Logo
image

ভাৰতৰ টুইটাৰ-প্ৰধান মহিমাৰ ইস্তফা

আমাৰ অসম, ৮ ফেব্ৰুৱাৰীঃ কৃষক আন্দোলন সন্দৰ্ভত চৰকাৰ আৰু আন্দোলনৰ সমৰ্থনকাৰীৰ টুইটাৰত চলি থকা বাকযুদ্ধৰ মাজতে মাইক্ৰ’ব্লগিং ছাইটটোৰ ভাৰতৰ মুৰব্বী মহিমা কলে পদত্যাগ কৰাৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ টুইটাৰৰ ভাৰতীয় শাখাৰ নীতি-নিৰ্ধাৰক কমিটীৰ মুৰব্বী মহিমা কলে ব্যক্তিগত কাৰণ দেখুৱাই তেওঁৰ দায়িত্বৰ পৰা পদত্যাগ কৰা বুলি প্ৰকাশ কৰিলেও মোদী চৰকাৰৰ হেঁচাৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি গভীৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে৷ বিগত ছবছৰ ধৰি মহিমা কল আছিল টুইটাৰৰ ভাৰতীয় শাখাৰ মুৰব্বী৷ তেওঁ ঘাইকৈ মাইক্ৰ’ব্লগিং ছাইটটোৰ নীতি-নিৰ্ধাৰণৰ সিদ্ধান্তসমূহ গ্ৰহণ কৰিছিল৷ তেওঁ এই পদৰ পৰা স্বেচ্ছাই আঁতৰি যোৱা বুলি শনিবাৰে টুইটাৰ কতৃৰ্পক্ষই প্ৰকাশ কৰাত মহিমাৰ বিদায়ৰ আঁৰৰ কাৰণক লৈ দেশত তুমুল চৰ্চা হৈছে৷ টুইটাৰৰ এজন শীৰ্ষ বিষয়াই প্ৰকাশ কৰা মতে, ব্যক্তিগত কাৰণ দেখুৱাই জ্যেষ্ঠ বিষয়া মহিমাই পদত্যাগ কৰিছে৷ কিন্তু মোদী চৰকাৰৰ সৈতে টুইটাৰ কতৃৰ্পক্ষৰ কৃষক আন্দোলন সন্দৰ্ভত হোৱা সংঘাতৰ মাজতে এই খবৰ প্ৰকাশ পোৱাত বিষয়টোৱে গুৰুত্ব লাভ কৰিছে৷ একাংশ সংবাদ মাধ্যমত মোদী চৰকাৰৰ হেঁচাৰ বাবেই মহিমা কলে পদত্যাগ কৰিবলগীয়া হোৱা বুলি চৰ্চা হ’লেও টুইটাৰ কতৃৰ্পক্ষই এই সন্দৰ্ভত মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে৷ 

‘মোদীপ্লেনিংফাৰ্মাৰজেন’ছাইড’ অৰ্থাৎ ‘কৃষকসকলক গণহত্যাৰ পৰিকল্পনা কৰিছে মোদীয়ে’ বুলি এটা হেছটেগ তৈয়াৰ কৰি কৃষক আন্দোলনৰ একাংশ সমৰ্থকে আন্দোলনটোৰ সপক্ষে বিভিন্ন ধৰণৰ টুইট কৰিছিল৷ ছ’চিয়েল মিডিয়াৰ ভাষাত এনেধৰণৰ হেছটেগক ‘টুলকিট’ বুলি ব্যাখ্যা কৰা হয়৷ সেই টুলকিট কৃষক আন্দোলনৰ সমৰ্থনকাৰী খ্যাত-অখ্যাত অলেখ ব্যক্তিয়ে ব্যৱহাৰ কৰিছিল৷ আনকি বিশ্ববিশ্ৰুত কিশোৰী পৰিৱেশকৰ্মী গ্ৰেটা থুনবাৰ্গেও এই টুলকিট ব্যৱহাৰ কৰিছিল৷ কৃষক আন্দোলনকাৰীয়ে আৰু সমৰ্থকে স্বয়ং প্ৰধানমন্ত্ৰী মোদীক কৃষকক  গণহত্যাৰ পৰিকল্পনা কৰা বুলি চলোৱা প্ৰচাৰত স্বাভাৱিকতে খৰ্গহস্ত হৈ পৰিছিল বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখন৷ সাধাৰণ সৰু সমালোচনা এটাও গ্ৰহণ কৰিব নোৱাৰা চৰকাৰখনৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ হোৱা এই টুলকিট অতি অস্বস্তিকৰ আছিল৷ কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়ে টুইটাৰ কতৃৰ্পক্ষক এই টুলকিট প্ৰত্যাহাৰ কৰিবলৈ আৰু এই টুলকিট ব্যৱহাৰ কৰি কৰা টুইটসমূহ মচি পেলাবলৈ নিৰ্দেশ দিছিল৷ কিন্তু টুইটাৰ কতৃৰ্পক্ষই বাক স্বাধীনতাৰ সপক্ষে থকা তেওঁলোকৰ প্ৰতিষ্ঠানৰ বিধিৰ কথা কৈ টুইটসমূহ আঁতৰাই পেলাবলৈ অস্বীকাৰ কৰিছিল৷ অৱশ্যে প্ৰথমে টুইটাৰ কতৃৰ্পক্ষই তেনে ২৫০-৩০০ মান টুইট আঁতৰাই পেলাইছিল যদিও পাছত পুনৰ সেই টুইটসমূহ ৰাখি দিয়ে৷ ইয়াতে অধিক খৰ্গহস্ত হৈ পৰে নৰেন্দ্ৰ মোদী চৰকাৰ৷ টুইটাৰ কতৃৰ্পক্ষৰ বিৰুদ্ধে মোদী চৰকাৰে ২১ পৃষ্ঠাৰ জাননী প্ৰেৰণ কৰি তেনেধৰণৰ টুইট নাৰাখিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰাৰ পাছত ভাৰতীয় শাখাৰ মুৰব্বী মহিমা কলৰ পদত্যাগ সেয়ে অতি তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে৷ প্ৰসগতঃ উল্লেখযোগ্য, মোদী চৰকাৰৰ স্বঘোষিত সমৰ্থক বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে কৃষক আন্দোলনৰ প্ৰৱল বিৰোধিতা কৰি আন্দোলনকাৰীক সন্ত্ৰাসবাদী আখ্যা দি টুইট কৰিছিল৷ ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ বিৰুদ্ধেও তেওঁ অশ্লীল বাক্যবান লিখিছিল টুইটাৰত৷ এনে দুটা আপত্তিজনক টুইট টুইটাৰ কতৃৰ্পক্ষই মচি পেলায়৷ লগে লগে টুইটাৰৰ বিৰুদ্ধে ভয়ংকৰ পদক্ষেপ ল’ব বুলি দাবী কৰিছিল মোদী চৰকাৰৰ ঘনিষ্ঠ অভিনেত্ৰীগৰাকীয়ে৷ কংগনাই টুইটাৰক চীনৰ হাতৰ পুতলা বুলি মন্তব্য কৰি কৈছিল যে- যিদৰে ভাৰতৰ পৰা চীনৰ টিকটক ভিডিঅ’ ছাইটক খেদা হ’ল সেইদৰে তেওঁ টুইটাৰকো ভাৰতৰ পৰা খেদাৰ ব্যৱস্থা কৰিব৷ ইয়াৰ পাছতে মহিমা কলৰ পদত্যাগৰ ঘটনাক লৈ দেশত জল্পনা-কল্পনাৰ সৃষ্টি হোৱাতো স্বাভাৱিক৷