Logo
image

ৰং সলাই হ’লেও প্ৰাৰ্থিত্বৰ দাবীদাৰ মহন্ত-পুত্ৰ

আমাৰ অসম, ১ ফেব্ৰুৱাৰীঃ শেহতীয়াভাৱে ৰাজ্যৰ এটা সমষ্টি বহু সমীকৰণ আৰু অংকৰ কাৰক হৈ দেখা দিছে৷ সেই সমষ্টিটো মাজুলী, দিছপুৰ, ডিব্ৰুগড়, ধৰ্মপুৰ বা জালুকবাৰী নহয়৷ বহুচৰ্চিত সেই সমষ্টিটো হ’ল বঢ়মপুৰ৷ বঢ়মপুৰত বিজেপিৰ পৰা অগপলৈ, কংগ্ৰেছৰ পৰা এজেপিলৈ সকলোৰে চকু৷ এই সমষ্টিটোৰ প্ৰাৰ্থীৰ ওপৰতে বহু দলৰ আৰু ভোটৰ সমীকৰণ নিৰ্ভৰ কৰিছে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত বিধায়ক হৈ থকা এই সমষ্টিটোত তেওঁ পুনৰ প্ৰাৰ্থী হ’বনে? যিদৰে বঢ়মপুৰত বিজেপিৰ সাংগঠনিক তৎপৰতা সক্ৰিয় হৈ উঠিছে তাৰ পৰা অনুমান কৰিব পাৰি যে বিজেপিয়ে এইবাৰ সমষ্টিটো অগপক এৰি দিব খোজা নাই৷ লক্ষ্যণীয়ভাৱে অগপ নেতৃত্বয়ো বঢ়মপুৰৰ আসনখন নিজৰ হাতত ৰাখিবলৈ বৰ বেছি ইচ্ছা কৰা নাই৷ পৰিস্থিতি বেগতিক দেখি প্ৰফুল্ল মহন্ত কিছুদিন পূৰ্বে দিল্লীলৈ গৈছিল, সাক্ষাৎ কৰিছিল অমিত শ্বাহক৷ অমিত শ্বাহক সাক্ষাৎ কৰি মহন্তই অভিযোগ কৰিছিল যে তেওঁ প্ৰতিনিধিত্ব কৰি অহা বঢ়মপুৰ সমষ্টিটোক লৈ বিজেপিয়ে টনা-আঁজোৰা কৰি আছে৷ অৱশ্যে অমিত শ্বাহে তেওঁক এই ক্ষেত্ৰত কোনো স্পষ্ট নিশ্চয়তা নিদিলে৷ কেৱল বিষয়টো চালি-জাৰি চোৱাৰহে আশ্বাস দিলে৷ জানিব পৰা মতে, বৰ্তমান অসুস্থতাত ভূগি থকা মহন্তই বঢ়মপুৰ সমষ্টিৰ বাবে ‘প্লেন বি’ও সাজু কৰি ৰাখিছে৷ মহন্তৰ আশা– যদি তেওঁ প্ৰাৰ্থী নহয় তেন্তে তেওঁৰ বৰপুত্ৰ শ্যামন্ত কাশ্যপক বঢ়মপুৰত প্ৰাৰ্থিত্ব দিয়া হওক৷ প্ৰয়োজন হ’লে বিজেপিত যোগদান কৰি হ’লেও বঢ়মপুৰ নিজৰ হাতত ৰাখিবলৈ সাজু মহন্তৰ অধিবক্তা পুত্ৰ৷ এই ক্ষেত্ৰত অৱশ্যে মহন্তই নিজেই নিৰাপদ দূৰত্বত অৱস্থান কৰিব, যাতে তেওঁৰ ‘কা’বিৰোধী স্থিতিৰ লগত পুত্ৰৰ বিজেপি গমনৰ বিষয়টোৰ সংঘাত নহয়৷ জানিব পৰা মতে, মহন্তৰ পুত্ৰ আৰু পত্নী বঢ়মপুৰকলৈ যথেষ্ট আশাবাদী৷ অৱশ্যে মহন্ত পৰিয়ালক পুনৰ বঢ়মপুৰ আসন দখল কৰাৰ সুযোগ দিয়াৰ বাবে ৰাজ্যিক বিজেপি মুঠেই আগ্ৰহী নহয়৷ সেয়ে বিজেপিয়ে ইতিমধ্যে বঢ়মপুৰত নিজৰ দলৰ ৪/৫ জন প্ৰাৰ্থিত্বপ্ৰত্যাশীক সাংগঠনিক কাম-কাজ আৰু প্ৰচাৰ চলাই থাকিবলৈ অনুমতি দিছে৷ বটদ্ৰৱাৰ বিধায়ক আঙুৰলতা ডেকা, যোৱাবাৰ বিধানসভাৰ নিৰ্বাচনত চামগুৰিত পৰাজিত হোৱা জিতু গোস্বামী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, টিভি সাংবাদিক সুনীল বৰা বিজেপিৰ নেতৃত্বৰ সন্মতি লৈ জপিয়াই পৰিছে সমষ্টিটোত৷ হাইকামাণ্ডৰ পৰা যদি মহন্তৰ সপক্ষে স্পষ্ট বাৰ্তা নাহে, তেন্তে এইবাৰ বঢ়মপুৰত মহন্তৰ বাবে বিজেপিয়ে বাট এৰি দিয়াৰ আশা খুবেই কম৷ কাৰণ অগপ নেতৃত্বৰ সৈতে যুযুধান ৰূপত থকা মহন্তক বাধা দিবৰ বাবে অগপ নেতৃত্বও মানসিকভাৱে সাঁজু হৈছে৷ নিজৰ নাক কাটি সতিনীৰ  যাত্ৰা ভংগ কৰাৰ দৰে হ’লেও এইবাৰ বঢ়মপুৰত মহন্তক বাধা দিবলৈ ৰণকৌশল প্ৰস্তুত কৰিছে আমবাৰীয়ে৷