Logo
image

হলীউড-বলীউড-ক্ৰিকেটাৰৰ টুইটযুদ্ধ! গ্ৰেটাৰ বিৰুদ্ধে গোচৰ

কৃষক বিদ্ৰোহক লৈ তোলপাৰ দেশ-বিদেশ

আমাৰ অসম, ৫ ফেব্ৰুৱাৰীঃ বিশ্ববিখ্যাত পপষ্টাৰ ৰিহানা, আন্তঃৰাষ্ট্ৰীয় পৰিৱেশকৰ্মী গ্ৰেটা থুনবাৰ্গ, প্ৰাক্তন পৰ্ণ ষ্টাৰ মিয়া খলিফাই ভাৰতৰ কৃষক আন্দোলনৰ প্ৰতি মুকলি সমৰ্থন জনোৱাৰ পাছতেই আৰম্ভ হৈছে ‘টুইট যুদ্ধ’৷ এই ‘টুইট যুদ্ধ’ত এফালে অৱস্থান গ্ৰহণ কৰিছে আন্তঃৰাষ্ট্ৰীয় পপষ্টাৰ, পৰিৱেশকৰ্মী, মানৱ অধিকাৰ কৰ্মীয়ে আৰু আনফালে অৱস্থান গ্ৰহণ কৰিছে দেশৰ বোলছবি আৰু ক্ৰীড়াজগতৰ একাংশ তাৰকা, খেলুৱৈয়ে৷ মুখ্যতঃ পপষ্টাৰ ৰিহানা, সমাজকৰ্মী গ্ৰেটা থুনবাৰ্গ আৰু প্ৰাক্তন পৰ্ণষ্টাৰ মিয়া খালিফাক ওভতি ধৰিলে শচীন তেণ্ডুলকাৰ, অক্ষয় কুমাৰ, অজয় দেৱগণ, ছাইনা নেহৱাল, কংগনা ৰাণাৱাট, বিৰাট কোহলি, ৰবি শাস্ত্ৰী, লতা মংগেশকাৰ, সুনীল চেট্টী, কৰণ জহৰ আদি ভাৰতীয় খেল তথা বোলছবি জগতৰ মহাতাৰকাই৷ এইসকল ভাৰতীয় তাৰকাই কৃষক আন্দোলনৰ সন্দৰ্ভত বিদেশী তাৰকাই কৰা মন্তব্যৰ বিৰুদ্ধে ‘ইণ্ডিয়া এগেইষ্ট প্ৰাপগণ্ডা’ ‘ইণ্ডিয়া টুগেদাৰ’ কেম্পেইন আৰম্ভ কৰিছে৷ তেওঁলোকে ৰিহানা, থুনবাৰ্গৰ মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা দিছে৷ ঐক্যবদ্ধ ভাৰতৰ কথাকৈ তেওঁলোকে বিদেশী তাৰকাক ভাৰতৰ আভ্যন্তৰিন বিষয়ত মাত নামাতিবৰ বাবে কঠোৰ সকীয়নি দিছে৷ এই সন্দৰ্ভত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে টুইটত লিখিছে– ‘ভাৰতৰ সাৰ্বভৌমত্বৰ সৈতে কোনো আপোচ নহয়৷ বিদেশী শক্তি দৰ্শক হ’ব পাৰে কিন্তু দেশৰ কোনো ঘটনাৰ অংশীদাৰ হ’ব নোৱাৰে৷ ভাৰতীয়সকলে নিজৰ ভৱিষ্যতৰ বাবে নিজৰ সিদ্ধান্ত নিজেই ল’ব পাৰে৷ দেশৰ বাবে কি ভাল, কি বেয়া নিজে বিচাৰ কৰিব জানে৷ আমি সকলো ঐক্যবদ্ধ হৈ থকা উচিত৷’ টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীয়ে এনেদৰে আহ্বান জনাইছে– ‘আহক, এই মতবিৰোধৰ মাজত আমি সকলো ঐক্যবদ্ধ হৈ থাকো৷ কৃষকসকল দেশৰ অবিচ্ছেদ্য অংগ৷ আমি নিশ্চিত যে এই সমস্যাৰ সমাধানসূত্ৰ নিশ্চয় ওলাব৷ শান্তি ঘূৰি আহিব আৰু আমি একেলগে আগুৱাই যাম৷’ ৰিহানাৰ বিৰুদ্ধে অক্ষয় কুমাৰ আৰু চাইনা নেহৱালেও টুইটাৰত প্ৰায় একেধৰণৰ মন্তব্য কৰিছে৷ অক্ষয় কুমাৰে টুইটত লিখিছে– ‘মানুহে অৰ্ধসত্যত বিশ্বাস কৰাৰ পৰিৱৰ্তে সমস্যাটোৰ সমাধানত গুৰুত্ব দিব লাগে৷’ লক্ষণীয় যে ভাৰতৰ কৃষক আন্দোলনৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পপ ষ্টাৰ ৰিহানাক ওভতি ধৰিছে ভাৰতীয় অভিনেত্ৰী কংগনা ৰাণাৱটে৷ বলীউডৰ ‘কুইন’ কংগনা ৰাণাৱটে প্ৰথমে ৰিহানাৰ টুইটৰ প্ৰতিবাদ কৰি পপ গায়িকাগৰাকীক পৰ্ণ গায়িকা বুলি অভিহিত কৰে৷ কংগনাই উপৰ্যুপৰি কৰা কেইটামান টুইটত কয়– ‘পৰ্ণ গায়িকা ৰিহানাই যৌনতাৰ সাহায্য লৈ নিজৰ গান বিক্ৰী কৰে৷ প্ৰকৃত সংগীত শিল্পী আৰু শাস্ত্ৰীয় সংগীত শিল্পীক বাদ দি এইধৰণৰ মধ্যমেধাৰ গায়ক-গায়িকাবোৰে মানুহৰ ওচৰত নিজৰ গান বিক্ৰী কৰাৰ বাবে মাংসল শৰীৰৰ ওপৰত নিৰ্ভৰ কৰে৷ শৰীৰৰ ব্যক্তিগত অংশ দেখুৱাই জনপ্ৰিয়তা অৰ্জন কৰে এওঁলোকে৷’ লক্ষণীয় যে কালিৰ এই মন্তব্যৰ পাছতেই টুইটাৰে অভিনেত্ৰী কংগনা ৰানাৱটৰ টুইট বৃহস্পতিবাৰে কেইঘণ্টামানৰ বাবে বন্ধ ৰাখে৷ টুইটাৰে তেওঁৰ দুটা বিতৰ্কিত টুইট ডিলিট কৰে৷ মাইক্ৰ ব্লগিং প্লেটফৰ্মে বৃহস্পতিবাৰে কৈছে যে তেওঁলোকে অভিনেত্ৰী কংগনা ৰাণাৱটৰ কিছুমান বিতৰ্কিত টুইটৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিব৷ ইপিনে, কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়ে জাননী কৰি কৃষক আন্দোলনৰ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় অপপ্ৰচাৰ বন্ধ কৰিবলৈ দাবী জনাইছে৷ কৃষক আন্দোলনৰ সন্দৰ্ভত প্ৰচাৰ চলোৱা বহু সংখ্যক টুইট ব্লক কৰিবৰ বাবে ভাৰত চৰকাৰে টুইটাৰ কৰ্তৃপক্ষক দাবী জনাইছে৷ ইতিমধ্যে ২৫০টা টুইট টুইটাৰে নিজাকৈ ব্লক কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে যিমানেই কৃষক বিদ্ৰোহ দমনৰ চেষ্টা চলাইছে, সিমানেই এই আন্দোলনত ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে৷ গাজিপুৰ সীমান্তকে ধৰি দিল্লী সীমান্তত এতিয়াও হাজাৰ হাজাৰ কৃষক মজুত আছে৷ বিদ্ৰোহী কৃষকক ৰুধিবৰ বাবে দিল্লী আৰক্ষীয়ে পথত গজালযুক্ত লোহাৰ বেৰিকেট, ফেন্সিং দি যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ বৃহস্পতিবাৰে পথৰ কিছু অংশত সাময়িকভাৱে গজালযুক্ত লোহাৰ বেৰিকেট প্লেট দিল্লী আৰক্ষীয়ে উঠাই দিয়ে যিও বেৰিকেট উঠাই দিয়া নহয় বুলিহে পাছত সদৰি কৰে৷ ইয়াৰ মাজতে দহটা বিৰোধী দলৰ পোন্ধৰগৰাকী সাংসদে আজি গাজীপুৰ সীমান্তত আন্দোলনৰত কৃষকসকলক সাক্ষাৎ কৰে৷ গাজীপুৰ সীমান্তত উপস্থিত হৈ বিজেপিৰে সম্পৰ্ক ছিন্ন কৰা শিৰোমণি আকালী দলৰ নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰত কৌৰ বাদলে কৃষি আইনৰ সন্দৰ্ভত পুনৰ মোদী চৰকাৰক সমালোচনা কৰে৷ দিল্লী আৰক্ষীয়ে