Logo
image

উক্তি-বক্ৰোক্তি

চৰকাৰক দুয়োফালৰ পৰা পিটে সংবাদ মাধ্যমে৷ স্কুলত গছ ৰুলেও পঢ়া ক্ষতি হ’ব বুলি কয়, খেলৰ প্ৰশিক্ষণ দিব লাগে বুলিও কয়৷ পানী হ’লেও বাতৰি কৰিব, নলা চাফা কৰি উচ্ছেদ কৰিলেও গালি পাৰিব৷ 

– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা


ইজৰাইলৰ বিৰুদ্ধে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বাতৰি শুনি আচৰিত হৈছোঁ৷ এই আক্ৰমণত ইজৰাইলৰ যি নিৰ্দোষী লোকে প্ৰাণ হেৰুৱালে তেওঁলোকৰ নিকটাত্মীয়ৰ মৰ্মবেদনাত সমমৰ্মিতা প্ৰকাশ কৰিছোঁ৷ এই কঠিন পৰিস্থিতিত আমি ইজৰাইলৰ পক্ষত থিয় দিছোঁ৷ 

– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী


বাল্য বিবাহৰ আৰম্ভণি কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ দেশত বাল্য বিবাহ শেষ কৰিবলৈ হ’লে প্ৰধানমন্ত্ৰী মোদীক গ্ৰেপ্তাৰ কৰিব লাগিব৷ তেওঁক এদিন নাইবা এঘণ্টাৰ বাবে হ’লেও গ্ৰেপ্তাৰ কৰিবলৈ মই আহ্বান জনালোঁ৷ 

– প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা


ভাৰত আৰু কানাডা উভয় দেশে পৰস্পৰৰ সাৰ্বভৌমত্ব আৰু ভিয়েনা সমাৱৰ্তনত গ্ৰহণ কৰা কূটনৈতিক নীতিৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰাটো অপৰিহাৰ্য৷ মই ইতিমধ্যে প্ৰধানমন্ত্ৰী ট্ৰ³ডোৰ সৈতে বাৰ্তালাপ কৰিছোঁ৷ উভয় দেশৰ প্ৰধানমন্ত্ৰীক মই এই মুহূৰ্তত সংঘাত পৰিহাৰ কৰি পৰিস্থিতিৰ নিৰাময় কৰাৰ আহ্বান জনাইছোঁ৷ 

– ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনক


হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনৰ মাজত গভীৰ বুজাবুজি আছে৷ দুয়ো এসময়ত একেখন চৰকাৰৰে মন্ত্ৰী আছিল৷ দুয়ো বন্ধুও৷ সেয়ে হিমন্ত বিশ্ব শৰ্মাই সমষ্টি পুনৰ নিৰ্ধাৰণৰ দ্বাৰা চামগুৰি সমষ্টিটো তেওঁৰ মুছলমানৰ কৰি দিছে৷ 

– এ আই ইউ ডি এফৰ সাংসদ বদৰুদ্দিন আজমল


শুভমন গীলৰ শাৰীৰিক অৱস্থা ভাল নহয়৷ তেওঁ অসুস্থ,সেইটো সঁচা৷ কিন্তু শুভমন গীল এতিয়াও বিশ্বকাপৰ পৰা বাহিৰ হৈ যোৱা নাই৷ মই আশা কৰোঁ তেওঁ সোনকালে সুস্থ হৈ উঠিব৷ কিয়নো তেওঁ বয়সত তৰুণ আৰু সুস্বাস্থ্যৰ অধিকাৰী৷ সেয়ে তেওঁ সোনকালে সুস্থ হৈ উঠাটো অবাস্তৱ নহয়৷ 

–টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা


এক অসম যাত্ৰাৰ মূল লক্ষ্য অসমৰ মানুহৰ মাজত সমন্বয় সৃষ্টি কৰা৷

– অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