Logo
image

উত্তৰ-পূবৰ দুৱাৰমুখৰ বিপৰ্যয়

অসমৰ ৰাজধানী চহৰ গুৱাহাটী উত্তৰ-পূবৰ দুৱাৰমুখ৷ দেশৰ আৰ্থ-সামাজিক আৰু ভূ-ৰাজনৈতিক প্ৰেক্ষাপটত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ যিমানেই গুৰুত্ব বাঢ়িছে সিমানেই গুৱাহাটীৰো গুৰুত্ব বৃদ্ধি পাইছে৷ ‘লুকইষ্ট’ৰ পাছত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে ‘এক ইষ্ট’ পলিচীৰ প্ৰয়োগ কৰিলে৷ এই ‘এক ইষ্ট’ পলিচীক লৈ জল্পনা-কল্পনা আৰম্ভ কৰাৰ ফলত গুৱাহাটীয়ে কেৱল দেশৰ ভিতৰতে নহয় দক্ষিণ-পূব এছিয়া, আছিয়ান দেশসমূহৰ সৈতে যোগসূত্ৰ স্থাপনৰ ক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ মহানগৰৰূপে পৰিগণিত হ’ল৷ কেইবছৰমান পূৰ্বে গুৱাহাটীত অনুষ্ঠিত কৰা হৈছিল ‘এডভাণ্টেছ আছাম’ নামৰ এক বৃহৎ অনুষ্ঠান– য’ত কেইবাখনো ৰাষ্ট˜ৰ মুৰব্বীৰ লগতে সংশ্লিষ্ট ৰাষ্ট্ৰৰ উচ্ছ পৰ্যায়ৰ প্ৰতিনিধি, মন্ত্ৰী, প্ৰশাসনিক বিষয়াই অংশ গ্ৰহণ কৰি কেইবাখনো বুজাবুজিৰ চুক্তিত সাক্ষৰ কৰিছিল৷ জি-২০ৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান এইবাৰ গুৱাহাটীত অনুষ্ঠিত হৈছে৷ প্ৰশাসনিক, ৰাজনৈতিক দিশৰ লগতে ক্ৰিকেট, ফুটবলকে ধৰি বহু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলো গুৱাহাটীত অনুষ্ঠিত হয়৷ গুৱাহাটীক এক ‘স্পৰ্টছ হাব’ ৰূপে প্ৰতিষ্ঠা কৰাৰ বিষয়েও প্ৰচেষ্টা অব্যাহত আছে৷ মহানগৰৰূপে গুৱাহাটীৰ আন্তঃগাঁথনি, ইয়াত পাবলগীয়া অন্যান্য সা-সুবিধা, অসমৰ লগতে উত্তৰ-পূবৰ বাকী ৰাজ্যকেইখনৰ পৰ্যটনস্থলীলৈ যোৱাৰ ক্ষেত্ৰত গুৱাহাটীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বাণিজ্যিক-অৰ্থনৈতিক দিশ, উত্তৰ-পূবৰ মূল মহানগৰৰূপে ব্যৱসায়-বাণিজ্যৰ অভিকেন্দ্ৰ আদি সুবিধাসমূহৰ বাবে সমগ্ৰ দেশৰে এক প্ৰয়োজনীয় মহানগৰ৷ মুঠতে সকলো ফালৰ পৰা গুৱাহাটী মহানগৰৰ এক সুকীয়া স্থান আছে যাক লৈ অসমবাসীয়ে গৰ্ব কৰিব পাৰে৷ কিন্তু অসমবাসীৰ অতি মৰমৰ, আদৰৰ এই গুৱাহাটী এজাক সাধাৰণ বৰষুণতে জলমগ্ন হয়, কৃত্ৰিম বানত এই স্মাৰ্টচিটীৰ নাগৰিকসকলৰ জীৱন দুৰ্বিসহ হৈ পৰে৷ স্কুল-কলেজ, অফিচ-কাৰ্যালয়, জনজীৱন সকলো স্থবিৰ হৈ পৰে৷ প্ৰতি বছৰে কৃত্ৰিম বানৰ বাবে কোটি কোটি টকাৰ সা-সম্পত্তিৰ অপচয় হয়– বানৰ দৃশ্যাংশক সুন্দৰভাৱে সংবাদ মাধ্যমে পৰিৱেশন কৰে৷ বাতৰি কাকত, টিভি চেনেলত এই সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা হয়৷ এটা পক্ষই আনটো পক্ষক সমালোচনা কৰে, চৰকাৰক গালি দিয়ে, চৰকাৰী পক্ষইও ৰাইজে কৰা ভুলবোৰ আঙুলিয়াই