প্ৰতিবাদী কৃষকক বাধা দিবলৈ লগোৱা লোহাৰ বেৰিকেট কটা তাঁৰৰ প্ৰসংগ উত্থাপন কৰি তেওঁ প্ৰশ্ন কৰে যে এয়া পাকিস্তান ব’ৰ্ডৰ নেকি৷ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি কৃষক আন্দোলনৰ প্ৰতি সমৰ্থন জনাই টুইট কৰা পৰিৱেশকৰ্মী গ্ৰেটা থুনবাৰ্গৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে৷ কৃষক আন্দোলনৰ সন্দৰ্ভত টুইটাৰত উচটনিমূলক মন্তব্য কৰা বুলি দিল্লী আৰক্ষীয়ে থুনবাৰ্গৰ বিৰুদ্ধে নিজাকৈ গোচৰ ৰুজু কৰিছে৷ আই চি এক্টৰ ১২০ বি, ১৫৩ এৰ অধীনত গোচৰ ৰুজু কৰিছে দিল্লী আৰক্ষীয়ে৷ অৱশ্যে আনন্দ বজাৰ পত্ৰিকাত প্ৰকাশ পোৱা বাতৰি অনুসৰি থুনবাৰ্গৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা নাই আৰক্ষীয়ে৷ এনে ঘটনা ক্ৰমৰ মাজতে কিশোৰী আন্তঃৰ্জাতিক পৰিৱেশকৰ্মী থুনবাৰ্গে বৃহস্পতিবাৰে পুনৰ ঘোষণা কৰিছে যে ভাৰতৰ কৃষক আন্দোলনৰ প্ৰতি তেওঁৰ পূৰ্ণ সমৰ্থন আছে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কৃষক আন্দোলনৰ সপক্ষে সৃষ্টি হোৱা এই অভূতপূৰ্ব সমৰ্থনক স্পষ্ট ভাষাৰে অপপ্ৰচাৰ বুলি মন্তব্য কৰি ইয়াৰ বিৰুদ্ধে বলীউডৰ শিল্পীক একগোট হৈ প্ৰতিবাদ কৰিবলৈ মুকলিকৈ আহ্বান জনাইছে৷ কেৱল ইমানতে ক্ষান্ত নাথাকি কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰণালয়ে মাইক্ৰ’ব্লগিং ছাইট টুইটাৰৰ বিৰুদ্ধেও কৃষক আন্দোলন সন্দৰ্ভত যুদ্ধ ঘোষণা কৰিছে আৰু কৃষক আন্দোলনৰ সমৰ্থনত চলি থকা ‘হেছটেগ ফামাৰ্ছ প্ৰটেষ্ট’ টেগ আঁতৰাই পেলোৱাৰ নিৰ্দেশ জাৰি কৰিছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে আমেৰিকাৰ সংবাদ মাধ্যম চি এন এন-এ ভাৰতীয় কৃষক আন্দোলন সন্দৰ্ভত এটা বিস্তৃত প্ৰতিবেদন প্ৰকাশ কৰিছিল৷ ৰিহানাই নিজৰ টুইটাৰ হেণ্ডলত সেই বাতৰিটো শ্বেয়াৰ কৰি লিখিলে হোৱাই আৰ নট উই টকিং এবাউট দিছ? চি এন এনৰ বাতৰিটোৰ মূল বক্তব্য আছিল– মোদী চৰকাৰে আন্দোলনৰত কৃষকে অৱস্থান কৰি থকা সিংঘু, গাজিপুৰ, টিক্ৰি, চিল্লা সীমান্তত ইণ্টাৰনেট সংযোগ দীৰ্ঘদিন ধৰি কৰ্তন ৰখাৰ বিষয়ে৷ ৰিহানাই কৃষকৰ আন্দোলনৰ সপক্ষে স্থিতি প্ৰকট কৰিলে নে ইণ্টাৰনেট কৰ্তনৰ বিষয়ত প্ৰতিক্ৰিয়া  প্ৰকাশ কৰিলে সেই বিষয়ে কোনো পক্ষ নিশ্চিত হোৱাৰ পূৰ্বেই আন্দোলনকাৰী আৰু আন্দোলনৰ সমৰ্থকে এয়া পপ ডিভাগৰাকীৰ ভাৰতৰ কৃষক আন্দোলনলৈ সমৰ্থন বুলি ছ’চিয়েল মিডিয়াত বিস্ফোৰণ ঘটায়৷ আৰু লগে লগে আৰম্ভ হৈ যায় দেশী-বিদেশীৰ তাৰকাৰ টুইট যুদ্ধ৷