Logo
image

মাৰ্চৰ পৰা অসমত আৰম্ভ হ’ব বৈদ্যুতিক ৰে’লসেৱা

আমাৰ অসম, ৫ ফেব্ৰুৱাৰীঃ চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা অসমত আৰম্ভ হ’ব বৈদ্যুতিক ৰে’লৰ চলাচল৷ ৰঙিয়া ৰে’ল বিভাগৰ কৰ্মচাৰীসকলে দিনে-ৰাতিয়ে বৈদ্যুতিকৰণৰ কাম অব্যাহত ৰাখিছে৷ শব্দ আৰু বায়ু প্ৰদুষণমুক্ত বৈদ্যুতিক  ৰে’লেৰে যাতায়াত কৰিলে পূৰ্বৰ তুলনাত কম সময়ৰ ভিতৰতে নিজৰ গন্তব্য স্থানলৈ যাব পাৰিব৷ ৰঙিয়া ৰে’ল সংমণ্ডলৰ অধীনৰ নিউ বঙাইগাঁও– চাংসাৰি, নিউ বঙাইগাঁও- যোগীঘোপা ষ্টেচনৰ ওপৰেদি পাৰ হৈ যোৱা বৈদ্যুতিক তাঁৰত উচ্ছক্ষমতাসম্পন্ন ২২ কে ভি ভল্টৰ বিদ্যুৎ সংযোগ কৰা হ’ব৷ ২৪ ঘণ্টাই সক্ৰিয় হৈ থকা এই বৈদ্যুতিক তাঁৰৰ দুই মিটাৰৰ ভিতৰত অকতৃৰ্ত্বশীলভাৱে কাম কৰা, ষ্টেচনৰ বৈদ্যুতিক সামগ্ৰী স্পৰ্শ কৰা বিষয়ত ৰে’ল বিভাগে নিষেধাজ্ঞা আৰোপ কৰিছে৷