Logo
image

ভাষ্য বিকৃত কৰাৰ অভিযোগ কমল মেধিৰ

 আমাৰ অসম, ৩ ফেব্ৰুৱাৰীঃ বিজেপি দল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিবলৈ গৈ কামাখ্যাৰ ব্ৰাহ্মণৰ সন্দৰ্ভত নৱগঠিত ৰাজনৈতিক দল ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে কৰা মন্তব্যক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ধুবুৰী জিলাৰ পশ্চিম বিলাসীপাৰা সমষ্টিৰ নয়াৰহাটত সোমবাৰে ৰাইজৰ দলৰ এখন ৰাজনৈতিক সভাত ভাষণ প্ৰদান কৰি কমল কুমাৰ মেধিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলক সমালোচনা কৰিছিল৷ উক্ত সভাত কমল কুমাৰ মেধিয়ে কয়– ‘আমি মোগলৰ অসম আক্ৰমণৰ বুৰঞ্জী পঢ়িছোঁ৷ যি সময়ত মুছলমান সৈনিকে লাচিত বৰফুকনক সংগ দিছিল আৰু বাঘ হাজৰিকা, লাইধন খাঁ, ভেকুলী গৰীয়াই সাহসেৰে আৰু বিক্ৰম-পৰাক্ৰমেৰে যুদ্ধ কৰিছিল, সেই সময়ত অসমীয়া জাতিটোক গাড্ডাৰি কৰিছিলে কামাখ্যা পাহাৰৰ কেইজনমান দৈৱজ্ঞ ব্ৰাহ্মণে৷ সেই ইতিহাস হিমন্ত বিশ্ব শৰ্মাই নকয়৷ তেওঁলোকে কি কৰিছিল, যেতিয়া কামাখ্যা পাহাৰত মোগলে আহি যুদ্ধৰ কামানবিলাক স্থাপন কৰিলে, সেই কামান স্থাপনত সহায় কৰিছিলে আৰু মোগলৰ হৈ চোৰাংচোৱাগিৰি কৰিছিলে কামাখ্যা পাহাৰত থকা কেইজনমান হৈ দৈৱজ্ঞ ব্ৰাহ্মণে৷ তেওঁলোকে লাচিত বৰফুকনক তথা অসমীয়া জাতিটোক যুদ্ধত হৰুৱাবৰ বাবে এটা বুদ্ধি উলিয়াইছিলে৷ তেওঁলোকে দিন-বাৰ গণনা কৰি লাচিত বৰফুকনক ক’লে যে– এতিয়া যুদ্ধৰ সময় হোৱা নাই, আপুনি দুদিনমান ৰৈ দিয়ক৷ মানে লাচিতক কিয় ৰৈ দিবলৈ ক’লে যাতে মোগলৰ কামানবিলাক সাজু কৰাত সহজ হৈ যায়৷ কিন্তু লাচিত বৰফুকনে এই চক্ৰান্ত বুজি পালে৷ বুজি পাই আজিৰে পৰাই যুদ্ধ কৰিম বুলি নৰিয়া গাৰে তৰোৱাল লৈ যুদ্ধলৈ ওলাই গ’ল৷ ইপিনে, বাঘ হাজৰিকা আৰু লাইধন খাঁই কামাখ্যা পাহাৰত কামান স্থাপনৰ কথা জানিব পাৰি যুদ্ধৰ এদিন পূৰ্বে পিঠিত বাহৰ চুঙাত পানী ভৰাই লৈ কামানবোৰৰ মুখত ঢালি দিলে৷ যাৰ কাৰণে পিছদিনা কামানবোৰ নুফুটিল, বিস্ফোৰণ নহ’ল৷ অসমীয়া সৈন্যই মোগলক আক্ৰমণ কৰাত সহজ হ’ল৷ এই ইতিহাস যদি চোৱা যায়, লাচিত বৰফুকন আৰু অসমীয়াক সংগ দিছিল মুছলমানে৷ আৰু লাচিত বৰফুকনক গাড্ডাৰ কৰিছিল কেইজনমান দৈৱজ্ঞ ব্ৰাহ্মণে৷ মোগল সৈন্যক যেনেকৈ কামাখ্যাৰ কেইজনমান ব্ৰাহ্মণে সহায় কৰিছিল, ঠিক তেনেকৈ ইতিহাস পুনৰাবৃত্তি হোৱাৰ দৰে দিল্লীৰ শাসক নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে অসমৰ সম্পদ লুণ্ঠন কৰিবলৈ নতুন নতুন কৌশল ৰচনা কৰিছে আৰু তেওঁলোকৰ হৈ অসমীয়া জাতিক প্ৰতাৰণা কৰিছে আন এজন ব্ৰাহ্মণ হিমন্ত বিশ্ব শৰ্মাই৷’ ইপিনে কমল কুমাৰ মেধিয়ে কামাখ্যাৰ দৈৱজ্ঞ ব্ৰাহ্মণ সমাজক সমালোচনা কৰা কাৰ্যক তীব্ৰ গৰিহণা দিছে ব্ৰাহ্মণ মহাসভা অসমে৷ এটা বিবৃতিত মহাসভাৰ সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰ শৰ্মাই কমল মেধিক বুৰঞ্জী সঠিকভাৱে অধ্যয়ন কৰি ৰাজনৈতিক বক্তব্য আগবঢ়াবলৈ সকীয়াই দিয়ে৷ অৱশ্যে, কমল কুমাৰ মেধিয়ে ধুবুৰীৰ ৰাজহুৱা সভাত তেওঁ কৰা মন্তব্যক একাংশ সংবাদ মাধ্যমে বিকৃতভাৱে উপস্থাপন কৰা বুলিহে অভিযোগ কৰিছে৷ সংবাদ মাধ্যমৰ আগত কমল কুমাৰ মেধিয়ে বুৰঞ্জীত থকা তথ্যৰ ভিত্তিতহে বক্তব্য প্ৰদান কৰা বুলি উল্লেখ কৰি কয়– মই সমগ্ৰ ব্ৰাহ্মণ সমাজক উদ্দেশ্যি এই কথা কোৱা নাছিলোঁ৷ যদিহে মোৰ বক্তব্যৰ দ্বাৰা ব্ৰাহ্মণ সমাজে মনত আঘাত পাইছে, তেনেহ’লে মই তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ৷