Logo
image

পুনৰ প্ৰতি ইউনিটত ১.২৯ টকাপৰ্যন্ত বিদ্যুৎ মাচুল বৃদ্ধি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ অক্টোবৰঃ পুনৰ গ্ৰাহকৰ মূৰত মাধমাৰ সোধালে এপিডিচিএলে৷ ইন্ধন আৰু বিদ্যুৎ ক্ৰয়ৰ দাম বৃদ্ধিৰ অজুহাতত পুনৰ প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ৩০ পইচাৰ পৰা ৰ টকা ২৯ পইচা পৰ্যন্ত বৃদ্ধি কৰিলে এপিডিচিএলে৷ পহিলা অক্টোবৰ অৰ্থাৎ দেওবাৰৰ পৰাই এই বিদ্যুৎ মাচুল বৃদ্ধি প্ৰযোজ্য হ’ব৷ স্মাৰ্ট প্ৰীপেইড মিটাৰৰ ক্ষেত্ৰত ৰ অক্টোবৰৰ পৰা ৩১ ডিচেম্বৰলৈ এই বৰ্ধিত বিদ্যুৎ মাচুল প্ৰযোজ্য হ’ব বুলি এপিডিচিএলে মাচুল বৃদ্ধিৰ জাননীত উল্লেখ কৰিছে৷ কিন্তু আন গ্ৰাহকৰ বাবে এই বিদ্যুৎ মাচুল বৃদ্ধি অনিৰ্দিষ্টকালীন সময়ৰ বাবে দেখুওৱা হৈছে৷ এপিডিচিএলৰ তাৰিফ ৰেগুলেটৰী চেলৰ মহাপ্ৰৱন্ধকে আজি প্ৰকাশ কৰা জাননী অনুসৰি ঘৰুৱা বিদ্যুৎ গ্ৰাহকৰ ৩০০ ইউনিট পৰ্যন্ত প্ৰতি ইউনিটত ৩০ পইচা বিদ্যুৎ মাচুল বৃদ্ধি পাব৷ অৰ্থাৎ মাহত ৩০০ ইউনিট ব্যৱহাৰ কৰিলে মাচুল বৰ্তমানৰ তুলনাত ৯০ টকা বৃদ্ধি পাব৷ ৩০১ ইউনিটৰ পৰা ৫০০ ইউনিট ব্যৱহাৰ কৰিলে প্ৰতি ইউনিটত মাচুল ৫০ পইচা বৃদ্ধি পাব৷ 
অৰ্থাৎ ৫০০ ইউনিট পৰ্যন্ত বিদ্যুৎ ব্যৱহাৰ কৰিলে মাচুল ১৫০ টকা পৰ্যন্ত বৃদ্ধি পাব৷ মাহত ৫০০ ইউনিটৰ অধিক বিদ্যুৎ ব্যৱহাৰ কৰিলে বৰ্তমানৰ তুলনাত বিদ্যুৎ গ্ৰাহকৰ মাচুল ১.২০ টকা বৃদ্ধি পাব৷ অৰ্থাৎ ৫০০ ইউনিটৰ অধিক বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহকৰ বিদ্যুৎ মাচুল ৬৫০ টকা পৰ্যন্ত বৃদ্ধি পাব৷ একেদৰে বাণিজ্যিক আৰু উদ্যোগিক সংযোগৰ ক্ষেত্ৰতো অতিৰিক্ত মাচুল আৰোপ কৰা হৈছে৷ উল্লেখ্য, সম্প্ৰতি ৰাজ্যত জীৱন ধাৰাৰ গ্ৰাহকৰ ক্ষেত্ৰত প্ৰতি ইউনিট বিদ্যুৎ মাচুল ৪.৩৫ টকা নিৰ্ধাৰণ হৈ আছে৷ এলটি-২ ৫কিলোৱাট পৰ্যন্ত ঘৰুৱা গ্ৰাহকৰ ক্ষেত্ৰত ৫.২৫ টকাৰ পৰা ৮.৪০ টকা পৰ্যন্ত, এলটি-৩ ঘৰুৱা ৫ কিলোৱাট পৰ্যন্ত ঘৰুৱা গ্ৰাহকৰ ৭.৭৫ টকাৰ পৰা ৮.৭৫ টকা পৰ্যন্ত বিদ্যুৎ মাচুল বলৱৎ হৈ আছে৷ উল্লেখ্য, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কিছুদিনৰ পূৰ্বে সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্যত অভাৱনীয় হাৰত  বিদ্যুৎ সংকট হোৱা বুলি ঘোষণা কৰিছিল৷ ৭০০ ইউনিট বিদ্যুতৰ চাহিদা বৃদ্ধি পোৱা বুলি উল্লেখ কৰি তেওঁ বিদ্যুতৰ জোৰা মাৰিবলৈ মুকলি বজাৰৰ পৰা বিদ্যুৎ ক্ৰয়ৰ কথা কৈছিল৷ মুকলি বজাৰৰ পৰা বিদ্যুৎ ক্ৰয় কৰিলে পুনৰ বিদ্যুতৰ দাম বৃদ্ধি কৰিব লাগিব বুলিও তেওঁ পৰিসংখ্যা সংবাদমেলত দাঙি ধৰিছিল৷ ইয়াৰ মাজতে তেওঁ অসমৰ বাবে অতিৰিক্ত বিদ্যুতৰ কোটা বিচাৰি দিল্লীত কেন্দ্ৰীয় শক্তিমন্ত্ৰীকো সাক্ষাৎ কৰিছিল৷ কেন্দ্ৰীয় শক্তি মন্ত্ৰণালয়ে অসমক মাত্ৰ ১৭৯ মেগাৱাট বিদ্যুতহে যোগান ধৰাত অৱশেষত ৰাজ্য চৰকাৰে মুকলি বজাৰৰ পৰা চৰা দামত বিদ্যুৎ ক্ৰয় কৰিবলৈ বাধ্য হয়৷ লক্ষণীয় চৰকাৰী অফিচ, কাৰ্যালয়ৰ লগতে মন্ত্ৰী-বিধায়কে সম্পূৰ্ণ বিনামূলীয়াকৈ ২৪ ঘণ্টাই বিদ্যুৎ খৰচ কৰাৰ বিপৰীতে এই বিদ্যুৎ ভোগৰ সকলো বোজা সৰ্বসাধাৰণ গ্ৰাহকৰ মূৰতে জাপি দিয়াটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়৷ অভিযোগ অনুসৰি কোনো মন্ত্ৰী, অধ্যক্ষই চৰকাৰী খৰচত নিজৰ ঘৰত ২২টাকৈ এচি সংযোগ কৰিছে৷ চৰকাৰী অফিচ তথা মন্ত্ৰী-বিষয়াৰ ঘৰত দিনে-নিশাই এচি, লাইট, ফেন চলিয়েই থাকে৷ এই সকলোৰে বোজা উঠাব লাগে সৰ্বসাধাৰণ গ্ৰাহকে৷