Logo
image

উন্মাদ হৈ নামি আহিল নদী দুই শতাধিক সন্ধানহীন

হিমবাহ স্খলন, উত্তৰাখণ্ডত প্ৰলয়

আমাৰ অসম, ৮ ফেব্ৰুৱাৰীঃ ২০১৩ চনৰ পাছত দেৱভূমিত পুনৰ প্ৰকৃতিয়ে ধবংসযজ্ঞৰ সৃষ্টি কৰিছে৷ এইবাৰ কেদাৰনাথ নহয়, দেৱভূমি যোশীমঠত প্ৰকৃতিৰ ধবংসযজ্ঞত ২৫০ৰো অধিক লোকৰ প্ৰাণহানিৰ আশংকাই দেখা দিছে৷ দেওবাৰে পুৱা উত্তৰাখণ্ডৰ গাড়োৱাল হিমালয়ৰ  উচ্ছস্থানত অৰ্থাৎ নন্দাদেৱী পৰ্বতৰ এটা হিমবাহ ভাগি পৰাৰ ফলত চাম’লি জিলাত আকস্মিকভাৱে হোৱা ভয়ংকৰ বানে এক বৃহৎ অঞ্চলৰ গাঁও, ঘৰ-দুৱাৰ উটুৱাই নিয়ে৷ নন্দাদেৱী পৰ্বতৰ এটা হিমবাহ দেওবাৰে পুৱাৰ ভাগতে হঠাতে ভাগি পৰি তাৰ বৃহৎ অংশ পানীৰ ৰূপ লৈ তললৈ তীব্ৰ গতিত বিম্বাশবদে নামি আহে৷ হিমবাহ ভাগি যোৱাৰ ফলত উৎপন্ন হোৱা এই পানীয়ে যোশীমঠৰ ধৌলীগংগা নদী আৰু অলকানন্দা নদী ওপচায় পেলায় আৰু নদীৰ দুয়োপাৰে থকা সকলো গাঁও নিমিষতে উটুৱাই লৈ যায়৷ এই আকস্মিক বানৰ তাণ্ডৱত অতি কমেও ২৫০ বাসিন্দাৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে৷ বিয়লি পৰ্যন্ত ১০জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ আনহাতে ১৫০-২০০জন লোক এতিয়াও নিৰুদ্দেশ হৈ থকা বুলি উত্তৰাখণ্ডৰ চৰকাৰে প্ৰকাশ কৰিছে৷ ধৌলীগংগা নদীৰ প্ৰৱল বানে এই নদীৰ দুয়োপাৰে থকা তপোবন-বিষ্ণুপুৰ জলবিদ্যুৎ প্ৰকল্প আৰু ঋষিগংগা জলবিদ্যুৎ প্ৰকল্প প্ৰায় নিঃশ্চিহ্ন কৰি ভাঙি-ছিঙি উটুৱাই লৈ গৈছে৷ সমীপৱৰ্তী এন টি পি চিৰ এটা নিৰ্মীয়মান প্ৰকল্পও এই তাণ্ডৱত চূৰমাৰ হৈছে৷ আনহাতে, ভাগিৰথী নদীৰ ওপৰত থকা টেহৰি নদীবান্ধ ভাগি পৰাৰ আশংকাই দেখা দিছে৷ প্ৰশাসনে যুদ্ধকালীন ক্ষীপ্ৰতাৰে টেহৰি নদীবান্ধ নিৰাপদে ৰখাৰ প্ৰয়াস চলাইছে৷ অস্বাভাৱিক বানে যোশীমঠ-মালাড়ি দলংখনো মুহূৰ্তৰ ভিতৰতে মষিমূৰ কৰি উটুৱাই লৈ যোৱাৰ ফলত যোশীমঠৰ সৈতে  নামনিৰ পৰা সকলো ধৰণৰ যোগাযোগ বিচ্ছিন্ন হৈ গৈছে৷ হিমবাহ ভাগি যোৱাৰ ফলত সৃষ্টি হোৱা পানী ভয়ংকৰ গতিত পাহাৰৰ ঠেক গিৰিপথেৰে নামনি অঞ্চললৈ নামি অহাৰ ফলত কেইবাখনো গাঁও আৰু সকলো ঘৰ-বাৰী উটুৱাই নিয়াৰ যি ভিডিঅ’ প্ৰকাশ পাইছে সেই দৃশ্য গাৰ নোম শিঁয়ৰি যোৱাকৈ ভয়ংকৰ৷ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটে এনে ভিডিঅ’ প্ৰচাৰ নকৰিবলৈ অনুৰোধ জনাইছে৷ কিয়নো এনেধৰণৰ দৃশ্যই অধিক আতংকৰ সৃষ্টি কৰিব পাৰে৷

