Logo
image

বিদ্ৰোহ বাজেট বিস্ফোৰণ

সিংঘু সীমান্তত চক্ৰবেহুত কৃষক, আৰক্ষীৰে সংঘৰ্ষ

আমাৰ অসম, ৩০ জানুৱাৰীঃ দিল্লী সীমান্তত নিৰ্বাপিত হোৱা নাই কৃষক বিদ্ৰোহৰ জুই৷ শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন৷ ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দে উদ্বোধনী ভাষণেৰে বাজেট অধিৱেশনৰ আৰম্ভ কৰাৰ দিনাই যেন পুনৰ বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত দিল্লী সীমান্তৰ কৃষক বিদ্ৰোহে প্ৰাণ পাই উঠিছে৷ সিংঘু সীমান্তত চক্ৰবেহুত সোমাই পৰে আন্দোলনৰত কৃষক৷ এফালে কৃষক সংগঠনৰ মাজত মতবিৰোধ, আনফালে আৰক্ষী প্ৰশাসনৰ তীব্ৰ হেঁচা, ৰাজপথত বাহৰ পতা কৃষকৰ বিৰুদ্ধে ভাৰত মাতা ধবনি দিয়া একাংশ স্থানীয় মানুহৰ প্ৰতিবাদ আদি ঘটনাক্ৰমৰ মাজতো শুকুৰবাৰে যতি নপৰিল কৃষক বিদ্ৰোহৰ৷ বৰঞ্চ গাজিপুৰ সীমান্ত খালী কৰিবলৈ যোৱা উত্তৰ প্ৰদেশ আৰক্ষীক বৃহস্পতিবাৰে মাজ নিশা প্ৰত্যাহ্বান জনায়, কান্দি কান্দি আত্মহত্যাৰ ভাবুকি দি কৃষক নেতা ৰাকেশ টিকেইতে পুনৰ ঘৰমুখী একাংশ কৃষকক দিল্লী সীমান্তলৈ শুকুৰবাৰে ওভোটাই আনিবলৈ সক্ষম হয়৷ কাৰ্যতঃ ৰাকেশ টিকেইতৰ মাজনিশাৰ কান্দোনে শুকুৰবাৰে পুনৰ নতুন ছন্দ দিলে কৃষক আন্দোলনক৷ লক্ষণীয় যে বৃহস্পতিবাৰে নিশা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশত আৰক্ষীয়ে গাজিপুৰ সীমান্তত আন্দোলনকাৰী কৃষকক অকথ্য অত্যাচাৰ চলোৱাৰ পাছতেই গাজিপুৰ সীমান্ত এতিয়া বিভিন্ন ৰাজনৈতিক দলৰ পৃষ্ঠভূমি হৈ পৰিছে৷ উত্তৰ প্ৰদেশ চৰকাৰে বিদ্যুৎ আৰু পানীৰ সংযোগ কৰ্তন কৰাত দিল্লীৰ আম আদমী পাৰ্টীৰ চৰকাৰৰ বিধায়ক পানীৰ টেংক লৈ নিশাই উপস্থিত হৈছিল৷ শুকুৰবাৰে দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াই গাজিপুৰ সীমান্তত উপস্থিত হৈ কৃষক নেতা ৰাকেশ টিকেইতৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷ সমান্তৰালভাৱে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ  কেজৰিৱালে টুইট কৰি কৃষক আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন থকাৰ কথা সদৰি কৰে৷ সমাজবাদী পাৰ্টীৰ লগতে আন বিৰোধী দলৰ কেইবাগৰাকী নেতা শুকুৰবাৰে গাজিপুৰ সীমান্তত উপস্থিত হৈ কৃষক আন্দোলনৰ প্ৰতি সমৰ্থন ব্যক্ত কৰে৷ ইফালে আৰক্ষীৰ বিষয়াৰ সন্মুখতে ভাৰত মাতা, জয় শ্ৰীৰাম, খালিস্তান মুৰ্দাবাদ, ত্ৰিৰংগা পতাকাক অপমান সহ্য কৰা