Logo
image

এটিএম ব্যৱহাৰৰ ক্ষেত্ৰত বলৱৎ নতুন নিয়ম

পুনৰ গ্ৰাহকক মাধমাৰ এছ বি আইৰ

আমাৰ অসম, ৯ ফেব্ৰুৱাৰীঃ এইবাৰ এটিএম ব্যৱহাৰৰ ক্ষেত্ৰত নতুন নিয়ম বলৱৎ কৰি পুনৰ গ্ৰাহকৰ মূৰত ৰামটাঙোন সোধালে ভাৰতীয় ষ্টেট বেংকে [এছ বি আই]৷ কিয়নো বিশেষকৈ এটিএম ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত শেহতীয়াকৈ এছ বি আয়ে আৰোপ কৰিছে কেতবোৰ অদ্ভুত নিয়ম৷ ভাৰতৰ ৰাজহুৱা খণ্ডৰ বৃহত্তম বেংক এছ বি আয়ে এটিএমৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত প্ৰযোজ্য কৰা নতুন নীতি-নিয়ম যদি গ্ৰাহকে জানি নলয় তেন্তে ভৰিবলগীয়া হ’ব পাৰে সাঁচতীয়া ধন৷ এছ বি আইৰ নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা যদি একাউণ্ট নথকা ধনতকৈ গ্ৰাহকে অতিৰিক্ত ধন উলিয়াবলৈ চেষ্টা কৰে তেন্তে  প্ৰতিবাৰৰ বাবদ গ্ৰাহকে ভৰিব লাগিব ২০ টকাকৈ৷ অৰ্থাৎ যদি গ্ৰাহকৰ একাউণ্টত পৰ্যাপ্ত ধন নাথাকে আৰু গ্ৰাহকে পইচা উলিয়াবলৈ চেষ্টা কৰে তেন্তে বেংকে গ্ৰাহকজনৰ একাউণ্টৰ পৰা কাটি ল’ব ২০ টকা আৰু প্ৰযোজ্য হ’ব জি এছ টি৷ ইয়াৰ উপৰি এজন এছ বি আইৰ গ্ৰাহকে মাহত ৮টা বিনামূলীয়া লেনদেনৰ সুবিধা পায়৷ ইয়াৰ ভিতৰত ৫টা নিজৰ বেংক আৰু ৩টা অন্য বেংকত৷ যদিহে মাহটোত ৮ বাৰতকৈ অধিক লেনদেন কৰে, তেন্তে অতিৰিক্ত প্ৰতিটো লেনদেনৰ বাবদ ভৰিব লাগিব ১০ টকাকৈ৷ কিন্তু এতিয়াৰে পৰা  পূৰ্বৰ ১০ টকাৰ পৰিৱৰ্তে ভৰিব লাগিব ২০ টকাকৈ জৰিমনা৷ তলাবন্ধৰ বাবে পূৰ্বৰে পৰা আৰ্থিক সমস্যাৰ সন্মুখীন হোৱা সাধাৰণ গ্ৰাহকৰ বাবে এনে নতুন নিয়মে সমস্যাহে বৃদ্ধি কৰিব বুলি সচেতনমহলে আশংকা কৰিছে৷