Logo
image

হাস্পতালৰ কোঠাত অখিল-লুৰীণৰ মিত্ৰতা চূড়ান্ত, ১২৬ সমষ্টিতে প্ৰাৰ্থী

  • নিৰ্বাচনত জোঁট বান্ধিব এজেপি-ৰাইজৰ দলে
  • কংগ্ৰেছৰ প্ৰস্তাৱ পুনৰ নাকচ

আমাৰ অসম, ৫ ফেব্ৰুৱাৰীঃ বুধবাৰে নিশাই সংবাদ মাধ্যমত বিয়পি পৰিছিল খবৰটো৷ খবৰটোক লৈ সৰ্বত্ৰ চৰ্চা চলিছিল, উৎকণ্ঠা বিয়পি পৰিছিল৷ সেইবাবেই বৃহস্পতিবাৰে পুৱাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদত ভিৰ কৰিছিল কৌতূহলী সাংবাদিক আৰু বহুসংখ্যক সাধাৰণ লোকে৷ বৃহস্পতিবাৰে পুৱা প্ৰায় ৯ বজাত জিএমচিএইচত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ৷ লুৰীণজ্যোতি গগৈক সংগ দিয়ে নৱগঠিত আঞ্চলিক দলটোৰ সাধাৰণ সম্পাদক, প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই৷ গাড়ীৰ পৰা নামি পোনে পোনে দুয়োজন অখিল গগৈক লগ ধৰিবলৈ গ’ল৷ অখিল গগৈক লগ ধৰি উভতি অহাৰ সময়লৈকে হাস্পতাল চৌহদত সাংবাদিকৰ উৎকণ্ঠা ক্ৰমাৎ বৃদ্ধি পালে৷ কি বা হয়! অৱশেষত সেই উৎকণ্ঠাৰ অৱসান ঘটালে লুৰীণজ্যোতি গগৈয়ে৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈক হাস্পতালৰ কোঠাত সাক্ষাৎ কৰি অহাৰ পাছত এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈৰ আনুষ্ঠানিক ঘোষণা– অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা চূড়ান্ত হৈছে৷ শীঘ্ৰেই এই বিষয়ে বিতংভাৱে ৰাইজক অৱগত কৰোৱা হ’ব৷ নৱগঠিত আঞ্চলিক দল দুটা মিত্ৰতাপাশত আবদ্ধ হোৱাটো স্বাভাৱিকতেই অসমৰ ৰাজনীতিৰ বাবে এটা গুৰুত্বপূৰ্ণ ঘটনা৷ দুয়োটা দলেই জন্ম হৈছে ‘কা’বিৰোধী আন্দোলনৰ বুকুত৷ আছু আৰু যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম জাতীয় পৰিষদ দল গঠিত হৈছে৷ আনহাতে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গঠিত হৈছে ৰাইজৰ দল৷ জন্মদাতা সংগঠনকেইটাৰ লগত আছে কেইবাটাও সৰু-বৰ সংগঠন৷ অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈৰ বৃহস্পতিবাৰৰ সাক্ষাৎপৰ্বক সংবাদ মাধ্যমৰ লগতে ৰাজনৈতিক মহলেও বিশেষ গুৰুত্বসহকাৰে লৈছে৷ দুয়োজনেই জনপ্ৰিয় যুৱনেতা৷ দুয়োজনেই সমবয়সীয়া আৰু উচ্ছশিক্ষিত৷ লুৰীণজ্যোতি গগৈ আছিল আছুৰ সাধাৰণ সম্পাদক আৰু অখিল গগৈ আছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা৷ ৰাজনৈতিক দলৰ সভাপতি হোৱাৰ সূত্ৰে এতিয়া অখিল গগৈয়ে এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টাৰ দায়িত্ব এৰিবলগীয়া হ’ল৷ ইফালে, সংসদীয় ৰাজনীতিত যোগ দিবৰ বাবেই আছুৰ পৰা ওলাই আহিছে লুৰীণজ্যোতি গগৈ৷ দুয়োজন গগৈৰ মাজত বন্ধুত্বও আছে৷ দুয়োজনৰে ঘৰ উজনি অসমত৷ দুয়োজনৰে যুৱ প্ৰজন্মৰ মাজত বিশেষ জনপ্ৰিয়তা