নহয় ধবনি দিয়া স্থানীয় বাসিন্দা বুলি দাবী কৰা প্ৰায় ডেৰশৰ পৰা দুশ লোকে আজি সিংঘু বৰ্ডাৰত উপস্থিত হৈ আন্দোলনৰত কৃষকৰ টম্বু, সা-সৰঞ্জাম ভাঙি পেলোৱাৰ লগতে শিল দলিওৱা, লাঠিৰে মাৰপিট কৰা তথা পোনপটীয়াকৈ সংঘৰ্ষত লিপ্ত হয়৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা টীয়াৰ গেছ নিক্ষেপ কৰে৷ প্ৰতিবাদকাৰী কৃষকৰ তৰোৱালৰ আঘাতত এজন আৰক্ষী বিষয়াও আহত হয়৷ এই ঘটনাৰ পাছতে সিংঘু সীমান্তত বাহৰ পাতি থকা কৃষকে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰি আৰক্ষীৰ ছাত্ৰছায়াতে এই আক্ৰমণৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰে৷ আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ সময়ত আৰক্ষীৰ সেৰেঙা উপস্থিতি তথা ধীলা নিৰাপত্তা বেষ্টনীক লৈও তেওঁলোকে প্ৰশ্ন উত্থাপন কৰে৷ সিংঘু সীমান্তত শুকুৰবাৰে সংঘটিত এই ঘটনাৰ পাছতো বহু সংখ্যক ঘৰমুখী হাৰিয়ানাৰ কৃষক পুনৰ ট্ৰেক্টৰ ঘূৰাই সীমান্তলৈ ঘূৰি অহা বুলি জানিব পৰা গৈছে৷ সিংঘু, টিক্ৰি, গাজীপুৰকে ধৰি আটাইকেইটা সীমান্ততে পুনৰ আজি বিদ্ৰোহী কৃষকৰ নতুন ভিৰ লগা পৰিলক্ষিত হয়৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে গণৰাজ্য দিৱসৰ দিনা দিল্লীৰ লালকিল্লাত একাংশ কৃষকে সৃষ্টি কৰা হিংসাত্মক পৰিস্থিতিৰ পাছত বহুতেই কৃষক আন্দোলন স্তিমিত হৈ পৰিব বুলি আশংকা কৰিছিল যদিও ভাৰতীয় কৃষক ইউনিয়নৰ নেতা ৰাকেশ টিকেইতৰ তত্ত্বাৱধানত শুকুৰবাৰে পুনৰ এই আন্দোলনে পুনৰ ৰূপত মূৰ দাঙি উঠে৷ কৃষকৰ স্বাৰ্থত বৰ্তমানলৈকে ৪৪ বাৰ জে’ললৈ যোৱা ৰাকেশ টিকেইতৰ নামত এইবাৰো ৰুজু হৈছে একাধিক গোচৰ৷ কৃষক বিদ্ৰোহৰ মাজতে পহিলা ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদৰ মজিয়াত দাখিল কৰিব ২০২১-২০২২ বৰ্ষৰ সাধাৰণ বাজেট৷ বাজেট দাখিলৰ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণে শুকুৰবাৰে বিয়লি সংসদৰ মজিয়াত আৰ্থিক সমীক্ষাৰ ৰিপ’ৰ্ট দাখিল কৰে৷ এই ৰিপ’ৰ্টত আগন্তুক বৰ্ষৰ মুঠ জিডিপি এঘাৰ শতাংশ বৃদ্ধিৰ দাবী কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে৷ সিংঘু সীমান্তত কৃষক বিদ্ৰোহে আজি পুনৰ হিংসাত্মক ৰূপ লোৱাৰ সময়তে নতুন দিল্লীৰ ইজৰাইলী দূতাৱাসৰ সন্মুখত এক বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাক লৈও তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

