Logo
image

নতুন ৰূপ পাব নাৰেংগী ৰে'ল ষ্টেচনেঃ কাইলৈ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

ডিজিটেল সংবাদ, গুৱাহাটীঃ  অমৃত ভাৰত ৰে'লৱে আঁচনিৰ অধীনত দেওবাৰে দেশজুৰি মুকলি কৰা হব অত্যাধুনিক ৰে'লৱে ষ্টেচনৰ কামৰ শুভাৰম্ভ। দেশজুৰি ১৩০৯ টা ৰে'লৱে ষ্টেচনক সামৰি এই আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব এই আঁচনি।

একেদৰে উত্তৰপূব সীমান্ত ৰে'লৱেৰ অধীনত ৩৫ টা ৰে'ল ষ্টেচনক সামৰি লোৱা হ'ব এই আঁচনিৰ অধীনত। ইয়াৰে ভিতৰত মহানগৰীৰ নাৰেংগী ৰে'ল ষ্টেচনতো আধাৰশিলা স্থাপন কৰিব। নাৰেংগী ষ্টেচনত দেওবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ষ্টেচন উন্নীতকৰণৰ কামৰ শুভাৰম্ভ কৰিব। অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ ৰাজ্যপাল গোলাব চান্দ কাঠাৰিয়া সহিতে প্ৰশাসনৰ বিষয়ববীয়া আৰু উত্তৰপূব সীমান্ত ৰে'লৱেৰ উচ্চপদস্থ বিষয়া-কৰ্মচাৰীসকল।