Logo
image

দিল্লী বিধেয়ক গৃহীত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ আগষ্টঃ বিৰোধীৰ ৱাক আউটৰ মাজতে কালি লোকসভাত গৃহীত হ’ল ‘নেচনেল কেপিটেল টেৰিটৰি অব দিল্লী [এমেণ্ডমেণ্ট বিল] বিধেয়ক ২০২৩৷ ইয়াৰ দ্বাৰা ৰাজধানী দিল্লীত নিয়োজিত কেন্দ্ৰীয় চৰকাৰৰ গ্ৰুপ ‘এ’ বিষয়াসকলৰ নিযুক্তি আৰু বদলি প্ৰত্যক্ষভাৱে কেন্দ্ৰীয় চৰকাৰে নিয়ন্ত্ৰণ কৰিব পাৰিব৷ অৰ্থাৎ দিল্লী চৰকাৰৰ অধীনস্থ আই এ এছ বিষয়াসকলৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰৰ হাতত নাথাকিব৷ গৃহ, আৰক্ষীৰ দৰেই অসামৰিক সেৱাতো কোন আমোলা ক’ত নিযুক্তি হ’ব, সেয়া ঠিৰাং কৰিব কেন্দ্ৰীয় চৰকাৰে৷ কাৰ্যতঃ নখ দন্তহীন  হৈ পৰিব দিল্লীৰ কেজৰিৱাল নেতৃত্বাধীন আপ চৰকাৰ৷ অৱশ্যে ইয়াৰ বাবে আজি লোকসভাত গৃহীত হোৱা বিধেয়কখন ৰাজ্যসভাতো গৃহীত হ’ব লাগিব৷ উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে যোৱা ১৯ মে’ত এই সন্দৰ্ভত এক অধ্যাদেশ জাৰি কৰি দিল্লীত সেৱা আগবঢ়োৱা গ্ৰুপ ‘এ’ৰ বিষয়াসকলৰ নিযুক্তি আৰু বদলিৰ বাবে এক কতৃৰ্পক্ষ গঠন কৰিছিল৷ উচ্ছতম ন্যায়ালয়ে দিল্লীৰ নিৰ্বাচিত চৰকাৰে আইন শৃংখলাৰ বাহিৰে অন্যান্য সেৱা সমূহত নিজৰ কতৃৰ্ত্বৰ খটুৱাব পাৰিব বুলি দিয়া ৰায়দানৰ এদিন পাছতে কেন্দ্ৰীয় চৰকাৰে এই অধ্যাদেশ জাৰি কৰিছিল৷ উল্লেখ্য যে আজিৰ এই বিধেয়ক গৃহীতকৰণৰ বিতৰ্কত ভাগলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়–‘সেৱাসমূহ সদায় কেন্দ্ৰীয় চৰকাৰৰ বিষয়৷ উচ্ছতম ন্যায়ালয়েও ইয়াৰ বাখ্যা দিছে৷ দিল্লী ৰাজ্যৰ সম্পৰ্কত কোনো আইন সংসদে আনিব পাৰে৷ ১৯৯৩ চনৰ পৰা ২০১৫ চনলৈ কোনো মুখ্যমন্ত্ৰীয়ে যুঁজ কৰা নাছিল৷ যি চৰকাৰেই নহওক মানুহক সেৱা কৰাই লক্ষ্য আছিল, সেয়েহে যুঁজ হোৱা নাছিল৷ কিন্তু চৰকাৰে যেতিয়া পাৱাৰ বিচাৰে তেতিয়া যুঁজ হয়৷’ কাৰ্যতঃ অমিত শ্বাহে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকে লক্ষ্য কৰি যে এই কথা কলে সেয়া সুস্পষ্ট হৈ পৰিছে৷ ইফালে আজি লোকসভাত উক্ত বিল গৃহীতকৰণৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টুইটযোগে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ক্ষোভেৰে কয়–‘আজি দিল্লীৰ মানুহৰ অধিকাৰ বিজেপিয়ে কাঢ়ি নিলে৷ লোকসভাত দিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ভাষণ মই শুনিলো৷ তেওঁ এই বিধেয়কখনৰ সন্দৰ্ভত এটাও গ্ৰহণযোগ্য যুক্তি দাঙি ধৰিব নোৱাৰিলে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত দিল্লী পূৰ্ণাংগ ৰাজ্যৰ মৰ্যদা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল৷ আজি এইসকল মাজতেই দিল্লীৰ জনসাধাৰণৰ অধিকাৰ কাঢ়ি নিলে৷ মোদীজীৰ বক্তব্যক আৰু ভৱিষ্যতে কোনেও বিশ্বাস নকৰিব৷’ উল্লেখ্য, কালি লোকসভাত এই বিলখন উত্থাপন কৰে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে৷ দিল্লী চৰকাৰৰ আমোলাৰ নিযুক্তি আৰু বদলিৰ সম্পৰ্কত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা অধ্যাদেশখনক এই বিধেয়কে আইনত পৰিণত হ’লে প্ৰতিষ্ঠা কৰিব৷ উল্লেখ্য, ২৬ দলৰ বিৰোধী জোঁট ইণ্ডিয়াই এই বিধেয়কখন ৰাজ্যসভাত বিৰোধিতা কৰাৰ সিদ্ধান্তৰ কথা ইতিমধ্যে ঘোষণা কৰিছে৷ বিজেপিয়ে লোকসভাত এই বিধেয়কখন গৃহীত কৰিলেও সংখ্যাৰ অভাৱত ৰাজ্যসভাত বিধেয়কখন গৃহীত কৰাটো সম্ভৱ নহ’ব, যদিহে বিৰোধীয়ে একত্ৰিতভাৱে মাৰবান্ধি থিয় দিয়ে৷