Logo
image

ৰেচন আনিবলৈ গ’লে এইবাৰৰ পৰা ম’বাইলৰ অ টি পি বাধ্যতামূলক

আমাৰ অসম, ৫ ফেব্ৰুৱাৰীঃ কৰ’নাৰ পৰৱৰ্তী সময়ত বহুকিছু সলনি হৈ গৈছে চৌদিশে৷ সলনিৰ এই পৰিভাষা ‘নিউ নৰ্মাল’৷ পুনৰ এক পৰিৱৰ্তন সংযুক্ত হ’ল৷ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে যে অন্নপূৰ্ণা আৰু অন্ত্যেদ্যয়া অন্ন যোজনাৰ জৰিয়তে ৰেচন আনিবলৈ গ’লে ম’বাইলৰ অ টি পি বাধ্যতামূলক৷ চৰকাৰৰ এই ৰেচন ব্যৱস্থাৰ দ্বাৰা দেশৰ কোটি কোটি লোক প্ৰতি মাহত উপকৃত হ’ব৷ মহামাৰীৰ কথা ভাবিয়েই বায়’মেট্ৰিকৰ সলনি ম’বাইলৰ অ টি পিৰ কথা ভাবিছে চৰকাৰে৷ কাৰণ বায়’মেট্ৰিকৰ দ্বাৰা ভাইৰাছ সংক্ৰমিত হোৱাৰ সম্ভাৱনা থাকিলেও ম’বাইল অ টি পি সম্পূৰ্ণ নিৰাপদ৷ জানিব পৰা মতে, ১ ফেব্ৰুৱাৰীৰ পৰা সমগ্ৰ দেশতে এই নিয়ম আৰম্ভ হৈছে৷ সকলোতকৈ আগতে এই নিয়ম আৰম্ভ হৈছে তেলেংগানাত৷ লাহে লাহে দেশৰ অন্য ৰাজ্যতো আৰম্ভ হ’ব৷ হায়দৰাবাদৰ মুখ্য খাদ্য আৰু অসমাৰিক যোগান বিষয়াই জনাইছে যে তেলেংগানাৰ হায়দৰাবাদ আৰু ৰাংগাৰেড্ডী জিলাত অ টি পিৰ মাধ্যমত ৰেচন বিতৰণ কৰা হৈছে৷ অ টি পি হোৱাৰ পাছতেই ৬৭০ খন সুলভ মূল্যৰ দোকানৰ পৰা ৰেচন বিতৰণ কৰা হ’ব৷  হায়দৰাবাদত ৫ লাখ ৮০ হাজাৰ  ৬৮০ জনৰ ৰেচনকাৰ্ড আছে৷ ৰাংগাৰেড্ডীত ৫ লাখ ২৪ হাজাৰ  ৬৫৬ জন ৰেচন কাৰ্ডহল্ডাৰ আছে৷ কাৰ্ড থকা সকলৰ ফোন নম্বৰ আধাৰকাৰ্ডৰ সৈতে লিংক কৰাৰ বাবেও পৰামৰ্শ দিয়া হৈছে৷ ভাৰতত ১৮ বছৰৰ ওপৰৰ যিকোনো ব্যক্তিয়ে ৰেচনকাৰ্ড বিচাৰি আবেদন কৰিব পাৰে৷ ৰেচনকাৰ্ড থকাজনে কেৱল এখন ৰাজ্যৰ পৰাহে ৰেচন সংগ্ৰহ কৰিব পাৰিব৷ ৰেচনকাৰ্ডত পৰিয়ালৰ মুৰব্বী আৰু অন্যান্যসকলৰ তথ্য উল্লেখ থাকে৷ কেনেকৈ আবেদন কৰিব– কেইটামান প্ৰচেষ্টা অৱলম্বন কৰিলেই সহজতে ৰেচনকাৰ্ড বিচাৰি আবেদন কৰা সম্ভৱ৷ প্ৰথমতে, প্ৰতিখন ৰাজ্যৰ ফুড পৰ্টে’লত অনলাইন আবেদন জমা দিব পাৰি৷ যেনে কোনো উত্তৰপ্ৰদেশৰ বাসিন্দা হ’লে তেওঁ https://fcs.up.gov.in/ FoodPortal.aspxত সবিশেষ পাব৷ দ্বিতীয়তে, নিজৰ ৰাজ্যৰ ৱেবছাইটলৈ গৈ পি ডি এফ ফৰ্ম ডাউনল’ড কৰিব পাৰিব৷ তৃতীয়তে, আধাৰকাৰ্ড, ড্ৰাইভিং লাইচেন্স কিম্বা যিকোনো সচিত্ৰ পৰিচয়-পত্ৰৰ প্ৰয়োজন হয় নথি হিচাপে দেখুওৱাৰ বাবে৷ চতুৰ্থতে, অনলাইন ফিজ ৫ টকাৰ পৰা ৪৫ টকা পৰ্যন্ত হয়৷ পঞ্চমতে, ৩০ দিনৰ ভিতৰত  সাধাৰণতে ৰেচনকাৰ্ড পোৱাৰ প্ৰক্ৰিয়াটো সম্পন্ন হয়৷ সেয়েহে দাখিল কৰা তথ্যপাতি যদি শুদ্ধ নহয় তেন্তে সেই আবেদন বাতিল হৈ যায়৷ কি কি তথ্যপাতিৰ প্ৰয়োজন– আধাৰকাৰ্ড, পানকাৰ্ড, পৰিয়ালৰ মুৰব্বীৰ পাছপ’ৰ্ট ফটো, উপাৰ্জনৰ প্ৰমাণ-পত্ৰ, গেছ সংযোগৰ বিস্তৃত তথ্য, জাতিৰ প্ৰমাণ-পত্ৰ, ৰন্ধন গেছ সংযোগৰ বিস্তৃত তথ্য, জাতিৰ প্ৰমাণ-পত্ৰ, বেংকৰ পাছবুক আৰু পঞ্জীয়নভুক্ত ম’বাইল নম্বৰ৷