Logo
image

ঘৰলৈ অহা নাই সোণেশ্বৰ

কৃষক বিদ্ৰোহত যোগ দি দুজন জে’লত

আমাৰ অসম, ৫ ফেব্ৰুৱাৰীঃ গণৰাজ্য দিৱসৰ দিনা দিল্লীত কৃষকৰ ট্ৰেক্টৰ ৰেলীত অংশ লোৱা অসমৰ দুই কৃষকক গ্ৰেপ্তাৰ কৰাৰ পাছত অসমৰ দলটোক নেতৃত্ব দিয়া সোণেশ্বৰ নৰহকো গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ কৃষক আন্দোলনত অংশ লোৱা অপৰাধতে অসম আৰক্ষীৰ টাৰ্গেট হৈ পৰা কৃষক নেতা সোণেশ্বৰ নৰহে এতিয়া দিল্লীতে আত্মগোপন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বিমান বন্দৰত ক’ভিড প্ৰট’কল উলংঘন কৰাৰ অভিযোগত দিল্লীৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ ঘৰলৈ ঘূৰি অহা দিনেশ দাস আৰু জয়ন্ত গগৈক গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ বৰ্তমান দুয়োজন নেতা ন্যায়িক জিম্মাত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে৷ আনহাতে, জীপাল কৃষক সংঘৰ নেতা তথা প্ৰতিবাদকাৰী অসমৰ দলটোৰ মূৰব্বী সোণেশ্বৰ নৰহকো বিচাৰি আৰক্ষীয়ে গোলাঘাট-বোকাখাতৰ বাসগৃহৰ লগতে গুৱাহাটী কেইবাস্থানতো অভিযান অব্যাহত ৰাখিছে৷ ইপিনে, সোণেশ্বৰ নৰহৰ মোবাইল ফোনৰ চুইছ অফ থকাত নেটৱৰ্কৰ অৱস্থিতি ধৰা পেলাব পৰা নাই আৰক্ষীয়ে৷ সোণেশ্বৰ নৰহৰ বিৰুদ্ধে কোনো নতুন গোচৰ পঞ্জীয়ন কৰা নাই যদিও ভুৱা গোচৰত গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে পৰিকল্পনা কৰাৰ গুৰুতৰ অভিযোগ উঠিছে৷ ইপিনে, সোণেশ্বৰ নৰহে জীপাল কৃষক সংঘৰ নেতা তথা আঞ্চলিক গণ মৰ্চাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰণৱ দলেৰ বোকাখাতৰ পানবাৰীস্থিত বাসগৃহত আত্মগোপন কৰি থকাৰ সন্দেহত বুধবাৰে নিশা আৰক্ষীৰ এটা  দলে প্ৰৱেশ কৰে৷ কিন্তু আৰক্ষীৰ দলটোৱে প্ৰণৱ দলেৰ বাসগৃহত অতৰ্কিতে প্ৰৱেশ কৰি তালাচী চলাই যদিও আগমনৰ উদ্দেশ্য অৱগত নকৰাকৈয়ে কিছুসময়ৰ পাছতেই আৰক্ষীয়ে উক্ত স্থান ত্যাগ কৰে৷ নিশা প্ৰায় দহ বজাত কোনো কাৰণ নোহোৱাকৈ আৰক্ষীৰ আগমনত প্ৰণৱ দলেৰ লগতে তেওঁৰ সতীৰ্থসকল আতংকিত হৈ পৰে৷ ইপিনে, বোকাখাত সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ঘৰত আৰক্ষীৰ অভিযানত ৰাজনৈতিক ষড়যন্ত্ৰৰ গোন্ধ পাইছে জীপাল কৃষক সংঘই৷ এই ঘটনাত বোকাখাত সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰা জড়িত থকা বুলিও অভিযোগ কৰিছে৷ ঘটনাৰ সন্দৰ্ভত তদন্ত বিচাৰি মহকুমাধিপতিক স্মাৰক-পত্ৰ প্ৰদান কৰে জীপাল কৃষক সংঘই৷ তদুপৰি সংঘই বৃহস্পতিবাৰে সন্ধিয়া প্ৰতিবাদী সমদল বাহিৰ কৰে৷ ইপিনে গ্ৰেপ্তাৰ কৰা দীনেশ দাস আৰু জয়ন্ত গগৈক মুক্তি দিয়া তথা গোচৰ প্ৰত্যাহাৰৰ দাবীত ৬ ফেব্ৰুৱাৰীত চি পি আই দলে গুৱাহাটী ক্লাৱত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও জানিবলৈ দিছে সম্পাদক মুনিন মহন্তই৷