Logo
image

ভোটৰ পূৰ্বে নহ’ল, সমষ্টি পুনৰ্নিৰ্ধাৰণৰ প্ৰক্ৰিয়া জাৰি

আমাৰ অসম, ৪ ফেব্ৰুৱাৰীঃ পলমকৈ হ’লেও অসমৰ সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰিয়েই এৰিব কেন্দ্ৰীয় চৰকাৰ৷ লক্ষ্য আছিল ৰাজ্যৰ সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰি নতুন ৰাজনৈতিক সমীকৰণেৰে নিৰ্বাচনী পথাৰত নামিব শাসকীয় বিজেপি দল৷ পিছে সেয়া সম্ভৱ নহ’ল৷ কিন্তু বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰা নহ’লেও সমগ্ৰ প্ৰক্ৰিয়াটো জীয়াই ৰাখিব বিচাৰিছে কেন্দ্ৰৰ বিজেপি চৰকাৰে৷ সেয়েহে কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ থকা ৰাজপত্ৰিত জাননীসমূহ বুধবাৰে সংসদৰ মজিয়াত দাখিল কৰে৷ মন কৰিবলগীয়া যে, জম্মু আৰু কাশ্মীৰৰ উপৰি অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্যৰ সমষ্টি পুনৰ্নিৰ্ধাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰ ৬ মাৰ্চত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ নেতৃত্বত সমষ্টি পুনৰ্নিৰ্ধাৰণ আয়োগ গঠন কৰিছিল৷ সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰাৰ বাবে দেশাই কমিটীক এবছৰৰ সময়সীমা বান্ধি দিয়া হৈছিল৷ এতিয়া উক্ত কমিটীৰ ম্যাদ উকলি যাবলৈ আৰু বেছি দিন নাই৷ কিন্তু সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়াটো মুঠেই আগবঢ়া নাই৷ আনকি পুনৰ্নিৰ্ধাৰিত সমষ্টিৰ খচৰাও এতিয়া প্ৰকাশ পোৱা নাই৷ সেয়েহে কেন্দ্ৰীয় চৰকাৰে এতিয়া আয়োগৰ ম্যাদ বৃদ্ধি কৰি বিচাৰিছে৷ আনহাতে, সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱাবছৰ ২৮ ফেব্ৰুৱাৰী আৰু ১৯ জুনত জাৰি কৰা ৰাজপত্ৰিত জাননীবোৰ সংসদৰ মজিয়াত দাখিল কৰা নাছিল৷ উল্লেখ্য যে, যিকোনো ৰাজপত্ৰিত জাননী সংসদৰ সমীপত দাঙি ধৰাটো বাধ্যতামূলক৷ পিছে ইমান দিন হৈ যোৱাৰ পাছতো চৰকাৰে সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়া সংক্ৰান্ত জাননীবোৰ সংসদৰ আঁৰত ৰাখিছিল৷ সেয়েহে দেশাই কমিটীৰ ম্যাদ বৃদ্ধি কৰাৰ পূৰ্বে জাননীবোৰ সংসদত উত্থাপন কৰাটো অনিবাৰ্য হৈ পৰিছিল৷ সেইমৰ্মে কেন্দ্ৰীয় আইনমন্ত্ৰী ৰবিশংকৰ প্ৰসাদে বুধবাৰে লোকসভাত ১৯৫১ চনৰ জনপ্ৰতিনিধি আইনৰ অধীনত ২০২০ চনৰ ১৯ জুনত জাৰি কৰা ২০২০ চনৰ নিৰ্বাচন পৰিচালনা [সংশোধিত] বিধি সম্পৰ্কীয় ৰাজপত্ৰিত জাননীখন দাখিল কৰে৷ ইয়াৰ লগতে সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ডৰ বাবে ২০২০ চনৰ ২৮ ফেব্ৰুৱাৰীত সুকীয়া সুকীয়াকৈ জাৰি কৰা ৰাজপত্ৰিত জাননীসমূহও কেন্দ্ৰীয় আইনমন্ত্ৰীজনে সদনৰ মজিয়াত দাখিল কৰে৷ লক্ষণীয়ভাৱে কৃষি আইনক লৈ লোকসভাত চলি থকা হুলস্থূলীয়া পৰিৱেশৰ মাজতে ৰবিশংকৰ প্ৰসাদে লগতে জাননীসমূহ সংসদৰ মজিয়াত দাঙি ধৰিবলৈ ইমান পলম কিয় হ’ল তাৰো এক স্পষ্টীকৰণ লিখিত আকাৰত জমা দিয়ে৷ মন কৰিব লগীয়া যে, ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ডত সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰিব বিচাৰিছে৷ কেন্দ্ৰৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই সংশ্লিষ্ট ৰাজ্যৰ বহুতো পক্ষই উচ্ছতম ন্যায়ালয়ৰ কাষ চাপিছে৷ ন্যায়ালয়ে সমগ্ৰ বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰক এটাৰ পাছত এটাকৈ জাননী জাৰি কৰিছে যদিও কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে কোনো উত্তৰে দিয়া নাই৷ স্বভাৱতই অলপতে মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ বোবডেৰ নেতৃত্বাধীন বিচাৰপীঠে ক্ষুব্ধ হৈ সমগ্ৰ বিষয়টোত একপক্ষীয়ভাৱে ৰায়দান কৰাৰ ভাবুকি প্ৰদান কৰিছে৷