Logo
image

পৰ্ণগ্ৰাফীত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ মুম্বাইৰ অভিনেত্ৰী গহনা বশিষ্ঠ

আমাৰ অসম, ৮ ফেব্ৰুৱাৰীঃ পৰ্ণগাফী ব্যৱসায় চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে মুম্বাইৰ অভিনেত্ৰী গহনা বশিষ্ঠ৷ প্ৰতিভা সম্পন্ন মডেল তথা অভিনেত্ৰী গহনাই অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰি নিজৰ ৱেবছাইটৰ জৰিয়তে প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল৷ দেওবাৰে মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰান্সৰ এটা দলে গ্ৰেপ্তাৰ কৰে অভিনেত্ৰী গহনাক৷ ৱেব চিৰিজ ‘গন্দি বাত’ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল গহনা বশিষ্ঠ৷ ৩২ বছৰীয়া অভিনেত্ৰী গহনাই ৮০টাৰো অধিক বিজ্ঞাপনত কাম কৰিছে৷ টেলিভিছন জগতলৈ অহাৰ পূৰ্বে গহনাই মিছ এছিয়া বিকিনি এৱাৰ্ড লাভ কৰিছিল৷ আৰক্ষীৰ সূত্ৰমতে মুম্বাইত দীৰ্ঘদিন ধৰি চলি আছে পৰ্ণগ্ৰাফীৰ অবৈধ ব্যৱসায়৷ গহনাই যিটো ৱেবছাইটত ছবি আপলোড কৰে সেইটো অশ্লীল ছবি ভিডিঅ’ৰে ভৰপুৰ৷ অভিযোগ মতে অভিনেত্ৰী গহনাই ৮৭টা পৰ্ণগ্ৰাফীক ভিডিঅ’ আপলোড কৰিছে৷ দুহাজাৰ টকা দি উক্ত ৱেবচাইটো চাবক্ৰাইব কৰিব লাগে৷ চিনেমা-বিজ্ঞাপনত অভিনয়ৰ সুযোগ দিয়াৰ প্ৰলোভন দি পৰ্ণ ছবিত অভিনয় কৰাবলৈ বাধ্য কৰোৱা বুলি অভিযোগ উত্থাপিত হৈছে গহনাৰ বিৰুদ্ধে৷ কেইবাটাও অভিযোগ লাভ কৰাৰ পাছত গহনাৰ সংস্থাৰ বিৰুদ্ধে তদন্তত নামি পৰিছিল মুম্বাই আৰক্ষী৷ পূৰ্বে পূৰ্ণগ্ৰাফী ব্যৱসায়ৰ সৈতে জড়িত ৫ জন ব্যক্তি গ্ৰেপ্তাৰ কৰা হৈছিল৷ উক্ত ব্যক্তিকেইজনৰ স্বীকাৰোক্তিত অভিনেত্ৰী গহনা বশিষ্ঠৰ নাম সাঙোৰ খায়৷