আছে৷ ‘কা’বিৰোধী আন্দোলনত দুয়োটা সংগঠনে সন্মুখৰ পৰা নেতৃত্ব দিছিল যদিও কেতবোৰ কাৰণৰ বাবে দুয়োটা দল নিজৰ নিজৰ শিবিৰত আছে৷ কিছু বছৰ আগলৈকে আছুৰ সৈতে অখিল গগৈৰ বিশেষ আত্মীয়তা আছিল যিটো পৰৱৰ্তী সময়ত হ্ৰাস পোৱা পৰিলক্ষিত হয়৷ কটন মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হোৱাৰ সময়ত অখিল গগৈক আছুৱে সমৰ্থনো জনাইছিল৷ পৰৱৰ্তী কালত কেতবোৰ প্ৰসংগত দুয়োটা সংগঠনৰ মাজত ব্যৱধান বৃদ্ধি পাইছিল যদিও ‘কা’বিৰোধী আন্দোলনে আছু আৰু কৃষক মুক্তিৰ দূৰত্ব বহু পৰিমাণে হ্ৰাস কৰিলে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জন্মও দিছিল অখিল গগৈয়ে৷ দৈয়াং টেঙানিৰ ৰাইজৰ সংগ্ৰামৰ পৰা এতিয়ালৈকে অখিল গগৈৰ সংগ্ৰামী যাত্ৰা ঘটনাবহুল৷ ইফালে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আছুৰ সাধাৰণ সম্পাদক হৈ এজেপিৰ সভাপতিৰ দায়িত্ব লোৱালৈকে লুৰীণজ্যোতি গগৈৰ যাত্ৰাপথো বৈচিত্ৰ্যপূৰ্ণ৷ দক্ষ তাৰ্কিক আৰু সুবক্তাৰূপে আছে দুয়োজনৰে খ্যাতি৷ অখিল গগৈৰ পৰামৰ্শদাতাৰূপে আছে ড॰ হীৰেন গোহাঁইকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি৷ ড॰ গোহাঁই ৰাইজৰ দলৰ মুখ্য উপদেষ্টাও৷ আনহাতে, লুৰীণজ্যোতি গগৈৰ পৰামৰ্শদাতাৰূপে আছে বসন্ত ডেকা, কৃষ্ণগোপাল ভট্টাচাৰ্য আৰু জগদীশ ভূঞাৰ দৰে দক্ষ ৰাজনৈতিক বিশ্লেষক, সংগঠক আৰু ৰাজনৈতিক নেতা৷ এবছৰৰো অধিক কাল অখিল গগৈ কাৰাবন্দী হৈ আছে৷ অখিল গগৈৰ মুক্তিৰ দাবী যথোপযুক্তভাৱে উত্থাপন কৰা হোৱা নাই বুলি যি সময়ত আছুৰ বিৰুদ্ধে বহুজনে আঙুলি টোঁৱাইছিল, সেই সময়ত আছুৰ সাধাৰণ সম্পাদক আছিল লুৰীণজ্যোতি গগৈ৷ অৱশ্যে লুৰীণজ্যোতি গগৈ আৰু আছুৰ সভাপতি দীপাংক নাথৰ পূৰ্বেই অখিল গগৈৰ মুক্তিৰ দাবী ৰাজহুৱাভাৱে তুলিছিল আছুৰ পিতামহ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷ পৰৱৰ্তী সময়ত আছুৰ শীৰ্ষ নেতৃত্বই মুকলিভাৱে অখিল গগৈৰ মুক্তিৰ দাবী তোলে৷ ‘কা’ৰ পটভূমিত বিজেপিৰ বিকল্পৰূপে ৰাজনৈতিক দল গঠনক লৈ আলোচনা-বিলোচনা চলি থকাৰ সময়তে ৰাইজে বিচাৰিছিল ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক দল৷ অৱশ্যে বিভিন্ন কাৰণ আৰু কাৰকৰ বাবে সেয়া হৈ নুঠিলগৈ৷ জন্ম হ’ল দুটা দল৷ দুয়োটা দলতে লগ লাগিল কেইবাটাও সৰু সৰু দল৷ এইবাৰ ‘কা’বিৰোধী ৰাইজে বিচাৰিলে– দুয়োটা দল মিত্ৰতাপাশত আবদ্ধ হওক৷ এইবাৰ কিন্তু দুয়োটা দলৰ নেতৃত্বই ৰাইজক হতাশ নকৰিলে৷ লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈকে ধৰি দুয়োটা দলৰ নেতাসকলে আৰম্ভণিৰে পৰাই কৈ আহিছিল যে দুয়োটা দল ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’ব৷ বৃহস্পতিবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত অখিল গগৈক সাক্ষাৎ কৰিবৰ বাবে এজেপিৰ দুই নেতা লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাক যাৱতীয় অনুমতি আদায়ৰ ব্যৱস্থাও কৰি দিয়ে ৰাইজৰ দলৰ অধিবক্তাই৷ কিয়নো গুৰুতৰ গোচৰত বন্দী অখিল গগৈক নিৰ্দিষ্ট কতৃৰ্পক্ষৰ অনুমতি অবিহনে কোনেও সাক্ষাৎ কৰিব নোৱাৰে৷ হাস্পতালৰ কোঠাত চূড়ান্ত হ’ল এজেপি আৰু ৰাইজৰ দলৰ মিত্ৰতা৷ এয়া ৰাজনৈতিক ইতিহাসত একপ্ৰকাৰৰ বিৰল ঘটনা৷ লুৰীণজ্যোতি গগৈ এজেপিৰ মুখ্যমন্ত্ৰী পদৰ সম্ভাব্য প্ৰাৰ্থী৷ সেইদৰে অখিল গগৈ ৰাইজৰ দলৰ মুখ্যমন্ত্ৰী পদৰ সম্ভাব্য প্ৰাৰ্থী৷ বৃহস্পতিবাৰৰ দীঘলীয়া আলোচনাত এই সন্দৰ্ভত কিন্তু কোনো কথাই নোলাল৷ দুয়োটা দল আৰু দুয়োজন নেতাৰ প্ৰধান লক্ষ্য– দিছপুৰত আঞ্চলিক দলৰ জাতীয়তাবাদী চৰকাৰ গঠন কৰা৷ এই আলোচনাত এই মৰ্মেও সিদ্ধান্ত গ্ৰহণ কৰা হয় যে ৰাজ্যৰ ১২৬টা সমষ্টিতেই ঐক্যবদ্ধভাৱে দুয়োটা দলে নিৰ্বাচন খেলিব৷ নৱপ্ৰজন্মৰ দুয়োজন জনপ্ৰিয় নেতাই এইক্ষেত্ৰত সহমত পোষণ কৰে৷ এতিয়ালৈকে প্ৰায় সকলো প্ৰসংগত দুয়োজনৰ ৰসায়নো মিলিছে৷ অখিল গগৈক হাস্পতালত সাক্ষাৎ কৰি প্ৰায় দুঘণ্টা আলোচনা কৰাৰ পাছত সাংবাদিকৰ সন্মুখত এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ ঘোষণা– দুয়োটা দলৰ মিত্ৰতা চূড়ান্ত হৈছে৷ আনুষ্ঠানিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ কোনো ৰাষ্ট্ৰীয় আৰু সাম্প্ৰদায়িক দলৰ সৈতে আমি মিত্ৰতা নকৰো৷ কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰ প্ৰশ্নই নুঠে৷ কংগ্ৰেছৰ সৈতে বন্ধুত্ব, প্ৰাকনিৰ্বাচনী বা নিৰ্বাচনোত্তৰ কোনো মিত্ৰতা নহয়৷ এইবাৰ দিছপুৰত জাতীয়তাবাদী চৰকাৰ গঠন হ’বই৷ এজেপি আৰু ৰাইজৰ দলে এইবাৰ চৰকাৰ গঠন কৰাটো নিশ্চিত৷ বিজেপি আৰু বিজেপিৰ সমৰ্থক দলসমূহ অসমৰ শত্ৰু৷ সেইদৰে কংগ্ৰেছ আৰু কংগ্ৰেছৰ মিত্ৰ তথা সমৰ্থক দলসমূহেও অসমক অন্যায় কৰিছে৷ সেইবাবে ৰাষ্ট্ৰীয় আৰু সাম্প্ৰদায়িক দলক নিৰ্মূল কৰাৰ বাবে আমি ঐক্যবদ্ধ হৈছোঁ৷ অখিল গগৈক অগণতান্ত্ৰিকভাৱে বন্দী কৰি ৰাখিছে ফেচিষ্ট চৰকাৰখনে৷ অখিল গগৈক অবিলম্বে আৰু বিনাচৰ্তে মুকলি কৰি দিব লাগে৷ এয়া ৰাইজে বিচাৰে৷ আমি চৰকাৰক অখিল গগৈক মুক্তি দিবৰ বাবে দাবী জনাইছো৷ লক্ষণীয়ভাৱে এজেপি আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ কথা এজেপিৰ শীৰ্ষ নেতৃত্বই ঘোষণা কৰাৰ পাছত এজেপিৰ শিবিৰত উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে যদিও এই বাতৰি যুগুতোৱা পৰলৈকে এই সন্দৰ্ভত ৰাইজৰ দলৰ নেতৃত্বই আনুষ্ঠানিকভাৱে কোনো মন্তব্য দিয়া নাই৷