
নদী স্থবিৰ হ’লে সভ্যতাও স্থবিৰ হ’ব
বিশ্বত সভ্যতাৰ অগ্ৰগতিৰ ক্ষেত্ৰত নদ-নদীয়ে উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে৷ নীল নদীৰ পাৰৰ সভ্যতাই হওক, ট্ৰাইগ্ৰীছ-ইউফ্ৰেটিছ নদীৰ পাৰৰ সভ্যতাই হওক বা গংগা, যমুনা, ব্ৰহ্মপুত্ৰকে ধৰি বিভিন্ন নদীৰ পাৰত গঢ় লৈ উঠা সভ্যতাই হওক– প্ৰতিটো সভ্যতাৰ লগত নদীখনৰ নামটো সংযুক্ত হৈ থাকে৷ নদীক আলম কৰিয়েই উৰ্বৰ ভূমিত কৃষিকৰ্মকে মুখ্য কৰি আৰ্থ-সামাজিক আৰু সাংস্কৃতিক জীৱনধাৰা গঢ় লৈ উঠে৷ যেতিয়ালৈকে নদীয়ে স্বাভাৱিকভাৱে নিজৰ গতিপথ অব্যাহত ৰাখে তেতিয়ালৈকে নদীয়ে নিজকো উজ্জীৱিত কৰি ৰাখে আৰু মানুহকো অপকাৰ নকৰে৷ কিন্তু প্ৰকৃতিৰ স্বাভাৱিক প্ৰক্ৰিয়া যেতিয়াই বাধাগ্ৰস্ত হয়, নদীৰ ওপৰত বিভিন্ন প্ৰকাৰে অত্যাচাৰ কৰা হয় তেতিয়াই প্ৰকৃতি আৰু নদীয়েও বিদ্ৰোহ আৰম্ভ কৰে৷ কিন্তু বৰ্ধিত জনসংখ্যাৰ লগে লগে মানুহৰ অভাৱ আৰু লোভ পূৰণৰ উদ্দেশ্যে প্ৰকৃতিক নিয়ন্ত্ৰণৰ বাবে লোৱা দুৰ্বাৰ প্ৰয়াস আৰু প্ৰচেষ্টাসমূহে জীৱ-জৈৱ জগতলৈ ভাবুকি কঢ়িয়াই অনাৰ লগতে মানৱ সভ্যতাকো সামগ্ৰিকভাৱে বিপদৰ দিশে ধাৱমান কৰিছে৷ বিশ্বৰ সৰ্বশক্তিমান ৰাষ্ট্ৰ আমেৰিকাই নদ-নদীক সৱল কৰি ৰখাৰ উদ্দেশ্যে ১৯৭০ চনৰে পৰা মথাউৰি ভঙাৰ কাম আৰম্ভ কৰে আৰু ইতিমধ্যে কেইবা শতাধিক নদী-বান্ধো ভাঙি পেলাইছে৷ যধে-মধে মথাউৰি নিৰ্মাণ কৰি অৱবাহিকা আৰু প্লাৱন ভূমিৰ সৈতে নদীক বিচ্ছিন্ন কৰা, ঔদ্যোগিক বিকাশৰ নামত নদীৰ স্বাভাৱিক গতিপথ স্তব্ধ কৰা, নদীক ভয়াৱহভাৱে প্ৰদূষিত কৰাৰ ফল ভাৰতৰ বিভিন্ন ৰাজ্যই বাৰুকৈয়ে কু-ফল ভোগ কৰিছে৷ নদীমাতৃক ৰাজ্য অসমৰ সামাজিক জীৱন, অৰ্থনৈতিক জীৱনক শক্তিশালী কৰাৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰকে ধৰি বাকী নদী, উপনৈ, বিল, জলাশয়, পুখুৰী আদিয়ে লোৱা ভূমিকা সম্পৰ্কে বিশদ ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই৷ জাতিৰ আয়ুসৰেখা স্বৰূপ ব্ৰহ্মপুত্ৰ এতিয়া বিভিন্ন প্ৰকাৰে সংকটৰ সন্মুখত৷ মহাবাহুৰ উৎসতে চীনে বৃহৎ বৃহৎ নদী-বান্ধ নিৰ্মাণ কৰি ইয়াৰ স্বাভাৱিক প্ৰক্ৰিয়া ব্যাহত কৰাৰ লগতে গোলকীয় উষ্ণতা বৃদ্ধি, বিভিন্ন প্ৰাকৃতিক কাৰণত বক্ষ শুকাই যোৱা, কম হোৱা, অবাধ বনধবংসৰ ফলত পৰ্বত-পাহাৰত হোৱা ভূমিস্খলনে গেদ নদীৰ বুকুলৈ কঢ়িয়াই নিয়া আদিৰ ফলত ব্ৰহ্মপুত্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ লক্ষণীয়ভাৱে বাকী নদী-উপনৈসমূহো একে ধৰণৰ সমস্যাৰ সন্মুখীন হোৱাৰ বাবে বাৰিষা বহু নদীয়ে তাণ্ডৱৰ সৃষ্টি কৰাৰ বিপৰীতে খৰালি কালত এই নদীৰ জলস্তৰ শুকাই গৈ জীৱ-জৈৱজগতৰ বাবে ভাবুকিৰ সৃষ্টি কৰাটো এক