকৈ জিলাখনৰ পাঁচজন এনকেফেলাইটিছসদৃশ ৰোগত আক্ৰান্ত লোকৰ মৃত্যু হোৱাৰ তথ্যই ৰাইজক শংকিত কৰি তুলিছে৷ কামৰূপ জিলাৰ মেলেৰীয়া বিভাগে সদৰি কৰা তথ্য অনুসৰি হাজোৰ ভগৱান কলিতা, আৰজেদ আলী, নগৰবেৰা মালিবাৰী পথাৰৰ চাহিদা বেগম, শুৱালকুছিৰ নিত্যানন্দ কলিতা, পিয়লিখাটাৰ নাৰায়ণ ধিঙৰ এনকেফেলাইটিছসদৃশ ৰোগত মৃত্যু হৈছে৷ কামৰূপ জিলা স্বাস্থ্য বিভাগে সকলোকে সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে৷ অতিপাত জ্বৰ, মূৰৰ বিষ, অচেতন হোৱাৰ লক্ষণ দেখা দিলে লগে লগে চিকিৎসকৰ ওচৰ চাপিবলৈ জিলাবাসীক আহ্বান জনাইছে স্বাস্থ্য বিভাগে৷

শিৱসাগৰত জাপানিজ এনকেফেলাইটিছত তিনিজনৰ মৃত্যু

‘আমাৰ অসম’ৰ শিৱসাগৰৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ শিৱসাগৰ জিলাত জাপানিজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছসদৃশ লক্ষণযুক্ত ৰোগে সংহাৰৰূপ ধাৰণ কৰিছে৷ এই ৰোগত জিলাখনত এতিয়ালৈকে ৩জন লোকৰ মৃত্যু হৈছে৷ জিলাখনত আজিলৈকে জাপানিজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছসদৃশ লক্ষণযুক্ত ৰোগত মুঠ ৫৭জন ব্যক্তি আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে৷ ইয়াৰ ভিতৰত জাপানিজ এনকেফেলাইটিছত ১৯জন আৰু এনকেফেলাইটিছসদৃশ ৰোগত ৩৮জন লোক আক্ৰান্ত হৈছে৷ লক্ষ্যণীয় যে, আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱাৰ অধিকাংশই বিগত সময়চোৱাত প্ৰতিষেধক ভেক্‌চিনো লৈছিল৷ এই কথা সদৰি কৰিছে শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকে৷ যুটীয়া স্বাস্থ্য সঞ্চালকজনে সদৰি কৰা অনুসৰি ডিমৌ স্বাস্থ্য খণ্ডৰ এলেকাত সৰ্বাধিক ৮জন, গেলেকীত ৫জন, খেলুৱাত ৪ জন আৰু ম’ৰাবজাৰ খণ্ডত ২ জন লোক জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে বুলি সংগৃহীত বিভাগীয় তথ্যত স্পষ্ট কৰি দিছে৷

গহপুৰত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত শিশু

‘আমাৰ অসম’ৰ গহপুৰৰ প্ৰতিবেদকঃ সততে বানৰ কৱলত পৰা গহপুৰত জাপানিজ এনকেফেলাইটিছ ৰোগৰ আক্ৰান্ত হৈছে এটি শিশু৷ এই ৰোগত আক্ৰান্ত হৈ শিশুটি বৰ্তমান চিকিৎসাধীন হৈ থকা বুলি গহপুৰ মহকুমা মেলেৰিয়া বিভাগৰ জ্যেষ্ঠ মেলেৰিয়া পৰিদৰ্শক চম্পক দাসে জানিবলৈ দিছে৷ জ্য়েষ্ঠ পৰিদৰ্শক দাসে জানিবলৈ দিয়া মতে, গহপুৰ মহকুমাৰ কাউৰীপথাৰ নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত চন্দামাৰী বঙালীৰ লক্ষ্মীকান্ত চুৰালৰ গগণ চুৰাল নামৰ ডেৰ বছৰীয়া পুত্ৰ চাৰিদিন ধৰি তেজপুৰ মেডিকেল কলেজ হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে৷ প্ৰথম অৱস্থাত অতিপাত জ্বৰ আৰু মূৰৰ বিষত ভোগা গগণক স্থানীয় চিকিৎসালয়ত চিকিৎসা কৰি ভাল নোহোৱাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ পাছত তেওঁ জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হোৱা বুলি ধৰা পৰে৷ ইপিনে কালি গহপুৰ মহকুমা মেলেৰিয়া বিভাগৰ জ্যেষ্ঠ মেলেৰিয়া পৰিদৰ্শক চম্পক দাসৰ নেতৃত্বত অহা মেলেৰিয়া বিভাগৰ দলে উক্ত চন্দামাৰী বঙালী গাঁৱত  জাপানিজ এনকেফেলাইটিছ সন্দৰ্ভত সজাগতা সভা আঁঠুৱা ঔষধিকৰণ আৰু সন্ধিয়া মেচিনৰ সহায়ত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰে৷