Logo
image

আদালতত ভাবলেশহীন বন্দনা, অধিবক্তাৰ পৰামৰ্শ মানি চুপ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ১৫ নবেম্বৰঃ শিহৰণকাৰী ‘দ্বৈত হত্যাকাণ্ডৰ’ গোচৰৰ মূল অভিযুক্ত বন্দনা কলিতাই আজি কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ হয়৷ আদালতে দিয়া চৰ্ত মৰ্মে কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালত আৰু নুনমাটি থানাত হাজিৰ হয় বন্দনা কলিতাই৷ পিতৃৰ সৈতে আহি আদালতত উপস্থিত হয় বন্দনা কলিতাই৷  আদালতত উপস্থিত থকাৰ সময়ত ভাৱলেশহীন হৈ আছিল বন্দনা কলিতাই৷ আনকি অধিবক্তাৰ পৰামৰ্শ মানি বন্দনা কলিতাই সংবাদ মাধ্যমৰ আগত চুপ হৈ থাকে৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বন্দনা কলিতাই টু এটা শব্দও উচ্চাৰণ নকৰিলে৷ উল্লেখ্য যে সপ্তাহত দুদিনকৈ আৰক্ষী থানাত হাজিৰ হোৱাৰো নিৰ্দেশ দিছিল আদালতে৷ সেই অনুসৰি আজি পুৱাই নুনমাটি থানাত উপস্থিত হৈ হাজিৰা দিয়ে আদালতত৷ চকুত চানগ্লাছ, মুখত মাস্ক পৰিধান কৰি আদালতত উপস্থিত হয় বন্দনাই৷ কিন্তু দুটা হত্যাকাণ্ডৰ অভিযুক্ত বন্দনাৰ মুখত নাই কোনো অনুসূচনাৰ ভাৱ৷ উল্লেখ্য যে, গুৱাহাটীৰ শিহৰণকাৰী ‘দ্বৈত হত্যাকাণ্ডৰ’ গোচৰৰ মূল অভিযুক্ত বন্দনা কলিতাই আৰক্ষীৰ ব্যৰ্থতাৰ বাবে জামিনত মুক্তি লাভ কৰা ঘটনা ৰাইজৰ মাজত সৰব চৰ্চাৰ বিষয় হৈ পৰিছে৷ শাহুৱেক শংকৰী দে’ আৰু গিৰিয়েক অমৰজ্যোতি দে’ক হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি মেঘালয়ত পেলাই দিয়া বন্দনা কলিতা আৰু তেওঁৰ অপৰাধৰ দুই সংগীয়ে জামিন পোৱাৰ পিচত স্বাভাৱিকতে সমালোচিত হৈছে আৰক্ষী৷ একে সময়তে বন্দনা কলিতাৰ মুক্তিয়ে শংকিত কৰিছে অমৰ জ্যোতিৰ আত্মীয়৷ শাহুৱেক আৰু স্বামীক হত্যা কৰি নিখোজ হোৱা বুলি নিজে আৰক্ষীৰ কাষ চপা বন্দনা কলিতাৰ মুক্তিৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অমৰজ্যোতিৰ আত্মীয়ই৷ অমৰজ্যোতি দেৰ সম্পৰ্কীয় ভাতৃ এগৰাকীয়ে আজি সাংবাদিকৰ আগত কয় যে ইমান ডাঙৰ অপৰাধ কৰা অভিযুক্তই জামিনত মুক্তি লাভ কৰাটো আ(ৰ্যৰ বিষয়৷ বন্দনা কলিতাই মুক্তি পোৱাৰ পিচত তেওঁলোক আতংকত ভুগিছে৷ জামিনত মুক্তি পোৱা অপৰাধীকেইজনে তেওঁলোকৰ কিবা অপকাৰ কৰিব পাৰে বুলি আশংকা ব্যক্ত কৰিছে৷ ইফালে বন্দনা কলিতা আৰু তেওঁৰ দুই সহযোগীৰ জামিন মঞ্জুৰ হোৱা বিষয়টোৰ বাবে আৰক্ষীৰ দুৰ্বল তদন্তক জগৰীয়া কৰিছে জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাই৷ অধিবক্তাগৰাকীয়ে এই সন্দৰ্ভত আজি সাংবাদিকক কয় যে ‘ডাবল মাৰ্ডাৰ’ গোচৰৰ এজন অভিযুক্ত অৰূপ ডেকাই যোৱা ১১ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল৷ তদন্তকাৰী আৰক্ষীয়ে নিৰ্ধাৰিত সময়ত এই গোচৰত আংশিক অভিযোগনামা আদালতত দাখিল কৰা বাবে অভিযুক্তই জামিন লাভ কৰাৰ পথ মুকলি হৈছে বুলি মত পোষণ কৰি অধিবক্তা বৰাই উল্লেখ কৰে যে দৰাচলতে আৰক্ষীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত পূৰ্ণাংগ অভিযোগনামা দাখিল কৰিব লাগে৷ ইয়াৰ পিচত গোচৰৰ তদস্তুত নতুন তথ্য পালে পৰিপুৰক অভিযোগনামা দাখিল কৰিব পাৰে৷ কিন্তু তদন্তকাৰী আৰক্ষীয়ে এই প্ৰক্ৰিয়া অনুসৰণ নকৰা বাবে বন্দনা কলিতা আৰু আন দুজন অভিযুক্তই জামিনত মুক্তি লাভ কৰাৰ পথ মুকলি হৈছে বুলি তেওঁ মত পোষণ কৰিছে৷