Logo
image

৩০০ টকা চুবগৈ পাৰে বিলাহীৰ দামে

নতুন দিল্লী, ৪ আগষ্টঃ বিলাহীৰ দাম পুনৰ আকাশলংঘী হোৱাৰ দিশে আগবাঢ়িছে৷ অহা দুই-এদিনৰ ভিতৰত দেশজুৰি বিলাহীৰ দাম পাইকাৰী বজাৰত প্ৰতি কিলোগ্ৰামত ৩০০ টকালৈকে হ’ব পাৰে৷ বিলাহী উৎপাদনকাৰী ৰাজ্যসমূহত হোৱা  অতিবৃষ্টিৰ বাবেই এনে দাম বৃদ্ধি হোৱা বুলি জানিবলৈ দিছে কেন্দ্ৰীয় চৰকাৰৰ উপভোক্তা মন্ত্ৰালয়ে৷ মন্ত্ৰালয়ৰ তথ্য অনুসৰি বুধবাৰে দিল্লীত প্ৰতি কেজি বিলাহীৰ খুচুৰা মূল্য আছিল কেজিত ২০৩ টকা৷ বৃহস্পতিবাৰে অৱশ্যে বিলাহীৰ দাম কিলোগ্ৰামত ১০ টকা হ্ৰাস পায় যদিও অহা ২-৩ দিনত ইয়াৰ দাম পুনৰ বৃদ্ধি পোৱাৰ আশংকা আছে৷ কেন্দ্ৰীয় উপভোক্তা মন্ত্ৰালয়ৰ এটা সূত্ৰৰ মতে বিগত দিনসমূহত অতিবৃষ্টিৰ বাবেই বজাৰত বিলাহীৰ যোগান অভাৱনীয়ভাৱে হ্ৰাস পাবলৈ ধৰে৷ বিগত প্ৰায় এমাহ ধৰি বজাৰত বিলাহীৰ যোগান কমি আহিছে৷ যাৰফলত পাচলিবিধৰ দাম লাহে লাহে বৃদ্ধি পাবলৈ আৰম্ভ কৰে৷ বিলাহীৰ লগতে কেপছিকামৰ দামো ক্ৰমাৎ বাঢ়িবলৈ আৰম্ভ কৰিছে৷ এছিয়াৰ ভিতৰত ফলমূল আৰু পাচলিৰ বৃহৎ বজাৰ দিল্লীৰ আজাদপুৰৰ এজন পাইকাৰী পাচলি বিক্ৰেতাই সংবাদ প্ৰতিষ্ঠানক জনোৱা মতে হিমাচল প্ৰদেশত হোৱা ভূমিস্খলন আৰু প্ৰৱল বৰষুণৰ বাবে বিলাহীৰ পৰিৱহণত সমস্যাৰ সৃষ্টি হৈছে৷ যাৰ বাবে বিলাহীৰ দামে প্ৰতি কিলোগ্ৰামত ৩০০ টকা অতিক্ৰম কৰিব পাৰে বুলি তেওঁ জনায়৷ উল্লেখ্য যে বিলাহীৰ দাম উদ্ধৰ্মুখী হোৱাত ১৪ জুলাইৰ পৰা দিল্লীত কেন্দ্ৰীয় চৰকাৰে ন্যায্যমূল্যত বজাৰত বিলাহীৰ যোগান ধৰা আৰম্ভ কৰে৷ দিল্লীৰ লগতে বিহাৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানাৰ উপৰি অন্যান্য ৰাজ্যসমূহতো কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যত বিলাহী বিক্ৰী হ’বলৈ ধৰে৷ ইয়াৰ ফলত কিছুদিনলৈ বিলাহীৰ দাম কমিবলৈ ধৰে যদিও চৰকাৰীভাৱে যোগান ধৰা বিলাহীৰ পৰিমান কমিবলৈ আৰম্ভ কৰাত পুনৰ আকাশলংঘী হ’বলৈ ধৰে ইয়াৰ দাম৷

আজাদপুৰৰ টমেটো এছ’চিয়েছনৰ সভাপতি অশোক কৌশিকে জানিবলৈ দিয়া মতে যোৱা তিনিদিনত বজাৰত বিলাহীৰ আমদানি অভাৱনীয়ভাৱে কমিবলৈ আৰম্ভ কৰিছে৷ প্ৰৱল বৰষুণে বিলাহী খেতি নষ্ট কৰাৰ বাবেই এনেকুৱা হোৱা বুলি তেওঁ উল্লেখ কৰে৷ কৌশিকৰ মতে পৰিস্থিতি যদিও একেদৰে থাকে তেন্তে খুচুৰা বজাৰত বিলাহীৰ দামে ৩০০ টকা অতিক্ৰম কৰাটো খাটাং৷