Logo
image

ড্ৰাগছ লোৱা নাই! এনচিবিৰ দীৰ্ঘ জেৰাত দীপিকা-ছাৰাৰ দাবী

আমাৰ অসম, ২৭ছেপ্টেম্বৰঃ কেডাৰনাথ ছবিৰ শ্বুটিঙৰ সময়ৰ পৰাই সুশান্ত সিং ৰাজপুতৰ সৈতে নিবিড় সম্পৰ্ক গঢ়ি উঠা বুলি লাজ লাজকৈ স্বীকাৰ কৰা ছাৰা আলী খানে কোনোদিনেই ড্ৰাগছ সেৱন কৰা নাই বুলি ‘নাৰ্ক’টিক্স কণ্ট্ৰল ব্যুৰ’ৰ জেৰাত সৈ কাঢ়িছে৷ আনহাতে বলীউডৰ শীৰ্ষ স্থানৰ অভিনেত্ৰী দীপিকা পাড়ুকনক এন চি বিয়ে কলাবাৰ কাৰ্যালয়ৰ গেষ্টহাউছত ৬ ঘণ্টাৰো অধিক সময় জেৰাৰ অন্তত শনিবাৰে যাবলৈ দিছে৷ জানিব পৰা মতে জেৰাত দীপিকা পাড়ুকনে এন চি বিৰ বিষয়াবৰ্গৰ ওচৰত স্বীকাৰ কৰিছে যে, হোৱাটছএপৰ গ্ৰুপত ড্ৰাগছ সম্পৰ্কীয় চাট তেওঁ কৰাতো সঁচা, কিন্তু কোনোদিনেই তেওঁ ড্ৰাগছ সেৱন কৰা নাই৷ জেৰাত বলীউডৰ সৰ্বাধিক ‘দামী’ অভিনেত্ৰীগৰাকীয়ে কয় যে, জয়া সাহাই আৰম্ভ কৰা হোৱাটছএপ গ্ৰুপটোৰ তেওঁ এডমিন৷ তাত তেওঁ নিজৰ বিজিনেছ মেনেজাৰ কৰিশ্মা প্ৰকাশ, এটা টেলেণ্ট ছাৰ্চ কোম্পানীৰ শীৰ্ষ কৰ্মকৰ্তা জয়া সাহাৰ সৈতে ড্ৰাগছ সম্পৰ্কীয় আলোচনা কৰিছিল, কিন্তু কেতিয়াও ড্ৰাগছ খোৱা নাছিল৷ দীপিকা পাড়ুকনে হোৱাটছএপ চাটিঙৰ বিষয়ে স্বীকাৰ কৰিবলৈ বাধ্য হ’ল, কিয়নো শনিবাৰে তেওঁৰ মুখামুখিকৈ তেওঁৰ মেনেজাৰ কৰিশ্মা প্ৰকাশক বহুৱাই জেৰা কৰিছিল এন চি বিয়ে৷


পুৱা ৯.৪৫ বজাত এখন হণ্ডাই ক্ৰেটা গাড়ীত উঠি তেনেই সাধাৰণ পোছাকত কলাবাৰ এন চি বি গেষ্ট হাউছত উপস্থিত হয় দীপিকা পাড়ুকন৷ গোৱাৰ পৰা বিমান ভাড়া কৰি দুদিন পূৰ্বে মুম্বাইলৈ অহা বলীউডৰ সবাটোকৈ মূল্যবান অভিনেত্ৰীগৰাকীয়ে সাধাৰণ ক্ৰেটা গাড়ীত উঠি অহাত বহুতেই আশ্বৰ্য প্ৰকাশ কৰে৷ পিছে এই ড্ৰাগছ সংযোগৰ গোচৰত দীপিকা আৰু স্বামী ৰণবীৰে ইতিমধ্যে ১২জন অধিবক্তাৰ সৈতে আলোচনা কৰিছে৷ ফলত গোচৰ, জেৰা সংক্ৰান্তত ‘হাই প্ৰফাইল’ ভাবমূৰ্তি পৰিহাৰ কৰি তেওঁ সাধাৰণ অভিযুক্তৰ দৰে জেৰাৰ বাবে অহাতো অধিবক্তাৰ পৰামৰ্শ বুলিয়েই ধাৰণা কৰা হৈছে৷ তদুপৰি ৰণবীৰ সিঙে জেৰাৰ সময়ত দীপিকাক সংগ দিবলৈ বিচৰা বুলি প্ৰকাশিত বাতৰিও সত্য নহয় বুলি কৈছে এন চি বিয়ে৷ সম্ভৱতঃ এয়া দীপিকাৰ পক্ষৰ উদ্দেশ্যপ্ৰনোদিত প্ৰচাৰ৷ তেওঁ ৩.৫০ বজাত এন চি বিৰ কাৰ্যালয় ত্যাগ কৰে৷


ইপিনে দুপৰীয়া ১ বজাত এন চি বিৰ কাৰ্যালয়ত উপস্থিত হোৱা ছঈফ কন্যা ছাৰা আলী খানে সুশান্তৰ সৈতে থকা ঘনিষ্ঠতাৰ বিষয়ে স্বীকাৰ কৰে৷ তেওঁ সুশান্তৰ ফাৰ্ম হাউছত হোৱা পাৰ্টীত উপস্থিত থকাৰ কথাও সঁচা বুলি কৈছে৷ ছিগাৰেট সেৱনত অভ্যস্ত হ’লেও ছাৰাই ড্ৰাগছ, ভাং নাখায় বুলি জনায় এন চি বিৰ তদন্তকাৰীক৷ তেওঁক ৫.৩০ বজাত যাবলৈ দিয়ে এন চি বিয়ে৷ আনহাতে আজি শনিবাৰে শক্তি কাপুৰৰ জীয়ৰী শ্ৰদ্ধা কাপুৰকো একে ড্ৰাগছ সংযোগ গোচৰত জেৰা কৰে এন চি বিয়ে৷ বলীউডৰ তাৰকা শ্ৰদ্ধা কাপুৰেও নিজে ড্ৰাগছ খোৱা বুলি স্বীকাৰ কৰা নাই৷ অৱশ্যে এন চি বিৰ তদন্তকাৰীয়ে শ্ৰদ্ধাৰ বক্তব্য বিশ্বাস কৰা নাই৷ শ্ৰদ্ধা দিনৰ ১১.৪৫ বজাত এন চি বিৰ কাৰ্যালয়ত উপস্থিত হয় আৰু ৫.৫৫ বজাত যাবলৈ দিয়ে তদন্তকাৰীয়ে৷

উল্লেখ্য, শুকুৰবাৰে এজন ড্ৰাগছ পেডলাৰৰ স্বীকাৰোক্তিৰ ভিত্তিত জেৰাৰ বাবে লৈ যোৱা কৰণ জোহৰৰ ধৰ্ম প্ৰডাকচনৰ কাৰ্যবাহী পৰিচালক ক্ষীতিজ প্ৰসাদক ড্ৰাগছৰ সৈতে থকা গভীৰ সংযোগৰ বাবে শনিবাৰে এন চি বিয়ে গ্ৰেপ্তাৰ কৰিছে৷