পঞ্জাৱৰ ৪০টা চাউল আৰু গমৰ গুদামত হঠাৎ চি বি আইৰ অভিযান

পঞ্জাৱৰ ৪০টা চাউল আৰু গমৰ গুদামত চি বি আয়ে বৃহস্পতিবাৰে নিশা হঠাৎ অভিযান চলাইছে৷ কৃষক বিদ্ৰোহৰ পোতক তুলিবলৈকে এই চাউলৰ গুদামত চি বি আয়ে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত অভিযান চলোৱা বুলি অভিযোগ উঠিছে৷ কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ সহযোগত চি বি আয়ে চলোৱা এই অভিযানত গুদামকেইটাত মজুত থকা চাউল আৰু গমৰ বস্তা বাজেয়াপ্ত কৰিছে৷ মুখ্যত পঞ্জাৱ গ্ৰেন প্ৰকিওৰমেণ্ট কপ’ৰেশ্বন চমুকৈ পানগ্ৰেড, পাঞ্জাৱ ওয়াৰ হাউচিং আৰু ফুড কৰ্পৰেশ্বন অৱ ইণ্ডিয়াৰ গুদাম আছিল চি বি আয়ে অভিযান চলোৱা গুদাম কেইটা৷

কৃষক নেতা সোণেশ্বৰ নৰহক গ্ৰেপ্তাৰ কৰাৰ ষড়যন্ত্ৰ ৰচিছে মন্ত্ৰী অতুল বৰাইঃ জীপাল

কৃষক নেতা সোণেশ্বৰ নৰহক গ্ৰেপ্তাৰ কৰিবৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে৷ এই ষড়যন্ত্ৰৰ নেতৃত্ব লৈছে মন্ত্ৰী অতুল বৰাই৷ –এই চাঞ্চল্যকৰ অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ৷ সংঘৰ সম্পাদক প্ৰবীন পেগু আৰু সভাপতি হেম ফুকনে শুকুৰবাৰে এই সন্দৰ্ভত কয়– ’২১ৰ নিৰ্বাচন সমাগত৷ বিজেপি মিত্ৰজোঁট চৰকাৰৰ অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাৰ গুৰুত্বপূৰ্ণ সমষ্টি বোকাখাত৷ নিজকে জিকাই নিবলৈ যিকোনো অজুহাত গ্ৰহণ কৰিবলৈ মন্ত্ৰী অতুল বৰা সাজু৷ তেওঁৰ যেন সেই সুযোগ নিজে আহি ধৰা দিলেহি৷ ২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱসত দিল্লীত কৃষকৰ পেৰেড তথা ট্ৰেক্টৰ ৰেলীত ভাগ লোৱা অসমৰ দলটিক নেতৃত্ব দি অসমৰ মান ৰাখি জনপ্ৰিয়তা অৰ্জন কৰাটোৱেই যেন কাল হ’ল কৃষক নেতা সোনেশ্বৰ নৰহৰ৷ সেই জনপ্ৰিয়তা সহিব নোৱাৰি মন্ত্ৰী অতুল বৰাই তেওঁক গ্ৰেপ্তাৰ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে৷ শান্তিপূৰ্ণ সেই কাৰ্যসূচীত লালকিল্লাৰ গৰিমাক বদনামী কৰা বিজেপি তথা প্ৰধানমন্ত্ৰী মোদীৰ ঘনিষ্ঠ দীপ সিন্ধুক গ্ৰেপ্তাৰ নকৰি, গোচৰ নতৰি শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনকাৰীৰ বিৰুদ্ধে গোচৰ তৰা কাৰ্য নিন্দনীয়৷ ২৬ জানুৱাৰীৰ বিয়লি সোনেশ্বৰ নৰহলৈ গোলাঘাটৰ আৰক্ষী অধীক্ষকে নিৰ্বাচনকেন্দ্ৰিক আলোচনা কৰা হ’ব বুলি কাৰ্যালয়ত উপস্থিত থাকিবলৈ আহ্বান কৰা কাৰ্যই প্ৰমাণ কৰে ২৭ তাৰিখৰ ক’ভিড প্ৰট’কল ভংগ কৰা পুলিচী অভিযোগ এক অজুহাতহে৷ ইয়াৰ বিপৰীতে শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনকাৰী যোগেন্দ্ৰ যাদৱকে ধৰি ৩৪জন ব্যক্তিৰ ওপৰত গোচৰ তৰি আন্দোলনটোক মষিমূৰ কৰাৰ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা বিজেপি চৰকাৰক ধিক্কাৰ জনাওঁ৷’ অতিশীঘ্ৰে কৃষক বিৰোধী আইন বাতিল কৰাৰ দাবী তোলে জীপাল কৃষক শ্ৰমিক সংঘৰ সভাপতি আৰু সম্পাদক ক্ৰমে হেম ফুকন আৰু প্ৰবীণ পেগুৱে৷ লগতে অসমৰ পৰা যোৱা সঁজাতি দলৰ দুজন সতীৰ্থ জয়ন্ত গগৈ আৰু দিনেশ দাসক বিনাচৰ্তে মুক্তি দিয়া আৰু আনসমূহক মোবাইল ট্ৰেক কৰি কৰায়ত্ত কৰাৰ অভিযান কাণ্ডক তীব্ৰভাৱে গৰিহনা দিয়ে জীপাল-এ৷ মন্ত্ৰী অতুল বৰাক এনে দুষ্কাৰ্যত লিপ্ত নহৈ জনতাৰ পথাৰত সমূখৰ পৰা যুঁজ দিবলৈ প্ৰত্যাহ্বান জনায়৷ অন্যথা সমষ্টিবাসী জনতাৰ ওচৰত গভীৰ প্ৰতিৰোধৰ সন্মুখীন হ’বলৈ সাজু থকাৰ আহ্বান জনাই জীপাল-এ৷