Logo
image

খাদ্যত বিষক্ৰিয়া, ১জনৰ মৃত্যু

আমাৰ অসম, ৩ ফেব্ৰুৱাৰীঃ মঙলবাৰে ডিফু মেডিকেল কলেজৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ অনুষ্ঠানত চৰকাৰে যোগান ধৰা বিৰিয়ানী খাই অসুস্থ হৈ পৰে প্ৰায় ডেৰ শতাধিক লোক। অসুস্থ লোক সকলক ডিফু মেডিকেল কলেজ হস্পিতালত ভৰ্তি কৰোৱা হয় ।

নিশা ২ বজালৈকে ১১৫ গৰাকী অসুস্থ লোক চিকিৎসাধীন হয় ডিফু মেডিকেল কলেজ হস্পিতালত । মঙলবাৰৰ উক্ত অনুষ্ঠানত উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্ত,স্বাস্থ্য তথা শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । কাৰ্বি আলং জিলাৰ উপায়ুক্তই এই ঘটনাৰ দণ্ডাধিক পৰ্যায়ৰ তদন্ত ঘোষণা কৰে ।

ডিফুৰ এই খাদ্য বিষক্ৰিয়াত এগৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । মৃত্যু হোৱা লোকজন বকলীয়াঘাটৰ তেতেলিয়া গাঁৱৰ বিজেপি দলৰ পৃষ্ঠপোষক কাংবুঢ়া বে। নিশা মুৰৰ বিষ , বমি আৰু শৌচ হৈ মৃত্যু হয় ব্যক্তি গৰাকীৰ ৷