নিয়মত পৰিণত হৈছে৷ কল-কাৰখানাৰ আৱৰ্জনা, জাৱৰ-জোঁথৰ, প্লাষ্টিক, পেলনীয়া সামগ্ৰী নিক্ষেপৰ স্থানৰূপে নদ-নদী, জলাশয়সমূহক ব্যৱহাৰ কৰাৰ ফলত জলচৰ প্ৰাণীৰ লগতে জৈৱ-বিচিত্ৰতালৈ ভাবুকি আহিছে৷ বিশ্বৰ ১৬খন প্ৰদূষিত নদীৰ ভিতৰত অসমৰ ব্ৰহ্মপুত্ৰ আৰু ভৰলু নদীয়ে স্থান লাভ কৰিছে৷ মানৱ সভ্যতাৰ ভেটি স্থাপন কৰা এই নদী প্ৰদূষিত হোৱাৰ বাবে বিদেশী খেলুৱৈ, বিদেশী ডিপ্লমেট, মন্ত্ৰীৰ দৃষ্টি নপৰিবৰ বাবে ভৰলুক মাজে-সময়ে সেউজীয়া ঢাকনিৰে ঢাকি থোৱা হয়৷ সভ্যতা বহনকাৰীৰ ওপৰত সেউজীয়া ঢাকনি! অত্যধিক প্ৰদূষণৰ বাবে অসমৰ বহু নদীৰ মাছ আৰু জলচৰ জীৱৰ অকাল মৃত্যু ঘটা এতিয়া এক স্বাভাৱিক ঘটনা৷ নদীৰ স্বাভাৱিক প্ৰবাহ বন্ধ কৰা, বেদখলকাৰীয়ে মথাউৰিৰ কাষতে ঘৰ-দুৱাৰ নিৰ্মাণ কৰা, মাটি-বালি মাফিয়াই জধে-মধে অপৰিকল্পিতভাৱে খনন কাৰ্য চলাই নদীৰ ঘাঁই-সূঁতি নিশ্চিহ্ন কৰা কাৰ্য শদিয়াৰ পৰা ধুবুৰীলৈ নিৰ্বিবাদে চলি থাকে৷ সোৱণশিৰি নদীত নিৰ্মাণ কৰা এন এইচ পি চিৰ নদীবান্ধৰ টানেলক পাহাৰৰ মাটি খহি পুতি পেলোৱাৰ ফলত নামনিলৈ পানীৰ স্ৰোত বন্ধ হোৱাৰ বাবে এটা নিশাৰ ভিতৰতে এখন চিৰ-প্ৰবাহিত নদী শুকাই গ’ল৷ ইফালে বান্ধৰ ভিতৰ অংশত বৃদ্ধি পোৱা জলধাৰাই অঘটন ঘটোৱাৰ আশংকাৰ বাবে সমূহ ৰাইজ ভীতিগ্ৰস্ত হৈ পৰিছে৷ উল্লেখ্য ভূ-তাত্ত্বিকভাৱে এক জটিল গাঁথনি তথা কোমল শিলাস্তৰত নিৰ্মিত নদী-বান্ধটোৰ উচ্ছতা হ্ৰাস, ডিজাইন সলনি কৰাকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান কৰা হৈছিল যদিও বিশেষজ্ঞসকলৰ পৰামৰ্শ আওকাণ কৰা হ’ল৷ কংগ্ৰেছৰ আমোলত নিৰ্মিত হোৱা নদীবান্ধক ৰাজনৈতিক ইছ্যুৰূপে গ্ৰহণ কৰি বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু বহুকেইজন বিয়াগোম বিজেপি নেতাই সেই সময়ত শাসনলৈ আহিলেই বিজেপি দলে নদীবান্ধ নিৰ্মাণ বন্ধ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও বিজেপি দলৰ চৰকাৰে পূৰ্ণোদ্যমে এই বান্ধ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে জপিয়াই পৰিল৷ বিকাশৰ স্বাৰ্থত বহনক্ষম উন্নয়নৰ কথা চৰকাৰে কয় যদিও সোৱণশিৰি বান্ধ নিৰ্মাণৰ ক্ষেত্ৰত বহনক্ষম ধাৰণাক সম্পূৰ্ণৰূপে নস্যাৎ কৰাৰ বাবে নদীখনৰ অপমৃত্যুয়েই নহয় নৈ-পৰীয়া সভ্যতালৈকো আনিছে অশনি সংকেত৷ সাম্প্ৰতিক সময়ত শাসনাধিষ্ঠ চৰকাৰে নদ-নদীক বিশেষ গুৰুত্ব আৰোপ কৰি নমামি ব্ৰহ্মপুত্ৰকে ধৰি বিভিন্ন উৎসৱ উদ্যাপন কৰি আহিছে৷ নদ-নদীক পূজাৰে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰাতকৈ বিজ্ঞানসন্মতভাৱে ৰক্ষা কৰাৰ বাবেহে চৰকাৰ অধিক তৎপৰ হওক৷ অন্যথা নদী স্থবিৰ হোৱাৰ দৰে সভ্যতাও স্থবিৰ হৈ পৰিব৷