Logo
image

বিশ্বকাপত পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ কৰুণ মৃত্যু

ডিজিটেল ডেস্কঃ বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত এজন যুৱকৰ কৰুণ মৃত্যু ঘটিছে। এই ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ বিৰুবাৰীত। দেওবাৰে বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত  ভাৰত পৰাস্ত হোৱাৰ পিছতে অত্যন্ত শোকাহত হৈ পৰিছিল ২১ বছৰীয়া মৃণাল মজুমদাৰ। পৰিয়ালৰ লোকে জনোৱা মতে, নিশা কান্দি কান্দি ভাত-পানী নোখোৱাকৈয়ে শুই পৰিছিল যুৱকজন। নিশা কেইবাবাৰো বিচনাৰ পৰা উঠি আহিছিল মৃণাল। তাৰ পিছত পৰিয়ালৰ লোকে কোঠাত মৃণালক চাবলৈ যোৱাত অচেতন হৈ আছিল যুৱকজন। অচেতন অৱস্থাত থকা মৃণালক পৰিয়ালৰ লোকে লগে লগে হায়াত হাস্পতালত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।বৰ্তমান যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। 

মৃত মৃণাল মজুমদাৰ বিৰুবাৰীৰ আইটিআইৰ ছাত্ৰ আছিল। পৰিয়ালৰ লোকে জনোৱা মতে, কোনোধৰণৰ ৰোগত আক্ৰান্ত নাছিল মৃণাল। ক্ৰিকেটৰ শোকতে যুৱকজনে প্ৰাণ হেৰুওৱা বুলি দাবী কৰিছে পৰিয়ালৰ লোকে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে স্পষ্ট হ’ব যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ।