Logo
image

ব’লা যাওঁ গধূলি হ’ল...

অসমীয়া কলা-সংস্কৃতিক মনে-প্ৰাণে ভালপোৱা, প্ৰগতিশীল চিন্তাধাৰাৰ শিল্পীসকলৰ ভিতৰত অন্যতম আছিল সদ্যপ্ৰয়াত বিভূৰঞ্জন চৌধুৰী৷ দীৰ্ঘদিন ধৰি অসমীয়া সংস্কৃতিলৈ সেৱা আগবঢ়াই অহা চৌধুৰী জ্যেষ্ঠজনৰ মাজত ‘বিভূ’ আৰু নৱপ্ৰজন্মৰ মাজত ‘বিভূদা’ নামেৰে জনপ্ৰিয় আছিল৷ এইজন শিল্পীৰ জীৱন-যাত্ৰা মাথোঁ সংগীততেই আবদ্ধ নাছিল৷ তেওঁ আছিল একেধাৰে সংগীত পৰিচালক, সু-গায়ক, ধাৰাভাষ্যকাৰ আৰু এজন নিভাঁজ অভিনেতা৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনাতাঁৰ শিল্পীৰূপে স্বীকৃতিপ্ৰাপ্ত চৌধুৰী আকাশবাণীৰ জনপ্ৰিয় অনুষ্ঠান ‘গীতিমালিকা’ৰো এজন কীৰ্তিমান শিল্পী আছিল৷

১৯৭৪ চনত প্ৰতিষ্ঠা হোৱা অসম ৰাজ্যিক চলচ্ছিত্ৰ [বিত্ত আৰু উন্নয়ন] নিগম লিমিটেড নামৰ প্ৰতিষ্ঠানটোত কৰ্মৰত, আমাৰ চিনাকি বিভূদাই এখন টেবুল আৰু এজন সহায়কাৰীৰ সৈতে প্ৰায় অকলেই ১৯৯৩-৯৪ চনমানলৈ জ্যোতি চিত্ৰবনৰ চৌহদত কাৰ্যনিৰ্বাহ কৰিছিল৷ পৰৱৰ্তী কালত পাঞ্জাবাৰীত প্ৰতিষ্ঠা কৰা নিগমৰ পূৰ্ণাংগ কাৰ্যালয় ‘জোনাকী কমপ্লেক্স’ সম্পূৰ্ণ হোৱালৈকে সুখ্যাতিৰে সেৱা আগবঢ়াই গৈছিল৷ অতীজত জ্যোতি চিত্ৰবন ফিল্ম-ষ্টুডিঅ’ৰ চৌহদত থকা অসম ৰাজ্যিক চলচ্ছিত্ৰ [বিত্ত আৰু উন্নয়ন] নিগমৰ কাৰ্যালয়ত জ্যোতি চিত্ৰবনৰ ছেক্ৰেটাৰীজনেই নিগমৰ ‘পৰিচালন সঞ্চালক’ পদত আৰু জ্যোতি চিত্ৰবনৰ অধ্যক্ষজনেই নিগমৰো ‘অধ্যক্ষ’ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল৷ সেই সুযোগতে এই বিশিষ্ট শিল্পীজনৰ সান্নিধ্যলৈ অহাৰ সুবিধা লাভ কৰিছিলোঁ৷

উল্লেখ্য, এই নিগমে ২০০০ চনত প্ৰথমবাৰৰ বাবে উচ্ছ ক্ষমতাসম্পন্ন জেনেৰেটৰ ছেট্‌ সংযোগ থকা, শীত-তাপ নিয়ন্ত্ৰিত মেক-আপ্‌ ৰূমসহ ‘জয়মতী’ নামৰ ভ্ৰাম্যমাণ গাড়ী অসমীয়া চলচ্ছিত্ৰজগতলৈ আগবঢ়ায়৷ বিদ্যুৎ সংযোগ নথকা বিভিন্ন স্থানত অসমীয়া চলচ্ছিত্ৰৰ শ্বুটিঙৰ বাবে ‘জয়মতী’ৰ সেৱা সেইদিনত অপৰিহাৰ্য আছিল৷

ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ ‘সম্পাদক’ৰ পদত দীৰ্ঘদিন দায়িত্ব পালন কৰা বিভূদাই গণনাট্য সংঘৰ উদ্যোগত বিভিন্ন নাট মঞ্চস্থ কৰাৰ লগতে এচাম নতুন শিল্পীৰ সৃষ্টিৰ কামতো ব্ৰতী হৈ আছিল৷ অসমৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী নটৰাজ, কহিনুৰ, আৱাহন, বৰদৈচিলা আদিত বিভূদাই সংগীত পৰিচালনা কৰাৰ লগতে অসমৰ বিশিষ্ট নৃত্য পটীয়সীসকলৰ ভিতৰত অন্যতম পুষ্পা ভূঞা, ইন্দিৰা পি পি বৰা, গৰিমা হাজৰিকা আদিৰ নৃত্যানুষ্ঠানৰো সংগীত সজাইছিল৷ বিশেষকৈ সংস্কৃত ভাষাৰ ‘শ্লোক’ অতি স্পষ্ট আৰু শুদ্ধকৈ গুৰু-গম্ভীৰ স্বৰেৰে প্ৰকাশ কৰাত বিভূদা আছিল অদ্বিতীয়৷ ১৯৯৫ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰযোজনা কৰা ‘দেৱী দুৰ্গা’ নামৰ এই লেখকৰ সংগীতালেখ্য এখনৰ সংস্কৃত শ্লোকখিনি অতি জনপ্ৰিয় হৈছিল– বিভূদাৰ কণ্ঠৰ বাবেই৷

অসমীয়া চলচ্ছিত্ৰ ‘সূত্ৰপাত’ৰ [১৯৮৭] বিভূদা সংগীত পৰিচালক আছিল৷ পৰৱৰ্তী কালত অতুল বৰদলৈৰ ছবি ‘গ্ৰহণ’ [১৯৯০] আৰু সমৰেন্দ্ৰ নাৰায়ণ দেৱ পৰিচালিত গুৱাহাটী দূৰদৰ্শনৰ টেলিফিল্ম ‘ডাৱৰ’ৰো সংগীত পৰিচালনা কৰিছিল৷ একেসময়তে টেলিকাষ্ট হোৱা প্ৰথম অসমীয়া টেলিভিছন ছিৰিয়েল, মৃদুল গুপ্তা পৰিচালিত ‘জীৱনৰ বাটত’ সংগীত পৰিচালনা কৰিছিল বিভূদাই৷

বিভিন্ন দূৰদৰ্শনৰ ধাৰাবাহিকৰ উপৰি অনেক মঞ্চসফল নাটকত অভিনয় কৰাৰ লগতে সংগীতেৰে সজাইছিল বিভূদাই৷ তেওঁৰ নিভাঁজ অভিনয়ৰ আন এটা উদাহৰণ হ’ল ড॰ ভবেন্দ্ৰনাথ শইকীয়াৰ চলচ্ছিত্ৰ ‘কোলাহল’ত [১৯৮৮] ‘মাষ্টৰ খুড়া’ৰূপী কৰা অভিনয়৷ এইখন ছবিত থকা একমাত্ৰ গীত ‘বলা যাওঁ গধূলি হ’ল...’ত কণ্ঠদান কৰিছিল বিভূদাই আৰু ছবিত চৰিত্ৰটো ৰূপায়ণো কৰিছিল বিভূদাই৷

সৎ, সৰলতা আৰু সততা আছিল বিভূৰঞ্জন চৌধুৰীৰ জীৱনৰ ব্ৰত৷ মানুহৰ সদায় জয়গান গোৱা শিল্পী বিভূদাই অৱসৰী জীৱন কালতো সংগীতৰ পৃথিৱীৰ পৰা আঁতৰি যোৱা নাছিল৷ বিভূদাৰ সুজন-সুলভ-গুণগ্ৰাহিতাৰে যাৰ এবাৰ পৰিচয় ঘটিছে তেওঁ নি(য়কৈ বিভূদাক কেতিয়াও পাহৰিব নোৱাৰিব৷