Logo
image

অৰ্ণৱক ফোন দি কাৰাধ্যক্ষ নিলম্বিত

তদন্তৰ প্ৰতিবেদনত স্পষ্ট কাৰাগাৰ বিষয়াৰ অনৈতিক কাৰ্য

আমাৰ অসম, ৯ ফেব্ৰুৱাৰীঃ ৰাজ্যিক কাৰাগাৰ কতৃৰ্পক্ষই শনিবাৰে আলিবাগ জিলা কাৰাগাৰৰ কাৰাধ্যক্ষ অম্বদাস পাটিলক চাকৰিৰ পৰা নিলম্বিত কৰিছে৷ এই বিষয়াজনৰ বিৰুদ্ধে ইতিমধ্যে বিভাগীয়ভাৱে তদন্ত চলি আছিল৷ উল্লেখ্য, ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে কাৰাগাৰত থকা সময়ত বিগত বৰ্ষৰ ৫ নৱেম্বৰৰ নিশা কাৰাধ্যক্ষ পাটিলৰ ফোনটো ব্যৱহাৰ কৰিছিল৷ ইয়াৰ পাছতে কাৰাগাৰ কতৃৰ্পক্ষই বিষয়টো সন্দৰ্ভত তদন্ত চলাইছিল৷ জিলা কাৰাগাৰৰ অতিৰিক্ত সঞ্চালক প্ৰধান সুনীল ৰমানন্দই জনোৱা মতে– অৰ্ণৱ গোস্বামীক কাৰাধ্যক্ষজনে তেওঁৰ ফোনটো ব্যৱহাৰ কৰিবলৈ দিছিল৷ সেই সময়ত গোস্বামী আলিবাগ চিভিক স্কুলত স্থাপন কৰা কোৱাৰেণ্টীন চেণ্টাৰত আছিল৷ তেওঁ জনোৱা মতে– বিষয়াজনে দিয়া ফোনটোৰ জৰিয়তে গোস্বামীয়ে বাহিৰৰ লোকৰ সৈতে যোগাযোগ কৰিছিল যিবোৰ তথ্য কললিষ্টত পোৱা গৈছিল৷ তেওঁ ইয়াকো জনাইছে যে কাৰাগাৰৰ অধীনত থকা সময়ত কোনো লোকে পৰিয়াল বা সম্পৰ্কীয় লোকৰ সৈতে জৰুৰীকালীন বাদে যোগাযোগ কৰিব নোৱাৰিব৷ কিছুদিন আগতে দাখিল কৰা তদন্তৰ প্ৰতিবেদনত পাটিলে গোস্বামীক ব্যৱহাৰ কৰিবলৈ ফোন দিয়া কথাটো স্পষ্ট হৈছে আৰু এই প্ৰতিবেদনৰ পাছত মহাৰাষ্ট্ৰ চিভিল ছাৰ্ভিচ ৰুলৰ অধীনত পাটিলক নিলম্বিত কৰা হৈছে বুলিও অতিৰিক্ত সঞ্চালকপ্ৰধান ৰমানন্দই জনাইছে৷