প্ৰাথমিকভাৱে উদ্ধাৰ কাৰ্যত এন ডি আৰ এফৰ কেইবাটাও দলক ব্যৱহাৰ কৰিলেও দুপৰীয়াৰ পৰা সেনাবাহিনীৰ ৪টা কোম্পানীক উদ্ধাৰ কাৰ্যত নমোৱা হৈছে৷ ইয়াৰ প্ৰতিটো কোম্পানীতে আছে ১০০জনকৈ জোৱান৷ আনহাতে ডেৰাদুনৰ পৰা এটা আৰু দিল্লীৰ পৰা চাৰিটা এন ডি আৰ এফৰ দল প্ৰেৰণ কৰা হয়৷ ইয়াৰে দুটা দল গাড়ীৰে ৰাওনা হৈছে আৰু বাকী তিনিটা দলৰ হেলিকপ্টাৰেৰে প্ৰেৰণ কৰা হয়৷ অঞ্চলটোলৈ এটা স্বাস্থ্যকৰ্মীৰ দলো প্ৰেৰণ কৰা হৈছে৷ আই টি বি পিৰ জোৱানেও উদ্ধাৰ কাৰ্যত স্থানীয় প্ৰশাসনক সহায় কৰিছে৷ বিপদ গুৰুতৰ বুলি বুজি কেন্দ্ৰীয় চৰকাৰে বিয়লিলৈ উদ্ধাৰ কাৰ্যক ভাৰতীয় বায়ুসেনা বাহিনীক ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে৷ দিল্লীৰ সমীপৱৰ্তী গাজিয়াবাদৰ হিন্দন বায়ুসেনা ঘাটিৰ পৰা বৃহৎ দল হেলিকপ্টাৰেৰে ঘটনাস্থলীলৈ লৈ যোৱা হৈছে আৰু তেওঁলোকক হেলিকপ্টাৰৰ জৰিয়তে আৱদ্ধ হৈ থকা লোকক উদ্ধাৰত ব্যৱহাৰ কৰা হৈছে৷ উদ্ধাৰ কাৰ্যত এখন এ এল এইছ অৰ্থাৎ এডভান্সড্‌ লাইট হেলিকপ্টাৰ আৰু দুখন চিটা হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে৷ তদুপৰি উদ্ধাৰকাৰী দলক নিয়াৰ বাবে ব্যৱহাৰ কৰা হৈছে চি-১৩০ আৰু এ এন ৩২ পৰিবহনকাৰী বিমান৷ ভাৰতীয় নৌবাহিনীৰ ৭টা কোম্পানীক অচিৰেই উদ্ধাৰ কাৰ্যত ব্যৱহাৰ কৰিবৰ বাবে সাজু কৰি ৰখা হৈছে বুলি প্ৰশাসনে জনাইছে৷ 

