Logo
image

সংসদে আমুৱাইছে, টিকট লাগে পল্লৱ-তপনক

আমাৰ অসম, ৮ ফেব্ৰুৱাৰীঃ মন্ত্ৰীৰ কথাই বেলেগ৷ আগে-পিছে নিৰাপত্তাৰক্ষী৷ দিনে-নিশাই সভা সমিতি৷ বাতৰি কাকত আৰু টেলিভিশ্বনতো সঘনে বাতৰি প্ৰকাশিত হয় সেইবোৰৰ৷ মানুহৰ আব্দাৰ আছেই৷ পুৱাৰ পৰা দোভাগ নিশালৈ মানুহে লগ পাব খোজে৷ কাৰ যে কিমান সমস্যা! সেইবোৰ সমাধান কৰিও ভাল লাগে৷ আক্ষৰিক অৰ্থতে মন্ত্ৰিত্ব এটা থ্ৰিলিং জব৷ ইয়াৰ বিপৰীতে সাংসদ হোৱাতো তুলনামূলকভাৱে কিছু আমনিদায়ক৷ সংসদৰ অধিৱেশনতো ইচ্ছামতে কথা ক’ব নোৱাৰি৷ বিদ্বৎ মহল আৰু সচেতন লোকসকলৰ বাহিৰে সাধাৰণ লোকে সাধাৰণতে সাংসদসকলক বিশেষ গুৰুত্ব নিদিয়ে৷ সেই বাবে সভা-সমিতিও কম, দৰ্শনাৰ্থীও কম৷ সেইবাবেই হয়তো সাংসদ হৈ থাকিব খোজা নাই অসমৰ দুজন যুৱ-বিজেপি নেতাই৷ এজন পল্লৱলোচন দাস, আনজন তপন কুমাৰ গগৈ৷ তপন গগৈ আছিল আছুৰ সাধাৰণ সম্পাদক৷ পল্লৱলোচন আট্‌ছাৰ সাধাৰণ সম্পাদক৷ তেতিয়াৰ পৰাই তেওঁলোকৰ অভ্যাস– নিতৌ বহু মানুহৰ লগত কথা পতা৷ দুয়োজনে ইতিপূৰ্বে মন্ত্ৰিত্বৰ সোৱাদো পাইছে৷ কিন্তু ঘটনাচক্ৰত দুয়ো এতিয়া সাংসদ৷ সাংসদৰ বৈচিত্ৰহীন জীৱনে তেওঁলোকক বাৰুকৈয়ে আমুৱাইছে৷ সেই বাবেই ২০২১ৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মন মেলিছে দুয়োজনে৷ ইতিমধ্যে দুয়োজন নেতাই ২০২১ত দলীয় প্ৰাৰ্থিত্ব লাভৰ বাবে ব্যাপক কুচকাৱাজ আৰম্ভ কৰিছে৷ আনুষ্ঠানিকভাৱে পুনৰ এম এল এ হোৱাৰ বাবে থকা ইচ্ছাৰ কথা মুখ খুলি ক’ব নোৱাৰিলে আনুষ্ঠানিকভাৱে এই দুই নেতাই ‘গড ফাডাৰ’ সদৃশ মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাসক বাৰম্বাৰ খাটনি কৰি আহিছে যে তেওঁলোকক যেন যেনেতেনে এইবাৰ দিছপুৰলৈ এম এল এ কৰি লৈ আহে৷ উল্লেখ্য যে ২০১৯ চনৰ লোকসভাৰ নিৰ্বাচনত বিশেষ পৰিস্থিতিত ক্ৰমে তেজপুৰ আৰু যোৰহাট সমষ্টিৰ পৰা লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল পল্লৱলোচন দাস আৰু তপন গগৈ৷ যোৱা লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত এই দুয়োগৰাকী সাংসদ সোণোৱাল মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ কৰি আছিল৷ পল্লৱ লোচন দাসে চাহ জনজাতি কল্যান বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে আৰু তপন গগৈয়ে শক্তি বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী আৰু গড়কাপ্তানী বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল৷ উপযুক্ত প্ৰাৰ্থীৰ অভাৱত যেতিয়া ২০১৯ ৰ লোকসভাৰ নিৰ্বাচনত এই দুয়ো নেতাই ক্ৰমে ৰঙাপৰা আৰু সোণাৰি সমষ্টিৰ বিধায়কৰ পদ এৰি দিল্লীৰ মচনদত পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজয় ধবজা উৰুৱাৰ বাবে দলীয় নিৰ্দেশত লোকসভাৰ প্ৰাৰ্থী হ’বলগীয়া হৈছিল৷ যোৱা লোকসভাৰ নিৰ্বাচনৰ সময়ত হঠাৎ দলে তেওঁলোকৰ নাম তেজপুৰ আৰু যোৰহাটৰ প্ৰাৰ্থী ঘোষণা কৰাত দুয়োজন নেতাই মনে মনে শোকত ভাগি পৰিছিল৷ যিহেতু বিজেপি দলৰ নীতি অনুসৰি ‘দল আগত, ব্যক্তি শেষত’ গতিকে অনিচ্ছা সত্বেও দুয়োগৰাকী নেতাই একান্তবাধ্য ছাত্ৰৰ দৰে সাংসদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হৈছিল৷ দলীয় তৎপৰতা আৰু টীমৱৰ্কত বিনা কষ্টেৰেই দুয়ো সাংসদ হিচাপে জয়ী হৈ ওলাই গৈছিল৷ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতো তেওঁলোকে মন্ত্ৰী হিচাপে পাই থকা সা-সুবিধা এৰিব বিচৰা নাছিল৷ অৱশেষত বহু সমালোচনাৰ অন্তত এৰো নেৰোকৈ তেওঁলোকে বিধায়কৰ পদৰ পৰা পদত্যাগ কৰিছিল৷ কিন্তু প্ৰায় দুবছৰ দিল্লীত সাংসদ হৈ থকাৰ পাছত দুয়োজন নেতাৰ দিল্লীয়ে এইবাৰ বাৰুকৈয়ে আমুৱাইছে৷ সাংসদ হোৱাৰ পাছত ৰাজ্য চৰকাৰৰ লোভনীয় মন্ত্ৰী হিচাপে পায় থকা মান সন্মান, মৰ্যদা, প্ৰভাৱ হেৰুৱাবলগীয়া হ’ল পল্লৱ লোচন দাস আৰু তপন গগৈয়ে৷ যিমানেই ২০২১ৰ বিধানসভাৰ দিন চমু চাপি আহি সিমানেই পুৰণি মন্ত্ৰিত্বৰ সোৱাদ সুঁৱৰি এই দুয়োনেতা আকুল বিকুল হৈ পৰিছে৷ সেয়েহে বিজেপিৰ শীৰ্ষ নেতাৰ হাতে ভৰিয়ে ধৰিছে যেন এইবাৰ তেওঁলোকে পুনৰ ক্ৰমে ৰঙাপাৰা আৰু সোণাৰি সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰে৷ অৱশ্যে এই দুয়ো সাংসদৰ কাতৰ প্ৰাৰ্থনাক বিজেপিৰ নেতৃত্বই কিমান গুৰুত্ব দিয়ে সেয়া সময়েহে ক’ব৷ প্ৰদেশ বিজেপিৰ অভ্যন্তৰত নিগৰি ওলোৱা খবৰ অনুসৰি সাংসদ হোৱাৰ পাছৰে পৰাই এই দুয়ো নেতাই ৰাজনীতিত থকাৰো সোৱাদ হেৰুৱাই পেলাইছে৷ মনপুতি দলীয় কাম-কাজ কৰিব নোৱৰা হৈছে৷ শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিৱসাগৰৰ জনসভা, দায়িত্বত থকা সাংসদ তপন গগৈ অমনোযোগিতাৰ বাবেই বিফল হোৱা বুলি গুৰুতৰ অভিযোগ উঠিছে৷ যাৰ বাবে ৰাজ্যৰ বিত্তমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক খোদ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে নতুন দিল্লীলৈ জৰুৰীভাৱে তলব কৰি নিবলগীয়া হৈছিল৷