Logo
image

মহাত্মাৰ নহয়, মোদীৰ জন্মদিনতহে গছপুলি ৰুই অভিলেখ গঢ়িব ৰাজ্যই

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ আগষ্টঃ ১৭ ছেপ্টেম্বৰ৷ ১৭ ছেপ্টেম্বৰ দিনটোৰ বিশেষ তাৎপৰ্য হৈছে দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন৷ ১৯৫০ চনৰ ১৭ ছেপ্টেম্বৰৰ দিনটোতে গুজৰাটৰ ভাদনগৰত জন্ম লাভ কৰিছিল নৰেন্দ্ৰ দামোদৰ মোদীয়ে৷ আৰু প্ৰায় এমাহৰ পাছতেই প্ৰধানমন্ত্ৰী মোদীয়ে ৭৩ বছৰত ভৰি দিব৷ নৰেন্দ্ৰ মোদীৰ ৭৩ বছৰীয়া জন্ম দিনটো বিশেষ কৰি তোলাৰ বাবে পৰিকল্পনা হাতত লৈছে অসম চৰকাৰে৷ মোদীৰ জন্ম দিনত এইবাৰ বিশেষ উপহাৰ দিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে৷ জন্মদিনৰ উপহাৰ হিচাপে ১৭ ছেপ্টেম্বৰত ১ লাখ গছপুলি ৰোপণেৰে ‘অমৃত বৃক্ষ’ কাৰ্যসূচী গ্ৰহণ কৰি বিশ্ব ৰেকৰ্ড গঢ়িব অসম চৰকাৰে৷ পূৰ্বতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২ অক্টোবৰৰ মহামানৱ মহাত্মা গান্ধীৰ জন্ম দিনটোত অসম চৰকাৰে পুৱা ৯ বজাৰ পৰা ১১ বজালৈ ১ লাখ বৃক্ষৰোপণৰ কাৰ্যসূচীৰ পৰিকল্পনাৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰিছিল৷ আনকি ২ অক্টোবৰৰ এই কাৰ্যসূচীৰ বাবে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় বন আৰু পৰিৱেশ দপ্তৰৰ মন্ত্ৰীক সাক্ষাৎ কৰি বন গৱেষণা প্ৰতিষ্ঠানৰ বিশেষজ্ঞৰ পৰা পৰামৰ্শও বিচাৰিছিল৷ কিন্তু হঠাতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰ লাখ গছপুলি ৰোপণৰ ‘অমৃত বৃক্ষ’ কাৰ্যসূচী আগুৱাই আনিলে৷ মহাত্মা গান্ধীৰ জন্মদিন গান্ধী জয়ন্তীৰ দিনটোত উক্ত ১ লাখ গছপুলি ৰোপণৰ পৰিৱৰ্তে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন ১৭ ছেপ্টেম্বৰলৈ ‘অমৃত বক্ষ’ কাৰ্যসূচী আগুৱাই আনিছে৷ মুখ্যমন্ত্ৰী শৰ্মাই বুধবাৰে দিছপুৰত নিজেই ১ লাখ গছপুলি ৰোপণৰ কাৰ্যসূচী ২ অক্টোবৰৰ পৰিৱৰ্তে ১৭ ছেপ্টেম্বৰলৈ আগুৱাই অনাৰ কথা ৰাজহুৱা কৰে৷ আনকি ১৭ ছেপ্টেম্বৰৰ উক্ত অমৃত বৃক্ষ আন্দোলনৰ ৱেব’ পৰ্টেল, মোবাইল এপ, থীম চং মুকলি কৰে মুখ্যমন্ত্ৰীয়ে৷ অৱশ্যে কি কাৰণত ২ অক্টোবৰৰ পৰিৱৰ্তে ১৭ ছেপ্টেম্বৰত অমৃত বৃক্ষ কাৰ্যসূচী গ্ৰহণ কৰিব সেই সন্দৰ্ভত কোনো তথ্য স্পষ্ট কৰা নাই মুখ্যমন্ত্ৰীয়ে৷ কিন্তু দিছপুৰৰ এটা সূত্ৰই প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি ১৭ ছেপ্টেম্বৰত বৃক্ষৰোপণ কৰা হ’ব বুলি জানিবলৈ দিছে৷ লক্ষণীয় বিষয়টো হৈছে অসম চৰকাৰে গছপুলি ৰোপণ কৰি অভিলেখ গঢ়াৰ পৰিকল্পনা কৰিলেও একেখন চৰকাৰৰ কাৰ্যকালত উন্নয়নৰ নামত সমগ্ৰ ৰাজ্যতে হাজাৰ হাজাৰ গছ কাটি পেলোৱা হৈছে৷ খোদ গুৱাহাটী মহানগৰীতে শেহতীয়াকৈ ১,১০০ জোপা বৃহৎ গছ কাটি পেলোৱা হ’ল৷ অৱশ্যে ১৭ ছেপ্টেম্বৰত ১ লাখ গছপুলি ৰোপণৰ পৰিকল্পনা কৰিলেও বৰ্তমান জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা উৎকট গৰমত গছ পুলিবোৰ মৰি যোৱাৰো আশংকা কৰিছে প্ৰকৃতিপ্ৰেমীসকলে৷ ছেপ্টেম্বৰ মাহ গছপুলি ৰোপণৰ উপযুক্ত সময় নহয় বুলিও উনুকীয়াই দিছে কেইবাজনো উদ্ভিদ বিশেষজ্ঞই৷ তেনেস্থলত ৰাজকোষৰ ধন ব্যয় কৰি মোদীৰ জন্মদিনৰ উপহাৰ স্বৰূপে ‘অমৃত বৃক্ষ’ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ গৈ চৰকাৰী ধন অপচয় কৰা হ’ব নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ উল্লেখ্য বিগত বৰ্ষৰ ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে মধ্য প্ৰদেশৰ কুন’ ৰাষ্ট্ৰীয় উদ্যানত নামিবিয়াৰ পৰা অনা মুঠ ৮টা চিতাবাঘ মেলি দিয়া হৈছিল৷ উদ্দেশ্য আছিল ভাৰতত চিতাৰ বংশবৃদ্ধি কৰা৷ কিন্তু বংশবৃদ্ধিতো দূৰৈৰে কথা, প্ৰথমবাৰ নামিবিয়াৰ পৰা অনা মুঠ ৯টা চিতাৰে মৃত্যু হৈছে৷ চিতা বাঘৰ প্ৰকল্পৰ নামত মুঠ ৯৯০ কোটি ধাৰ্য কৰা হৈছিল৷ চিতাৰ চোৱাচিতাৰ বাবদ বছৰি প্ৰায় ৫০০ কোটি ব্যয় হয়৷ এটা বছৰ সম্পূৰ্ণ নহওঁতেই ইতিমধ্যে ৯টা বাঘৰ মৃত্যু হ’ল৷ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত মুকলি কৰি দিয়া ৮টা বাঘৰ ভিতৰত সংখ্যাৰ ফালৰ পৰা ৯টা বাঘে মৃত্যুক সাৱটিলে৷ সেই সময়ত অত্যন্ত জাকজমকতাৰে এই বাঘ এৰি দিয়াৰ কাৰ্যৰ শুভাৰম্ভ কৰা হৈছিল৷ কিন্তু নামিবিয়াৰ জলবায়ুৰ লগত ভাৰতৰ জলবায়ুৰ বৃহৎ পাৰ্থক্যৰ বাবেই চিতা বাঘৰ প্ৰকল্পটো সফল নহ’ল বুলিও নামিবিয়াৰ বিশেষজ্ঞই দাবী কৰিছে৷