উত্তৰাখণ্ড চৰকাৰে প্ৰকাশ কৰা অনুসৰি ঋষিগংগা জলবিদ্যুৎ প্ৰকল্প আৰু এন টি পি চিৰ তপোবন-বিষ্ণুপুৰ জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত ১৫০-২০০জন শ্ৰমিক এতিয়াও নিখোঁজ হৈ আছে৷ ধৌলীগংগা নদীৰ পাৰ উপচি যোৱা পানীয়ে এওঁলোকক কৰ্মৰত অৱস্থাত নিৰ্মীয়মান এটা টানেলৰ পৰা ওলাব নোৱাৰাকৈ আৱদ্ধ কৰি ৰখা বুলি জনাইছে উত্তৰাখণ্ড প্ৰশাসনে৷ উল্লেখ্য, উত্তৰাখণ্ডত এন টি পি চিৰ অধীনত তপোবন অঞ্চলত আন এটা বৃহৎ নদীবান্ধৰ কাম চলি আছিল৷ সেই নিৰ্মীয়মান নদীবান্ধৰ বৃহৎ অংশ ভাঙি উটুৱাই নিয়া বুলি অসমৰ্থিত সূত্ৰই প্ৰকাশ কৰিছে৷ কোৱা হৈছে– হিমবাহৰ ফলত নামনি অংশলৈ অস্বাভাৱিক গতিত নামি অহা পানীয়ে এই নিৰ্মীয়মান নদীবান্ধৰ জলস্তৰ অভাৱনীয়ভাৱে বৃদ্ধি কৰে আৰু সেই জলাধাৰৰ শক্তিয়ে নদীবান্ধৰ ‘ৰিজাৰ্ভৰ’ ভাঙি উটুৱাই লৈ যায়৷ নদীবান্ধৰ সেই পানীয়েও ভয়ংকৰ বানৰ সৃষ্টি কৰে৷ উত্তৰাখণ্ড চৰকাৰ আৰু প্ৰশাসনে আশংকা প্ৰকাশ কৰি কৈছে যে, নিৰ্মীয়মান টানেলত আৱদ্ধ হৈ থকা ১৫০-২০০জন শ্ৰমিক এতিয়া আৰু জীয়াই থকা নাই৷ সেই অঞ্চলটোত উদ্ধাৰকাৰ্য চলাই আছে আই টি বি পিৰ জোৱানে৷ নদীবান্ধৰ সমীপতে ৰে’লপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰো কাম চলি আছিল৷ সেই কামত নিয়োজিত কেইবাশ শ্ৰমিকৰো এই পৰ্যন্ত কোনো শুং-সূত্ৰ নাই বুলি জনাইছে প্ৰশাসনে৷ 

ঘটনাৰ খবৰ কাণত পৰাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ ঢেকীয়াজুলিত এখন চৰকাৰী জনসভাত অংশগ্ৰহণ কৰি আছিল৷ তেওঁ জনসভাৰ পৰাই টুইট কৰি জনায় যে উত্তৰাখণ্ডৰ সমস্ত ঘটনাৱলীৰ ওপৰত তেওঁ নিৰন্তৰ চকু ৰাখি আছে৷ উত্তৰাখণ্ডৰ দুৰ্গতসকলৰ কাষত সমগ্ৰ দেশ থিয় হোৱা বুলিও তেওঁ টুইট কৰে৷ ইপিনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্ধাৰ কাৰ্যৰ বাবে সেনাবাহিনী, বায়ুসেনাবাহিনী আৰু নৌবাহিনীৰ জোৱানক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত তৎপৰতা প্ৰদৰ্শন কৰিছে৷ উল্লেখযোগ্য যে পুৱাৰ পৰা দুপৰীয়ালৈ যি গতিত নন্দাদেৱী পৰ্বতৰ ওপৰৰ পৰা নামনি অংশলৈ পানী বাগৰি আহিছিল সেই গতি ক্ৰমশঃ কমি আহিছে৷ কিয়নো হিমবাহ ভাগি টুকুৰা-টুকুৰ হোৱাৰ ফলত সকলো বৰফ পানীলৈ পৰিৱৰ্তিত হৈ নামি অহাৰ ফলত পৰ্বতৰ উচ্ছ অংশত এতিয়া আৰু নতুন পানীৰ কোনো উৎস নাই৷ সেয়ে যোশীমঠৰ সমীপৱৰ্তী অঞ্চলত পানীৰ সোঁত আৰু জলস্তৰ হ্ৰাস পালেও ক্ৰমশঃ তাৰ নামনি অংশত ধবংসযজ্ঞ অব্যাহত থাকিব বুলি আশংকা কৰা হৈছে৷ ২০১৩ চনত কেদাৰনাথত সংঘটিত ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছিল কেইবাটাও ডাৱৰ বিস্ফোৰণৰ ফলত৷ সেয়ে কেইবাদিনলৈ বানপানীৰ তাণ্ডৱ অব্যাহত আছিল আৰু কেইবাহাজাৰ বাসিন্দাৰ মৃত্যু হৈছিল৷ সেয়া আছিল উত্তৰাখণ্ডৰ ইতিহাসৰ সৰ্ববৃহৎ প্ৰাকৃতিক তাণ্ডৱ৷ এইবাৰ যিহেতু গাড়োৱাল হিমালয়ত তেনেধৰণৰ কোনো বৃষ্টিপাত হোৱা নাই সেয়ে কেদাৰনাথৰ দৰে এইবাৰ অধিক বানপানীৰ আশংকা নাই৷