Logo
image

উপায়ুক্তসহ ৬জনলৈ ‘কৰ্মশ্ৰী’

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা, ৫ আগষ্টঃ  লোক কল্যাণ দিৱস উপলক্ষে  উপায়ুক্তসহ মুঠ ৬ জন প্ৰশাসনিক বিষয়ালৈ আগবঢ়োৱা হৈছে মুখ্যমন্ত্ৰীৰ ‘কৰ্মশ্ৰী’ সন্মান৷ প্ৰশাসনিক ক্ষেত্ৰত কৰ্মদক্ষতা দেখুওৱা তথা উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা লোৱাৰ বাবে উক্ত বিষয়াকেইজনলৈ আগবঢ়োৱা হৈছে এই বিশেষ সন্মান৷ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই বিষয়া কেইজনক উক্ত ‘কৰ্মশ্ৰী’ সন্মান প্ৰদান কৰিব৷ কালি ৰাজ্য  চৰকাৰে এক নিৰ্দেশযোগে এই কথা ঘোষণা কৰিছে৷ ২০২২-২৩ বৰ্ষত এই বিষয়া কেইজনে ৰাজ্যিক প্ৰশাসনিক কাম-কাজত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে৷ নিৰ্দেশনাটোত উল্লেখ কৰা অনুসৰি– ‘আমাৰ মাজুলী’ প্ৰকল্পৰ বাবে এ চি এছ বিষয়া পুলক মহন্ত [গোটৰ সদস্য– কেশৱানন্দ টাইড, ইৰশ্বাদ আলী], ‘ইজ অৱ ডুয়িং বিজনেছ’ৰ বাবে এ চি এছ বিষয়া অনামিকা তিৱাৰী [গোটৰ সদস্য– অজন্তা শৰ্মা, হেমন্ত কলিতা, ঈশাণু শ্বাহ], ‘মডেল হাউছিং কলনী’ [পি এম এ ৱাই- জিৰ অন্তৰ্গত] প্ৰকল্পৰ বাবে ডিব্ৰুগড়ৰ খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত কুমাৰ বুঢ়াগোহাঁই, ‘কৃষক বদ্ধৰ্ন’ প্ৰকল্পৰ বাবে আই এ এছ বিষয়া মছন্দা মাগদালিন পাৰ্টিন [গোটৰ সদস্য– বন্তি তালুকদাৰ, দুলাল দাস], বৰাইল বন্যপ্ৰাণী উদ্যানত ইকো ট্যুৰিজিম উন্নত কৰাৰ বাবে আই এফ এছ বিষয়া তেজাছ মৰিস্বামী [গোটৰ সদস্য– উত্তমানন্দ গোস্বামী, অৰবিন্দ ডেকা, শচীন ৰাজকুমাৰ] আৰু উত্তৰ লখিমপুৰ পৌৰসভাৰ জাবৰ-জোথৰ নিষ্কাশনৰ ক্ষেত্ৰত লোৱা বিশেষ ভূমিকাৰ বাবে আই এ এছ বিষয়া সুমিত ছত্তাৱানক [গোটৰ সদস্য– কেচিঅ’ কৰণ পেগু] ‘কৰ্মশ্ৰী’ সন্মানেৰে বিভূষিত কৰিব ৰাজ্য চৰকাৰে৷ উল্লেখ্য যে বৰ্তমান যোৰহাটৰ উপায়ুক্তৰূপে কৰ্মৰত পুলক মহন্তই ইয়াৰ পূৰ্বে মাজুলীৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