দিয়ে৷ বানৰ পৰিৱেশৰ পৰা মুক্ত হোৱাৰ পাছত চৰকাৰ-প্ৰজাঘৰ সকলোৱে এইবোৰ পাহৰি যায়৷ উল্লেখ্য, অসমলৈ টিভি চেনেলসমূহ অহাৰ পৰাই অৰ্থাৎ দুটা দশকৰ পূৰ্বৰে পৰা এই চেনেলসমূহে অনিল নগৰ, নবীন নগৰ, চানমাৰি, ৰাজগড়, জু-ৰোড তিনিআলি, হাতীগাঁও আদি অঞ্চলসমূহ জলমগ্ন হোৱাৰ দৃশ্যাংশ দেখুৱাই আহিছিল আৰু আজিৰ দিনতো একে দৃশ্যকে নিজৰ টিভি চেনেলত দেখুৱাই আহিছে৷ বিগত ২০-২২ বছৰত কৃত্ৰিম বানৰ যি পৰিৱেশ আছিল, বৰঞ্চ এতিয়া ই স্মাৰ্টচিটীখনত নতুন নতুন স্থানলৈ প্ৰসাৰিত হৈছে৷ এইবাৰৰ কৃত্ৰিম বানত যোগাযোগ ব্যৱস্থা ব্যাহত হোৱাৰ উপৰি মহানগৰৰ কেইবাটাও স্থানত বিদ্যুৎ কৰ্তন কৰিব লগা হৈছে৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিত অষ্টলক্ষীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মহানগৰ গুৱাহাটী৷ কিন্তু চৰকাৰ আহিছে গৈছে, প্ৰতিশ্ৰুতিৰো বন্যা প্ৰবাহিত হৈ আছে, কিন্তু গুৱাহাটীৰ কৃত্ৰিম বান কোনেও নিয়ন্ত্ৰণ কৰিব পৰা নাই৷ কোৱা বাহুল্য, ইয়াৰ বাবে ‘যত দোষ নন্দ ঘোষ’ চৰকাৰ নহয়, মহানগৰবাসীয়েও নিজৰ মহানগৰখনক বানমুক্ত বা বানক কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰাৰ বাবে নিজৰ দায়িত্ব পালন কৰাত সমুলঞ্চে ব্যৰ্থ হৈছে৷ গুৱাহাটী মহানগৰখন এক অতি জটিল ভূ-প্ৰাকৃতিক গাঁথনিৰ দ্বাৰা আৱেষ্টিত৷ গুৱাহাটীৰ চাৰিওফালে পাহাৰ৷ অপৰিকল্পিত বাসগৃহ নিৰ্মাণ, সীমা বেৰা নিৰ্মাণ, ড্ৰেইন ব্যৱস্থাৰ অভাৱৰ লগতে দ্ৰুতগতিত বনভূমি, আদ্ৰৰ্ভূমিৰ সংকোচনৰ বাবে পানী নিষ্কাশনত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় গুৱাহাটী আৰু পাশ্বৰ্ৱৰ্তী অঞ্চলত৷ গুৱাহাটীৰ জলাশয় পুতি ঘৰ নিৰ্মাণ কৰাৰ ফল হাতে হাতে পাইছে নাগৰিকে৷ পথ নিৰ্মাণৰ সময়ত প্ৰয়োজনীয় নলাৰ বাবে সামান্য মাটি এৰি দিবলৈ বহু নাগৰিক মান্তি নহয়৷ জাৱৰ, আৱৰ্জনা প্ৰক্ষেপৰ বাবে যথোপযুক্ত স্থান নোহোৱাৰ বাবে এইবোৰে নলা-নৰ্দমাইদি যোৱা পানী প্ৰবহনত বাধাৰ সৃষ্টি কৰে৷ ভৰলুৱেদি অতিৰিক্ত পানীখিনি ব্ৰহ্মপুত্ৰলৈ প্ৰেৰণ কৰাৰ বাবে আঁচনি প্ৰস্তুত কৰা হৈছে যদিও সেয়া কেতিয়া কাৰ্যকৰী হ’ব, তাৰ কোনো নি(য়তা নাই৷ গুৱাহাটীক আৰ্থ-সামাজিক, ভূ-ৰাজনৈতিক সৰ্বদিশৰ পৰা এক কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ বাবে এক সূৱৰ্ণ সুযোগ অহাৰ সময়ত যদি স্মাৰ্টচিটীখন কৃত্ৰিম বান অধ্যুষিত, প্ৰদূষিত মহানগৰী ৰূপেহে চিহ্নিত হয় তেন্তে তাতকৈ হতাশজনক কথা একোৱেই হ’ব নোৱাৰে৷ চৰকাৰ, ৰাইজ উভয়ৰে এই ক্ষেত্ৰত গুৰুদায়িত্ব আছে৷